২:১৫১-আল-হিকমাহ মানে ‘মুহাম্মাদৰ চুন্না’ নেকি?
আল-হিকমাহ মানে ‘মুহাম্মাদৰ চুন্না’ নেকি? ।।। টোকাঃ এই দীঘলীয়া জ্ঞানৰ প্ৰৱন্ধটো কোনো কোৰআনৰ বাহিৰত থকা লোকৰ পঢ়াৰ ধৈৰ্য নাই। গতিকে সুবিধাৰ বাবে টিক(✔️) দিয়া বাক্যবোৰেই চাব।) ।।। যিহেতু কোৰআনত ‘মুহাম্মাদৰ চুন্না’ শব্দটোৰ কোনো উল্লেখ নাই, গতিকে হাদীছ আৰু চুন্নাহৰ অনুগামীসকলে হাদীছৰ কোৰআনৰ উল্লেখ সৃষ্টি কৰিবলৈ কিছুমান কোৰআনৰ শব্দৰ অৰ্থত হেৰফেৰ(manipulate) প্ৰয়োজনীয় বুলি বিবেচনা কৰে। তেওঁলোকে নিজৰ দাবীৰ ভিত্তি হিচাপে লোৱা ছুন্নাহ শব্দটো হৈছে "আল-হিকমাহ" যিটো বহুতো আয়াতত পোৱা যায়, যেনে: ২:১৫১ كَمَا أَرْسَلْنَا فِيكُمْ رَسُولًا مِنْكُمْ يَتْلُو عَلَيْكُمْ آيَاتِنَا وَيُزَكِّيكُمْ وَيُعَلِّمُكُمُ الْكِتَابَ وَالْحِكْمَةَ وَيُعَلِّمُكُمْ مَا لَمْ تَكُونُوا تَعْلَمُونَ যেনেকৈ আমি তোমালোকৰ মাজৰ পৰা তোমালোকৰ ওচৰতেই এজন ৰাছুল প্ৰেৰণ কৰিছো, যিজনে তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে, আৰু তোমালোকক পৰিশুদ্ধ কৰে আৰু তোমালকক ✔️কিতাব ও হিকমতৰ শিক্ষা দিয়ে, এনে শিক্ষা দিয়ে যিটো তোমালোকে জনা নাছিলা। ✔️(এইটো সাধাৰণ কোৰআন অনুবাদ। "ও" বা "আৰু" লিখিলে দুটা বুজাব। হ'ব ...