Posts

Showing posts with the label Raf-article-ref

Quran tafseer itself-reference

৪ঃ১০৫/ ৬ঃ৩৮/ ৬৫/ ১০৫/১১৪/ ১১৯/১২৬/৭ঃ৫২/৫৮/৯ঃ১১/১০ঃ৩৭/৬১/১১ঃ৬/১২ঃ১,১১১/১৩ঃ১/ ১৬ঃ৪৪/৫৮/৮৯/ ১৭ঃ৯/৪১/৮৯// ⬇⬇⬇ ١٠٥:٤ إِنَّا أَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ لِتَحْكُمَ بَيْنَ النَّاسِ بِمَا أَرَاكَ اللَّهُ ۚ وَلَا تَكُنْ لِلْخَائِنِينَ خَصِيمًا ৪:১০৫ নিশ্চয় আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, যাতে আল্লাহে তোমাক যি জনাইছে সেই অনুযায়ী তুমি মানুহৰ মাজত বিচাৰ মীমাংসা কৰিব পাৰা; আৰু তুমি বিশ্বাস ভঙ্গকাৰীসকলৰ সমৰ্থনত তৰ্ক নকৰিবা। . ٣٨:٦ وَمَا مِنْ دَابَّةٍ فِي الْأَرْضِ وَلَا طَائِرٍ يَطِيرُ بِجَنَاحَيْهِ إِلَّا أُمَمٌ أَمْثَالُكُمْ ۚ مَا فَرَّطْنَا فِي الْكِتَابِ مِنْ شَيْءٍ ۚ ثُمَّ إِلَىٰ رَبِّهِمْ يُحْشَرُونَ ✔৬:৩৮ আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) ✔আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনে একত্ৰিত কৰা হ’ব। . ٦٥:٦ قُلْ هُوَ الْقَادِرُ عَلَىٰ أَنْ يَبْعَثَ عَلَيْكُمْ عَذَابًا مِنْ فَوْقِكُمْ أَوْ مِنْ تَحْتِ أَرْجُلِكُمْ أَوْ يَلْبِسَكُمْ شِيَعًا وَيُذِيقَ بَعْضَكُمْ...