Quran tafseer itself-reference

৪ঃ১০৫/ ৬ঃ৩৮/ ৬৫/ ১০৫/১১৪/ ১১৯/১২৬/৭ঃ৫২/৫৮/৯ঃ১১/১০ঃ৩৭/৬১/১১ঃ৬/১২ঃ১,১১১/১৩ঃ১/ ১৬ঃ৪৪/৫৮/৮৯/ ১৭ঃ৯/৪১/৮৯//
⬇⬇⬇
١٠٥:٤
إِنَّا أَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ لِتَحْكُمَ بَيْنَ النَّاسِ بِمَا أَرَاكَ اللَّهُ ۚ وَلَا تَكُنْ لِلْخَائِنِينَ خَصِيمًا
৪:১০৫
নিশ্চয় আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, যাতে আল্লাহে তোমাক যি জনাইছে সেই অনুযায়ী তুমি মানুহৰ মাজত বিচাৰ মীমাংসা কৰিব পাৰা; আৰু তুমি বিশ্বাস ভঙ্গকাৰীসকলৰ সমৰ্থনত তৰ্ক নকৰিবা।
.
٣٨:٦
وَمَا مِنْ دَابَّةٍ فِي الْأَرْضِ وَلَا طَائِرٍ يَطِيرُ بِجَنَاحَيْهِ إِلَّا أُمَمٌ أَمْثَالُكُمْ ۚ مَا فَرَّطْنَا فِي الْكِتَابِ مِنْ شَيْءٍ ۚ ثُمَّ إِلَىٰ رَبِّهِمْ يُحْشَرُونَ
✔৬:৩৮
আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) ✔আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনে একত্ৰিত কৰা হ’ব।
.
٦٥:٦
قُلْ هُوَ الْقَادِرُ عَلَىٰ أَنْ يَبْعَثَ عَلَيْكُمْ عَذَابًا مِنْ فَوْقِكُمْ أَوْ مِنْ تَحْتِ أَرْجُلِكُمْ أَوْ يَلْبِسَكُمْ شِيَعًا وَيُذِيقَ بَعْضَكُمْ بَأْسَ بَعْضٍ ۗ انْظُرْ كَيْفَ نُصَرِّفُ الْآيَاتِ لَعَلَّهُمْ يَفْقَهُونَ
৬:৬৫
কোৱা, ‘তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ, নাইবা তোমালোকক বিভিন্ন সন্দেহপূৰ্ণ দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম’। চোৱা, আমি কেনেকৈ বিভিন্ন ধৰণে আয়াতসমূহ বিবৃত কৰো যাতে সিহঁতে ভালকৈ বুজিব পাৰে।
.
١٠٥:٦
وَكَذَٰلِكَ نُصَرِّفُ الْآيَاتِ وَلِيَقُولُوا دَرَسْتَ وَلِنُبَيِّنَهُ لِقَوْمٍ يَعْلَمُونَ
৬:১০৫
এইদৰে আমি নানা ধৰণে আয়াতসমূহ বিবৃত কৰো আৰু তথাপিও সিহঁতে কয়, ‘তুমি শিকি আহিছা’, আৰু যাতে আমি ইয়াক সুস্পষ্টভাৱে জ্ঞানী সম্প্ৰদায়ৰ বাবে বৰ্ণনা কৰো।
.
١١٤:٦
أَفَغَيْرَ اللَّهِ أَبْتَغِي حَكَمًا وَهُوَ الَّذِي أَنْزَلَ إِلَيْكُمُ الْكِتَابَ مُفَصَّلًا ۚ وَالَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَعْلَمُونَ أَنَّهُ مُنَزَّلٌ مِنْ رَبِّكَ بِالْحَقِّ ۖ فَلَا تَكُونَنَّ مِنَ الْمُمْتَرِينَ
৬:১১৪
(কোৱা) ‘মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়চালাকাৰী হিচাপে অন্বেষণ কৰিম নেকি? অথচ তেৱেঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাব অৱতীৰ্ণ কৰিছে’! আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো সিহঁতে জানে যে, নিশ্চয় এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাযিলকৃত। গতিকে তুমি সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’বা।
.
١١٩:٦
وَمَا لَكُمْ أَلَّا تَأْكُلُوا مِمَّا ذُكِرَ اسْمُ اللَّهِ عَلَيْهِ وَقَدْ فَصَّلَ لَكُمْ مَا حَرَّمَ عَلَيْكُمْ إِلَّا مَا اضْطُرِرْتُمْ إِلَيْهِ ۗ وَإِنَّ كَثِيرًا لَيُضِلُّونَ بِأَهْوَائِهِمْ بِغَيْرِ عِلْمٍ ۗ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِالْمُعْتَدِينَ
৬:১১৯
তোমাৰ লোকৰ কি হ’ল, যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হৈছে তোমালোকে তাৰ পৰা নোখোৱা কিয়? তোমালোকৰ বাবে তেওঁ যিটো হাৰাম কৰিছে সেয়া তেওঁ তোমালোকৰ ওচৰত বিশদভাৱেই বৰ্ণনা কৰিছে, কিন্তু তোমালোকে নিৰুপায় হ’লে সেয়া স্বতন্ত্ৰ কথা। নিশ্চয় বহুতে অজ্ঞতাবশত নিজৰ প্ৰবৃত্তিৰ দ্বাৰা আনক বিপথগামী কৰে; নিশ্চয় তোমাৰ প্ৰতিপালকে সীমালংঘনকাৰী সকলৰ বিষয়ে অধিক জানে।
.
١٢٦:٦
وَهَٰذَا صِرَاطُ رَبِّكَ مُسْتَقِيمًا ۗ قَدْ فَصَّلْنَا الْآيَاتِ لِقَوْمٍ يَذَّكَّرُونَ
৬:১২৬
আৰু এইটোৱেই তোমাৰ প্ৰতিপালকৰ নিৰ্দেশিত সৰল পথ। যিসকলে উপদেশ গ্ৰহণ কৰে আমি তেওঁলোকৰ বাবে নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰিছো।
.
٥٢:٧
وَلَقَدْ جِئْنَاهُمْ بِكِتَابٍ فَصَّلْنَاهُ عَلَىٰ عِلْمٍ هُدًى وَرَحْمَةً لِقَوْمٍ يُؤْمِنُونَ
৭:৫২
আৰু নিশ্চয় আমি সিহঁতৰ ওচৰত লৈ আহিছো এনে এখন কিতাপ, যিটো আমি জ্ঞানৰ ভিত্তিত বিশদভাৱে ব্যাখ্যা কৰিছো, আৰু যিটো মুমিন সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ।
.
٥٨:٧
وَالْبَلَدُ الطَّيِّبُ يَخْرُجُ نَبَاتُهُ بِإِذْنِ رَبِّهِ ۖ وَالَّذِي خَبُثَ لَا يَخْرُجُ إِلَّا نَكِدًا ۚ كَذَٰلِكَ نُصَرِّفُ الْآيَاتِ لِقَوْمٍ يَشْكُرُونَ
৭:৫৮
আৰু উৎকৃষ্ট ভূমি- ইয়াৰ ফচল তাৰ প্ৰতিপালকৰ আদেশত উৎপন্ন হয়। আৰু যিটো নিকৃষ্ট, তাত কঠোৰ পৰিশ্ৰম নকৰালৈকে একোৱে নজন্মে। এইদৰে আমি কৃতজ্ঞ সম্প্ৰদায়ৰ বাবে নিদৰ্শনসমূহ বিভিন্নভাৱে বিৱৰণ কৰো।
.
١١:٩
فَإِنْ تَابُوا وَأَقَامُوا الصَّلَاةَ وَآتَوُا الزَّكَاةَ فَإِخْوَانُكُمْ فِي الدِّينِ ۗ وَنُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
৯:১১
এতেকে সিহঁতে যদি তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে, তেন্তে সিহঁতে তোমালোকৰ দ্বীনি ভাই; আৰু আমি আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰো এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
.
٣٧:١٠
وَمَا كَانَ هَٰذَا الْقُرْآنُ أَنْ يُفْتَرَىٰ مِنْ دُونِ اللَّهِ وَلَٰكِنْ تَصْدِيقَ الَّذِي بَيْنَ يَدَيْهِ وَ✔تَفْصِيلَ الْكِتَابِ لَا رَيْبَ فِيهِ مِنْ رَبِّ الْعَالَمِينَ
✔১০:৩৭
আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰো ৰচনা হোৱা সম্ভৱ নহয়। বৰং ইয়াৰ আগত যি অৱতীৰ্ণ হৈছে এইটো তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ ✔বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।
.
٦١:١٠
وَمَا تَكُونُ فِي شَأْنٍ وَمَا تَتْلُو مِنْهُ مِنْ قُرْآنٍ وَلَا تَعْمَلُونَ مِنْ عَمَلٍ إِلَّا كُنَّا عَلَيْكُمْ شُهُودًا إِذْ تُفِيضُونَ فِيهِ ۚ وَمَا يَعْزُبُ عَنْ رَبِّكَ مِنْ مِثْقَالِ ذَرَّةٍ فِي الْأَرْضِ وَلَا فِي السَّمَاءِ وَلَا أَصْغَرَ مِنْ ذَٰلِكَ وَلَا أَكْبَرَ إِلَّا فِي كِتَابٍ مُبِينٍ
✔১০:৬১
আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকো, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ ✔অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈয়ো ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটো ✔সুস্পষ্ট কিতাবত নাই।
.
٦:١١
۞ وَمَا مِنْ دَابَّةٍ فِي الْأَرْضِ إِلَّا عَلَى اللَّهِ رِزْقُهَا وَيَعْلَمُ مُسْتَقَرَّهَا وَمُسْتَوْدَعَهَا ۚ كُلٌّ فِي كِتَابٍ مُبِينٍ
১১:৬
আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব কেৱল আল্লাহৰেই আৰু তেওঁ সেইবোৰৰ স্থায়ী ও অস্থায়ী অৱস্থিতি সম্পৰ্কে অৱহিত; প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত আছে।
.
١:١٢
بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ الر ۚ تِلْكَ آيَاتُ الْكِتَابِ الْمُبِينِ
১২:১
আলিফ-লাম-ৰা। এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।
.
١١١:١٢
لَقَدْ كَانَ فِي قَصَصِهِمْ عِبْرَةٌ لِأُولِي الْأَلْبَابِ ۗ مَا كَانَ حَدِيثًا يُفْتَرَىٰ وَلَٰكِنْ تَصْدِيقَ الَّذِي بَيْنَ يَدَيْهِ وَتَفْصِيلَ كُلِّ شَيْءٍ وَهُدًى وَرَحْمَةً لِقَوْمٍ يُؤْمِنُونَ
১২:১১১
সিহঁতৰ বৃত্তান্তত অৱশ্যে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা। এইটো কোনো মনে সজা ৰচনা নহয়। বৰং এইটো আগৰ গ্ৰন্থবোৰত যি আছে তাৰেই সমৰ্থক আৰু সকলো বিষয়ৰ বিশদ বিৱৰণ, লগতে মুমিন সম্প্ৰদায়ৰ বাবে ই হিদায়ত আৰু ৰহমত।
.
٤٤:١٦
بِالْبَيِّنَاتِ وَالزُّبُرِ ۗ وَأَنْزَلْنَا إِلَيْكَ الذِّكْرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيْهِمْ وَلَعَلَّهُمْ يَتَفَكَّرُونَ
১৬:৪৪
স্পষ্ট প্ৰমাণাদি আৰু গ্ৰন্থাৱলীসহ। আৰু আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহৰ বাবে সেইটো স্পষ্ট কৰি দিব পাৰা যিটো সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।
.
٨٩:١٦
وَيَوْمَ نَبْعَثُ فِي كُلِّ أُمَّةٍ شَهِيدًا عَلَيْهِمْ مِنْ أَنْفُسِهِمْ ۖ وَجِئْنَا بِكَ شَهِيدًا عَلَىٰ هَٰؤُلَاءِ ۚ وَنَزَّلْنَا عَلَيْكَ الْكِتَابَ تِبْيَانًا لِكُلِّ شَيْءٍ وَهُدًى وَرَحْمَةً وَبُشْرَىٰ لِلْمُسْلِمِينَ
১৬:৮৯
আৰু স্মৰণ কৰা, যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা, সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যাস্বৰূপ, পথ নিৰ্দেশ, ৰহমত আৰু মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ।
.
٨٩:١٧
وَلَقَدْ صَرَّفْنَا لِلنَّاسِ فِي هَٰذَا الْقُرْآنِ مِنْ كُلِّ مَثَلٍ فَأَبَىٰ أَكْثَرُ النَّاسِ إِلَّا كُفُورًا
✔১৭:৮৯
আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে বিভিন্ন ✔উপমা বিশদভাৱে বৰ্ণনা কৰিছো; কিন্তু অধিকাংশ মানুহ কুফৰী নকৰি ক্ষেন্ত হোৱা নাই।
.
٤١:١٧
وَلَقَدْ صَرَّفْنَا فِي هَٰذَا الْقُرْآنِ لِيَذَّكَّرُوا وَمَا يَزِيدُهُمْ إِلَّا نُفُورًا
✔১৭:৪১
আৰু অৱশ্যে আমি এই কোৰআনত (বহু বিষয়) ✔বাৰে বাৰে বিবৃত কৰিছো যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। কিন্তু সিহঁতৰ বিমুখতাইহে বৃদ্ধি পাইছে।
.
আৰু আছেঃ
১৮ঃ১-২/৫৪/১৯ঃ৯৭/২২ঃ৭২/২৪ঃ১৮,৪৬,৫৮, ৫৯, ৬১/২৫ঃ৩৩/ ২২ঃ৭২/২৭ঃ৭৫-৮৯/ ৩৪ঃ৩/ ৩৯ঃ২৭/ ৩৮ঃ২৯/৫৪ঃ১৭/২২/৩২/৮৬ঃ১৩/ ৫ঃ৪৪-৪৯/ ৩৫ঃ৩১/৪৬ঃ১২/ ১০ঃ৩৭/ ৫ঃ৬৬,৬৮-৬৯ / ৬১ঃ৬/ ৫ঃ৪২-৪৮’৬৯’/ ‘২ঃ১০১’/২ঃ৫৩/২ঃ’৪১/ ৩ঃ৩’৪’/ ৫”/৮৪’/ ৬১ঃ৬।++

Comments

Popular posts from this blog

By sam(SJC)Shayṭān, Jinn, and Related Terms Considered: by Sam

About Quran by David Namuh

Special Note 2:79