Posts

Showing posts with the label Gani

Arabic grammar

সাৱধান! সাৱধান! অজ্ঞতাৰ বাবেই হওক বা নিজৰ বিবেকক উপযুক্ত ভাবে প্ৰয়োগ নকৰাৰ বাবেই হওক, আৰবী বৰ্ণমালাৰ এটা বিশেষ আখৰ(হৰ্ফ)ৰ বিষয়বস্তু বিশেষে কৰা ভূল অনুবাদে এল্লাহৰ একত্ববাদক কুঠাৰঘাট কৰা বুজাব পাৰে। তাৰেই এক উদাহৰণ হৈছে পবিত্ৰ কোৰআণৰ আমাৰ সকলোৰে সুপৰিচিত এটি আয়াত হৈছে - أَطِيعُوا اللَّه (وَ) أَطِيعوا الرَُسّول আতিওল্লাহা (ৱা) আতিওৰ ৰাছূল । এই আয়াতৰ মাজত থকা আৰবী বৰ্ণমালাৰ و আখৰটোক আৰবীত কোৱা হয় হাৰফূ আত্-ফিন , যাক ইংৰাজীত conjunction বোলা হয় । ই দুটা বাক্যৰ মাজত সংযোগ স্থাপন কৰে। এই বিশেষ আখৰটোৱে অসমীয়াত "আৰু", "অৰ্থাৎ" ইত্যাদী অৰ্থ বহন কৰে । অসমীয়া, ইংৰাজী ও বাংলা , এই তিনিটা ভাষাৰ অনুবাদ অধ্যয়ণ কৰি দেখা পাওঁ যে সকলোতে এই و ৰ অনুবাদ "আৰু" হিচাবে ব্যৱহাৰ কৰা হৈছে। তেনেস্থলত উল্লেখিত আয়াতটোৰ অৰ্থ হৈ পৰে -"এল্লাহক অনুসৰণ কৰা (আৰু) ৰচুলক অনুসৰণ কৰা"। অতি স্বাভাৱিক ভাবে আমাক বুজাই দিয়া হৈছে এল্লাহক অনুসৰণ কৰা মানে কোৰআণ অনুসৰণ কৰা আৰু ৰচুলক অনুসৰণ কৰা মানে প্ৰচলিত হাদিচ সমূহক অনুসৰণ কৰা। হয়তু শতকৰা ৯৫ শতাংতকৈও অধিক মুচলিমেই এই অনুবাদৰ বিশ্বাসী। এতিয়া ...