Arabic grammar

সাৱধান! সাৱধান! অজ্ঞতাৰ বাবেই হওক বা নিজৰ বিবেকক উপযুক্ত ভাবে প্ৰয়োগ নকৰাৰ বাবেই হওক, আৰবী বৰ্ণমালাৰ এটা বিশেষ আখৰ(হৰ্ফ)ৰ বিষয়বস্তু বিশেষে কৰা ভূল অনুবাদে এল্লাহৰ একত্ববাদক কুঠাৰঘাট কৰা বুজাব পাৰে। তাৰেই এক উদাহৰণ হৈছে পবিত্ৰ কোৰআণৰ আমাৰ সকলোৰে সুপৰিচিত এটি আয়াত হৈছে - أَطِيعُوا اللَّه (وَ) أَطِيعوا الرَُسّول আতিওল্লাহা (ৱা) আতিওৰ ৰাছূল । এই আয়াতৰ মাজত থকা আৰবী বৰ্ণমালাৰ و আখৰটোক আৰবীত কোৱা হয় হাৰফূ আত্-ফিন , যাক ইংৰাজীত conjunction বোলা হয় । ই দুটা বাক্যৰ মাজত সংযোগ স্থাপন কৰে। এই বিশেষ আখৰটোৱে অসমীয়াত "আৰু", "অৰ্থাৎ" ইত্যাদী অৰ্থ বহন কৰে । অসমীয়া, ইংৰাজী ও বাংলা , এই তিনিটা ভাষাৰ অনুবাদ অধ্যয়ণ কৰি দেখা পাওঁ যে সকলোতে এই و ৰ অনুবাদ "আৰু" হিচাবে ব্যৱহাৰ কৰা হৈছে। তেনেস্থলত উল্লেখিত আয়াতটোৰ অৰ্থ হৈ পৰে -"এল্লাহক অনুসৰণ কৰা (আৰু) ৰচুলক অনুসৰণ কৰা"। অতি স্বাভাৱিক ভাবে আমাক বুজাই দিয়া হৈছে এল্লাহক অনুসৰণ কৰা মানে কোৰআণ অনুসৰণ কৰা আৰু ৰচুলক অনুসৰণ কৰা মানে প্ৰচলিত হাদিচ সমূহক অনুসৰণ কৰা। হয়তু শতকৰা ৯৫ শতাংতকৈও অধিক মুচলিমেই এই অনুবাদৰ বিশ্বাসী। এতিয়া বিশ্লেষাত্মক দৃষ্টিভংগীৰে এই অনুবাদক যদি বিশ্লেষণ কৰি চাই, তেন্তে দেখা যায় যে আমাৰ অনুসৰণীয় দুজন ! এজন হৈছে এল্লাহ আৰু আনজন হৈছে ৰচুল মুহাম্মদ আঃ। যিহেতু ইয়াত "আৰু" বুলি কোৱা হৈছে। এই অনুবাদে আমাৰ মূল কলিমা -" লা ইলাহা ইল্লাললাহ" ভঙ্গ কৰি দিছে। কিয়নো এই কলিমাত আমি কৈছো -" কোনো মান্য/অনুসৰণীয় নাই এল্লাহৰ বাদে"। তেনেস্থলত এল্লাহৰ একত্ববাদক ভংগ কৰি আমাৰ অনুসৰণীয় দুজন হব কেনেকৈ ???

এতিয়া আহক আমি উক্ত আয়াতটিত যদি و ৰ অনুবাদ "অৰ্থাৎ" হিচাবে ব্যৱহাৰ কৰি চাওঁ । তেনে কৰিলে উল্লেখিত আয়াতটিৰ অৰ্থ হয় -" অনুসৰণ কৰা এল্লাহক (অৰ্থাৎ) অনুসৰণ কৰা বাৰ্তা বাহকক"। এতিয়া চাওক অনুসৰণীয় হৈ পৰিল এজনেই । এল্লাহ যিহেতু এক অদৃশ্য সত্বা, তেখেতক প্ৰত্যক্ষ ভাবে অনুসৰণ কৰাটো অসম্ভৱ, গতিকে তেখেতৰ দ্বাৰা মনোনিত বাৰ্তাবাহকক অনুসৰণ কৰা মানেই আমি এল্লাহকেই অনুসৰণ কৰা। এই অনুবাদে আমাৰ কলিমাও অক্ষুন্ন থাকিল আৰু এল্লাহৰ একত্ববাদকো স্বীকাৰ কৰি লোৱা হল।

বিতৰ্কৰ কোনো প্ৰয়োজন নাই, বিবেচনা নিজৰ । এটা কথা সত্য যে উক্ত আয়াতত و ৰ অনুবাদ "আৰু" ললেহে প্ৰচলিত হাদিচৰ অস্তিত্ব থাকিব , মূল কলিমা লাগিলে যিয়েই নহওক! কিন্তু و ৰ অনুবাদ "অৰ্থাৎ" কৰিলে মানৱ সংকলিত হাদিচ হৈ পৰিব এক প্ৰকাণ্ড শূণ্য , ওহীৰ বাৰ্তা জিলিকি উঠিব , মূল কলিমা বাস্তৱায়ন হব।
Source comments:-
https://m.facebook.com/story.php?story_fbid=1348712632132419&id=100009810859044

Comments

Popular posts from this blog

Transcription Note of Quran 2:102:Sabbir Ahmed:

Do not Make Distinction Among God's Messengers

Why are there so many interpretations of Islam?by Rezaul Haque