বাক স্বাধীনতা ইয়াৰ মানে গুজব(rumor) নহয়-by Syed wali
By Syed Wali-New York(a piece of his Article) 💖Qur’an teaches us to respect `absolute freedom of speech, but...💖 . কোৰআনৰ মতে, এল্লাহ শ্ৰেষ্ঠ ন্যায়বিচাৰক। তেওঁ আহকামুল হাকিমিন। গতিকে, তেওঁৰ সমস্ত আদেশ আৰু ঘোষণা ন্যায়সঙ্গত। তেওঁৰ নবী মুহাম্মদে(আঃছাঃ) কোৰআনক অনুসৰণ কৰিছিল, কোৰআন শিক্ষা দিছিল, কোৰআন প্রচাৰ কৰিছিল, আনুষ্ঠানিকভাবে তেওঁৰ অনুসাৰীসকলক কোৰআনৰ শিক্ষা প্রদান কৰিছিল আৰু কোৰআনে আমাক `বাক স্বাধীনতাক’(Qur’an teaches us to respect `absolute freedom of speech’.) সম্মান কৰিবলৈ শিকায়। . যেতিয়াই কাৰোবাৰ কথা আৰু কামৰ মাধ্যমে এল্লাহ, তেওঁৰ নবীক, কোৰআনৰ আয়াতবোৰক বা ঈমানদাৰ বান্দাক ব্যঙ্গ কৰে, উপহাস কৰে তেতিয়া কোৰআনে এল্লাহৰ প্রিয় বান্দা, নবী আৰু ৰাছুল প্রেমীসকলক ধৈর্য ধাৰণ কৰিবলৈ শিকায়, কয়ঃউপেক্ষা কৰা সেইবোৰ, আৰু কোৰআনৰ প্রচাৰ কৰি যোৱা। কোৰআনে আমাক এইটোৱেই শিক্ষা দিয়ে। এল্লাহৰ এই আদেশটি মুহাম্মদে (আঃছাঃ) তেওঁৰ ধর্ম, আদর্শ, দর্শন হিচাপে প্রচাৰ কৰিছিল আৰু তেওঁৰ অনুসাৰীসকলোকো শিকাইছিল। যিয়েই বাকস্বাধীনতাৰ নামত কোৰআন সম্পর্কিত হ'ব পৰা ’...