পুৰুহিত/ঈমাম প্ৰথা

ইছলাম ধৰ্মত প্ৰকৃততে কোনো পুৰোহিত প্ৰথা নাই। পৃথিৱীত ধৰ্মৰ ইতিহাস অধ্যয়ন কৰিলে চাব যিকোনো ধৰ্মৰ পুৰোহিত শ্ৰেণীয়ে ধৰ্মক সদায়ে জীৱিকাৰ আহিলা বনাই লৈ নিজ ধৰ্মৰে সাধাৰণ মানুহখিনিক ধৰ্মৰ নামত শোষন কৰি আহিছে। পুৰোহিত শ্ৰেনীয়ে নিজ ধৰ্মত নানা নিয়ম-নীতি সোমাই দি ধৰ্মটোক দূৰ্বোদ্ধ কৰি তোলে যাতে সাধাৰণ মানুহ ধৰ্ম বুজিবলৈ তেওঁলোকৰ কাষ চাপিবলৈ বাধ্য হয়। ইছলামত পুৰোহিত প্ৰথা বিলুপ্ত কৰি আন ধৰ্মৰ পৰা ইছলামক পৃথক কৰা হৈছিল যিটো আছিল এক প্ৰকাৰ সংস্কাৰ (Reform)। কিন্ত বাস্তৱত হৈছিল কি ? ৰাছুল (ছ:) ৰ ইন্তেকালৰ কেই শতিকাৰ ভিতৰতে একাংশ চতুৰ মুছলমানে ইছলামত পুৰোহিত শ্ৰেনী সৃষ্টিৰ উদ্দেশ্যৰে ইছলামত জোব্বা-পাগুৰী, দাৰী-টুপি, বোৰ্খা-লিবাজ, খতম-মোনাজাত আদিৰ দৰে বিষয় বোৰৰ ওপৰত প্ৰয়োজনতকৈ অধিক গুৰুত্ব দি সেইবোৰৰ ওপৰতে নানা ওৱাজ-নছিয়ত, চিন্তা-চৰ্চা, বাহেজ-বিতৰ্ক আদিৰ মাজেদি মুছলমানৰ মাজত নানা মাজহাব, ফিৰকা-মতবাদ, গোষ্ঠী, শাখা-প্ৰশাখা-উপশাখাৰ সৃষ্টি কৰি সাধাৰণ মুছলমানৰ মাজত সহজ-সৰল ইছলামক দূৰ্বোদ্ধ কৰি তুলি ইয়াক লাহে লাহে পইচা ঘটাৰ এক উপকৰণ বনাই লৈছে।
লেখকঃ #Shams Sahid.

Comments

Popular posts from this blog

Transcription Note of Quran 2:102:Sabbir Ahmed:

Do not Make Distinction Among God's Messengers

Why are there so many interpretations of Islam?by Rezaul Haque