আতিওল্লাহা ৱা আতিওৰ ৰাছূল-Goni
Writer: Moulana Abdul Goni.fbfd "আতিওল্লাহা ৱা আতিওৰ ৰাছূল",পবিত্ৰ কোৰআণৰ এই আদেশাত্মক আয়াতটিক ঢাল হিচাবে লৈ যিসকলে ৰাছূল আঃক অনুসৰণ কৰাৰ উদ্দেশ্যৰে মানৱ ৰচিত হাদিছ সমূহৰ হৈ ওকালতি কৰি আহিছে, তেখেতসকলে প্ৰথমে নিশ্চিত হওক যে আপোনালোকে কোন গৰাকী ৰচূলক অনুসৰন কৰি আহিছে বা অনুসৰন কৰাৰ দাবী কৰিছে? কিয়নো এই হাদিছ সমূহে দাঙি ধৰা ১৫০০ বছৰৰ আগৰ আৰৱৰ কুৰাইছ সকলৰ মাজলৈ অহা "মুহাম্মদ ইবনে আব্দুল্লাহ ইবনে আব্দুল মুত্তালিব" নামৰ বিশেষ ব্যক্তি গৰাকীৰ পৰিচয়, কৰ্ম ও চৰিত্ৰৰ সৈতে মহান এল্লাহে পবিত্ৰ কোৰআণত দাঙি ধৰা " মুহাম্মাদুৰ ৰাছূলুল্লাহি ৱা খ্বাতামান নাবিইয়িন" নামৰ এল্লাহৰ বিশেষ বাৰ্তাবাহক গৰাকীয় পৰিচয় ও কৰ্মৰ কোনো মিল বিচাৰি পোৱা নাযায়। স্ফটিকৰ দৰে সম্পূৰ্ণ দুটা পৃথক চৰিত্ৰ। হাদিছ সমূহত মুহাম্মদ ইবনে আব্দুল্লাহ ইবনে আব্দুল মুত্তালিব নামৰ ব্যক্তি গৰাকীক এগৰাকী অত্যন্ত যৌন ক্ষমতাসম্পন্ন ১১-১২ গৰাকী স্ত্ৰীৰ ঔৰস পান কৰা এগৰাকী ব্যক্তিৰ ব্যক্তিপৰিচয় উপস্থাপন কৰা হৈছে, য'ত ৬ বছৰীয়া নাবালিকাকো নিকাহ কৰাৰ ত্বথ্য প্ৰকাশ পাইছে। এনেধৰনৰ সীমাহীন কলংকিত চৰিত্ৰৰে হাদিচ সমূহে তেখ...