আতিওল্লাহা ৱা আতিওৰ ৰাছূল-Goni

Writer: Moulana Abdul Goni.fbfd
"আতিওল্লাহা ৱা আতিওৰ ৰাছূল",পবিত্ৰ কোৰআণৰ এই আদেশাত্মক আয়াতটিক ঢাল হিচাবে লৈ যিসকলে ৰাছূল আঃক অনুসৰণ কৰাৰ উদ্দেশ্যৰে মানৱ ৰচিত হাদিছ সমূহৰ হৈ ওকালতি কৰি আহিছে, তেখেতসকলে প্ৰথমে নিশ্চিত হওক যে আপোনালোকে কোন গৰাকী ৰচূলক অনুসৰন কৰি আহিছে বা অনুসৰন কৰাৰ দাবী কৰিছে? কিয়নো এই হাদিছ সমূহে দাঙি ধৰা ১৫০০ বছৰৰ আগৰ আৰৱৰ কুৰাইছ সকলৰ মাজলৈ অহা "মুহাম্মদ ইবনে আব্দুল্লাহ ইবনে আব্দুল মুত্তালিব" নামৰ বিশেষ ব্যক্তি গৰাকীৰ পৰিচয়, কৰ্ম ও চৰিত্ৰৰ সৈতে মহান এল্লাহে পবিত্ৰ কোৰআণত দাঙি ধৰা " মুহাম্মাদুৰ ৰাছূলুল্লাহি ৱা খ্বাতামান নাবিইয়িন" নামৰ এল্লাহৰ বিশেষ বাৰ্তাবাহক গৰাকীয় পৰিচয় ও কৰ্মৰ কোনো মিল বিচাৰি পোৱা নাযায়। স্ফটিকৰ দৰে সম্পূৰ্ণ দুটা পৃথক চৰিত্ৰ। হাদিছ সমূহত মুহাম্মদ ইবনে আব্দুল্লাহ ইবনে আব্দুল মুত্তালিব নামৰ ব্যক্তি গৰাকীক এগৰাকী অত্যন্ত যৌন ক্ষমতাসম্পন্ন ১১-১২ গৰাকী স্ত্ৰীৰ ঔৰস পান কৰা এগৰাকী ব্যক্তিৰ ব্যক্তিপৰিচয় উপস্থাপন কৰা হৈছে, য'ত ৬ বছৰীয়া নাবালিকাকো নিকাহ কৰাৰ ত্বথ্য প্ৰকাশ পাইছে। এনেধৰনৰ সীমাহীন কলংকিত চৰিত্ৰৰে হাদিচ সমূহে তেখেতৰ প্ৰকৃত ভাৱমূৰ্তি, পৰিচয় ও কৰ্মসমূহ গোপন কৰি ৰাখি সাধাৰন ও বিবেচনা বিহীন লোকসকলক এক ভূৱা চৰিত্ৰৰ প্ৰতি বিশ্বাস জন্মাই বিপথে পৰিচালিত কৰি আহিছে।
গতিকে আহকচোন পবিত্ৰ কোৰআণৰ ত্বথ্যৰ আধাৰত এল্লাহৰ এই বাৰ্তাবাহক গৰাকীৰ প্ৰকৃত পৰিচয়ৰ সৈতে চিনাকী হোৱাৰ চেষ্টা কৰো-
# ওহী আগমনৰ পূৰ্বে তেখেতে কিতাব কি আৰু ঈমান কি, সেই বিষয়ে একোৱেই জনা নাছিল(৪২:৫২)।
# এল্লাহৰ অনুমতি সাপেক্ষে জিব্ৰাইল আঃৰ দ্বাৰা তেখেতৰ অন্তৰত এই কিতাবখন নাজিল কৰা হৈছিল (২:৯৭)।
# ঈছা আঃ ৰ পাছত বনী ইছৰাইলৰ মাজত তেখেত আহমদ ৰাছূল নামেৰে ৰিচালতৰ দায়িত্ব লৈ আহিছিল (৬১:৬)।
# মুহাম্মদ আঃয়ে নিজৰ পৰা মনেসজা কোনো কথাই কোৱা নাছিল (৫৩:৩)।
# তেখেতে এল্লাহৰ পৰা অহা ওহী প্ৰচাৰ কৰিছিল (৫:৬৭)।
# বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰিক দিশত তেখেতৰ মূখ্য কাম আছিল চাৰিটি-(১) মানুহক এল্লাহৰ আয়াত পাঠ কৰি শুনোবা। (২) কিতাবৰ শিক্ষা দিয়া।(৩) কিতাবৰ প্ৰজ্ঞাৰ শিক্ষা দিয়া।( ৪) অপবিত্ৰ (মতবাদ) সমূহৰ পৰা পবিত্ৰ কৰা। (২:১২৯)।
# মুহাম্মদ আঃৰ ওহীৰ ৰদবদল কৰাৰ তিলমানো ক্ষমতা নাই (১০:১৫)।
# মুহাম্মদ আঃয়ে ইব্ৰাহীম আঃৰ পথ অনুসৰন কৰি চলিছিল (৬:১৬১)।
# কিয়ামতৰ দিনা মুহাম্মদ আঃয়ে তেখেতৰ উম্মতে কোৰআণক পৰিত্যক্ত কৰি ৰাখিছিল বুলি এল্লাহৰ ওচৰত আপত্তি কৰিব(২৫:৩০)।
# মুহাম্মদ আঃ কোনো এজনো পুৰুষ ব্যক্তিৰ পিতৃ নাছিল, বৰং তেখেত এল্লাহৰ বাৰ্তাবাহক ও নবী সকলৰ মোহৰ আছিল (৩৩:৪০)।

এনেদৰেই মুহাম্মদ আঃ সম্পৰ্কে স্বয়ং মহান এল্লাহে তেখেতৰ পৰিচয় ও কৰ্মৰাজি আমাৰ আগত দাঙি ধৰিছে। এজন মুচলিমে সদায় " মুহাম্মাদুৰ ৰাছূলুল্লাহি ৱা খ্বাতামান নাবিইয়িনক" হে অনুসৰন কৰি চলিব লাগিব, ইতিহাসে দাঙি ধৰা " মুহাম্মদ ইবনে আব্দুল্লাহ ইবনে আব্দুল মুত্তালিবক" নহয়। এল্লাহৰ অনুমতি তথা হিদায়ত অবিহনে এই বাস্তৱ পাৰ্থক্য কিন্তু সকলোৱে কেতিয়াও মানি লবলৈ সক্ষম নহয়। ঐতিহাসিক সুত্ৰত আধাৰত এগৰাকী বিশেষ ব্যক্তিৰ ব্যক্তিগত দিশসমূহ এল্লাহৰ কথাৰ সৈতে একাকাৰ কৰি লৈ ঈমান অনা অংশীবাদী লোকসকলৰ বাবে এনেবোৰ সত্য কথা একুৰা জলন্ত জুইৰ সদৃশ ! অংশীদাৰীত্ব বৰ্জন কৰি একনিষ্ঠ ভাবে এল্লাহৰ প্ৰতি আত্মসমৰ্পন নকৰা পৰ্য্যন্ত কোনো কালেই এনেবোৰ বাস্তৱ সত্য বুজিবলৈ সক্ষম নহব। অপেক্ষা কৰো আহক সেই মহা দিনটোলৈ, সকলোবোৰ কথা " দুধ কি দুধ, পানী কি পানী হৈ যাব।
        
        চালামুন আলাইকুম ।
Source: https://m.facebook.com/story.php?story_fbid=1407430532927295&id=100009810859044

Comments

Popular posts from this blog

By sam(SJC)Shayṭān, Jinn, and Related Terms Considered: by Sam

About Quran by David Namuh

Special Note 2:79