জামাতত(congregation) ছালাত-syedraf
জামাতত(congregation) ছালাত(নামাজ পঢ়া) প্ৰতিষ্ঠা কৰাৰ কথা কোৰআনৰ কোনো আয়াততেই গুৰুত্ব প্ৰদান কৰা হোৱা নাই।
.
যদি তলৰ আয়াটোলৈ আঙুলিয়াব বিচাৰিছে তেন্তে ক'ব লাগিব.........
⬇️
٩:٦٢
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا نُودِيَ لِلصَّلَاةِ مِنْ يَوْمِ الْجُمُعَةِ(জুমুআৰ দিনা) فَاسْعَوْا إِلَىٰ ذِكْرِ اللَّهِ وَذَرُوا الْبَيْعَ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ
৬২:৯
" ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।"
.
জুমুআৰ দিনা মানে বজাৰত মানুহ জমা(congregation) হোৱাৰ দিনা। ই কোনো "ছালাতুল জুমুআহ" অৰ্থাৎ জুমুআহৰ নামাজ নহয়।
.
দিনৰ ভাগত ৰছুল মহম্মদ আঃ অতি ব্যস্ত আছিল। গতিকে ৰাতি ছালাতৰ বাবে কোৰআনত গুৰুত্ব দিয়া হৈছে।(৭৩:১-৭)।
.
কিন্তু...
হাদিস কিতাপবোৰত কোৰআনৰ বিপৰীতে গৈ এল্লাহৰ লগত কাজিয়া কৰি মানুহক এনেকৈ বুজাইছে যেন বেহেস্ত-দোজখৰ মালিক সেই কিতাপ প্ৰণেতা ঈমামসকল😀।
.
তথাকথিত ৰছুলৰ নামত মিছা হাদিস বনাই তাত কোৱা হৈছেঃ
মছজিদলৈ গৈ জামাতৰ সতে ছালাত আদায় কৰাত ২৫-২৭গুণ ছওয়াব বেছি! তাৰোপৰি যি নপঢ়ে তেওঁৰ বাবে কঢ়া নির্দেশ! (https://sunnah.com/bukhari/10/42-43 ).
ৰাছুলে (আ:) কৈছে বোলে-.. যিসকলে নামাজৰ জামাতত হাজিৰ নহয় আৰু সিহঁতৰ বাড়ি ঘৰ-বাৰিবোৰ জুইদি জ্বলাই দিব লাগে। ’ (https://sunnah.com/bukhari/44/10) (see also..../79/65....../4/61).
.
💚syedraf💚
Comments
Post a Comment