শুনি (চুন্নী) মুছলমান? by Ashiq Zaman

বিশ্বৰ মুঠ মুছলমানৰ মাত্ৰ ১৫% হে আৰৱ। ইছলাম এটি বহুজাতিক, বহু সাংস্কৃতিক আন্তৰ্জাতিক ধৰ্ম। কিন্তু  বহুধা বিভক্ত হোৱাৰ ফলত এটি ডাঙৰ সমস্যা হৈছে যে অনা-আৰৱ জাতি সমূহৰ সাধাৰণ ৰাইজে আৰৱী ভাষা বুজি পোৱা দূৰৰ কথা পঢ়িবও নেজানে। আনহাতে আমাৰ দেশৰ দৰে সৰহভাগ অনা-আৰৱ দেশত মাদ্ৰাছা ভিত্তিক ইছলামিক বা আৰৱী অধ্যায়ণৰ যি ব্যৱস্থা তাত গুৰুত্ব মূলত মূখস্থ কৰাৰ ওপৰত দিয়ে। ফলত মোল্লা-মৌলভী সকলৰ সৰহভাগেই আৰৱী পঢ়িব জানে ঠিকেই কিন্তু অৰ্থ বুজি নেপায়। সাধাৰণ মুছলমানৰ অৱস্থা তাতোকৈ বেয়া। দিনত পাঁচবাৰ নামাজ পঢ়ে ঠিকেই কিন্তু নামাজত কি কৈ আছে নাজানে। ফলত সৰহভাগ মুছলমানেই ছুন্নি মুছলমান নহয়, শুনি মুছলমান 😊 অৰ্থাৎ সৰহভাগ মুছলমানৰে নিজৰ ধৰ্মৰ প্ৰতি যি ধাৰণা সেয়া কোনো মোল্লা-মুঞ্চিৰ পৰা শুনি নিৰ্মিত ধাৰণা, কিন্তু সমস্যাটো হ'ল যিসকল মোল্লা-মুঞ্চিৰ পৰা শুনি আপুনি ইছলামৰ বিষয়ে ধাৰণা বনাই আছে তেওঁলোকে ইছলামৰ বিষয়ে কিমানখিনি জানে ? ফলত "ইছলাম ৰক্ষা" ৰ নামত যিবোৰ কাৰবাৰ চলি আছে সেই সকলোবোৰ ইছলামৰ প্ৰকৃত শিক্ষাৰ বিপৰীত। ইছলামে কাকো কোৱা নাই প্ৰফেটৰ কাৰ্টুন বনালে তাক হত্যা কৰা, প্ৰফেটৰ ছবি বনাব নালাগে বুলিও কোৰাণত উল্লেখ নাই। সকলোৱে নিজৰ নিজৰ বিচাৰ-বুদ্ধি, আৰ্থ-সামাজিক বেকগ্ৰাউন্ড তথা ব্যক্তিগত আৰু ৰাজনৈতিক আদৰ্শৰ ভিত্তিত ইছলামক সাধাৰণ মানুহৰ ওচৰত পৰিবেশন কৰি কৰি বৰ্তমান ইছলাম অন্ধৰ হাতী দৰ্শনৰ নিচিনা হৈ পৰিছে। যিজন অন্ধয়ে হাতীৰ কাণখন চুইছে তেওঁৰ মতে হাতী কূলাৰ দৰে, নেজ চুই পোৱা জনৰ মতে হাতী ৰচীৰ দৰে আৰু ভৰি চুই পোৱা জনৰ মতে হাতী কলগছৰ দৰে। ক্লাছিকেল আৰৱী ভাষাৰ পৰা ইছলামক উদ্ধাৰ নকৰিলে ইছলামক লৈ বিশ্বৰ  মুছলমানৰ মাজত ভূল ধাৰণা সদায়ে প্ৰচলিত হৈ থাকিব আৰু কিছু মূৰ্খয়ে ফ্ৰাঞ্চৰ শ্ৰেণীকোঠাৰ মাজত কৰা বৰ্বৰতাৰ দৰে কান্ড সংঘটিত কৰি থাকিবয়েই আৰু বিড়ম্বনাটো হ'ল সেই মূৰ্খজনে সেই বৰ্বৰতা ইছলামক ৰক্ষাৰ্থে কৰা বুলি ভাবিব।

Comments

Popular posts from this blog

Transcription Note of Quran 2:102:Sabbir Ahmed:

Do not Make Distinction Among God's Messengers

Why are there so many interpretations of Islam?by Rezaul Haque