El' Islaam(الْإِسْلَامُ) vs Islaam-bb.raf
El' Islaam(الْإِسْلَامُ) vs Islaam.
⬇️
🔴THE ISLAM:-
The Islam➡️ইয়াক কেৱল কোৰআনৰ মাজত পাব। কোৰআনৰ বাহিৰত ইছলাম নাই।ইয়াৰ মানে, ইছলাম পালন কৰিবলৈ কেৱল এল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব।ইয়াৰ বাবে গাইদ লাইন কোৰআন। অৰ্থাৎ কোৰআনৰ বাহিৰত ছৰিয়ত(Islamic law) নাই।
The Islam [El' Islaam(الْإِسْلَامُ)(Quran-3:19]
is different from Islaam🔵 (Quran-49:16-17)
١٩:٣
إِنَّ الدِّينَ عِنْدَ اللَّهِ الْإِسْلَامُ ۗ وَمَا اخْتَلَفَ الَّذِينَ أُوتُوا الْكِتَابَ إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۗ وَمَنْ يَكْفُرْ بِآيَاتِ اللَّهِ فَإِنَّ اللَّهَ سَرِيعُ الْحِسَابِ
৩:১৯
নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
.
So in El' Islaam we are only binded to submit to ELLAH alone 2:131, 27:91-92, 6:71, 3:20 - 3:85
.
١٣١:٢
إِذْ قَالَ لَهُ رَبُّهُ أَسْلِمْ ۖ قَالَ أَسْلَمْتُ لِرَبِّ الْعَالَمِينَ
২:১৩১
যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক কৈছিল, ‘তুমি আত্মসমৰ্পণ কৰা’। তেওঁ কৈছিল, ‘মই বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলো’।
.
٩١:٢٧
إِنَّمَا أُمِرْتُ أَنْ أَعْبُدَ رَبَّ هَٰذِهِ الْبَلْدَةِ الَّذِي حَرَّمَهَا وَلَهُ كُلُّ شَيْءٍ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ الْمُسْلِمِينَ
২৭:৯১
মোক নিৰ্দেশ কৰা হৈছে এই নগৰৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ, যিজনে ইয়াক সন্মানিত কৰিছে। সকলো বস্তু তেওঁৰেই। মোক আৰু আদেশ কৰা হৈছে, মই যেন আত্মসমৰ্পনকাৰী সকলৰ অন্তৰ্ভুক্ত হওঁ।
.
٩٢:٢٧
وَأَنْ أَتْلُوَ الْقُرْآنَ ۖ فَمَنِ اهْتَدَىٰ فَإِنَّمَا يَهْتَدِي لِنَفْسِهِ ۖ وَمَنْ ضَلَّ فَقُلْ إِنَّمَا أَنَا مِنَ الْمُنْذِرِينَ
২৭:৯২
মোক আৰু নিৰ্দেশ দিয়া হৈছে, কোৰআন তিলাৱত কৰিবলৈ। এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই সৎপথ অৱলম্বন কৰে, আৰু যিয়ে ভুল পথ অৱলম্বন কৰে, তেন্তে তুমি কোৱা, ‘মইহে কেৱল এজন সতৰ্ককাৰী’।
.
٧١:٦
قُلْ أَنَدْعُو مِنْ دُونِ اللَّهِ مَا لَا يَنْفَعُنَا وَلَا يَضُرُّنَا وَنُرَدُّ عَلَىٰ أَعْقَابِنَا بَعْدَ إِذْ هَدَانَا اللَّهُ كَالَّذِي اسْتَهْوَتْهُ الشَّيَاطِينُ فِي الْأَرْضِ حَيْرَانَ لَهُ أَصْحَابٌ يَدْعُونَهُ إِلَى الْهُدَى ائْتِنَا ۗ قُلْ إِنَّ هُدَى اللَّهِ هُوَ الْهُدَىٰ ۖ وَأُمِرْنَا لِنُسْلِمَ لِرَبِّ الْعَالَمِينَ
৬:৭১
কোৱা, ‘আল্লাহৰ বাহিৰে আমি এনে কাৰোবাক আহ্বান কৰিম নেকি, যিয়ে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱেই কৰিব নোৱাৰে? আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আকৌ আমি পূৰ্বাৱস্থালৈ উভতি যামনে সেই ব্যক্তিৰ দৰে, যাক চয়তানে পৃথিৱীত এনে মজবুতভাৱে পাইছে যে সি পথ হেৰুৱাই কিংকৰ্তব্যবিমূঢ় হৈছে? তাৰ আছে কিছুমান (ঈমান্দাৰ) সহচৰবৃন্দ, সিহঁতে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয়, ‘আহা আমাৰ ফালে আহা’। কোৱা, ‘আল্লাহৰ হিদায়তেই সঠিক হিদায়ত আৰু আমাক আদেশ কৰা হৈছে সৃষ্টিজগতৰ ৰবৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ’।
.
٢٠:٣
فَإِنْ حَاجُّوكَ فَقُلْ أَسْلَمْتُ وَجْهِيَ لِلَّهِ وَمَنِ اتَّبَعَنِ ۗ وَقُلْ لِلَّذِينَ أُوتُوا الْكِتَابَ وَالْأُمِّيِّينَ أَأَسْلَمْتُمْ ۚ فَإِنْ أَسْلَمُوا فَقَدِ اهْتَدَوْا ۖ وَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْكَ الْبَلَاغُ ۗ وَاللَّهُ بَصِيرٌ بِالْعِبَادِ
৩:২০
এতেকে সিহঁতে যদি তোমাৰ লগত বিতৰ্কত লিপ্ত হয় তেন্তে তুমি কোৱা, ‘মই আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছো আৰু মোৰ অনুসাৰীসকলেও’। আৰু যিসকলক কিতাব দিয়া হৈছে সিহঁতক আৰু নিৰক্ষৰসকলক কোৱা, ‘তোমালোকেও আত্মসমৰ্পণ কৰিছা নেকি?’ যদি সিহঁতে আত্মসমৰ্পণ কৰে তেন্তে নিশ্চয় সিহঁতেও হিদায়ত পাব; আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য কেৱল প্ৰচাৰ কৰা; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।
.
٨٥:٣
وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ
৩:৮৫
আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভূক্ত হ’ব।
..
🔵ISLAM:-
١٦:٤٩
قُلْ أَتُعَلِّمُونَ اللَّهَ بِدِينِكُمْ وَاللَّهُ يَعْلَمُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۚ وَاللَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ
৪৯:১৬
কোৱা, ‘তোমালোকে তোমালোকৰ দ্বীন সম্পৰ্কে আল্লাহক অৱগত কৰি আছা নেকি? অথচ আল্লাহে জানে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে। আল্লাহ সকলো বিষয়েই সম্যক অৱগত’।
.
١٧:٤٩
يَمُنُّونَ عَلَيْكَ أَنْ أَسْلَمُوا ۖ قُلْ لَا تَمُنُّوا عَلَيَّ إِسْلَامَكُمْ ۖ بَلِ اللَّهُ يَمُنُّ عَلَيْكُمْ أَنْ هَدَاكُمْ لِلْإِيمَانِ إِنْ كُنْتُمْ صَادِقِينَ
৪৯:১৭
সিহঁতে ভাৱে যে, সিহঁতে ইছলাম গ্ৰহণ কৰি তোমাক ধন্য কৰিছে। কোৱা, ‘তোমালোকে ইছলাম গ্ৰহণ কৰি মোক ধন্য কৰিছা বুলি নাভাবিবা; বৰং আল্লাহেই তোমালোকক ঈমানৰ দিশত পৰিচালিত কৰি তোমালোককহে ধন্য কৰিছে, যদি তোমালোকে সত্যবাদী হোৱা’।
.
🌺babs🌺comp.tran🌺syedraf🌺
Comments
Post a Comment