Hidayat 1:6-7

🌾সৰল পথ(صِّرَاطَ الْمُسْتَقِيمَ)👌
.
Chapter 1:6-7(Fatiha)
٦:١
اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ
১:৬
🔵আমাক সৰল পথৰ হিদায়ত দিয়া
.
٧:١
صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ
১:৭
🔵তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয়
⬇️⬇️...⬇️⬇️...⬇️⬇️⬇️
٩٠:٦
أُولَٰئِكَ الَّذِينَ هَدَى اللَّهُ ۖ فَبِهُدَاهُمُ اقْتَدِهْ ۗ قُلْ لَا أَسْأَلُكُمْ عَلَيْهِ أَجْرًا ۖ إِنْ هُوَ إِلَّا ذِكْرَىٰ لِلْعَالَمِينَ
💚৬:৯০
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত কৰিছে, এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা, ‘ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰো, এইটো কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ’।
.
*Perfect Security for Believers*
6:82-6:90
٨٢:٦
الَّذِينَ آمَنُوا وَلَمْ يَلْبِسُوا إِيمَانَهُمْ بِظُلْمٍ أُولَٰئِكَ لَهُمُ الْأَمْنُ وَهُمْ مُهْتَدُونَ
🌺৬:৮২
যিসকলে ঈমান আনিছে আৰু সিহঁতৰ ঈমানক যুলুমৰ (শ্বিৰ্কৰ) দ্বাৰা কলুষিত কৰা নাই, নিৰাপত্তা কেৱল সিহঁতৰ বাবেই আৰু সিহঁতেই হিদায়তপ্ৰাপ্ত।
.
٨٣:٦
وَتِلْكَ حُجَّتُنَا آتَيْنَاهَا إِبْرَاهِيمَ عَلَىٰ قَوْمِهِ ۚ نَرْفَعُ دَرَجَاتٍ مَنْ نَشَاءُ ۗ إِنَّ رَبَّكَ حَكِيمٌ عَلِيمٌ
🌺৬:৮৩
আৰু এইটোৱেই আমাৰ যুক্তি-প্ৰমাণ যিটো ইব্ৰাহীমক দিছিলো তাৰ জাতিৰ লগত মোকাবিলা কৰিবলৈ, আমি যাক ইচ্ছা কৰো উচ্চ মৰ্যাদা দান কৰো। নিশ্চয় তোমাৰ ৰব প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
.
٨٤:٦
وَوَهَبْنَا لَهُ إِسْحَاقَ وَيَعْقُوبَ ۚ كُلًّا هَدَيْنَا ۚ وَنُوحًا هَدَيْنَا مِنْ قَبْلُ ۖ وَمِنْ ذُرِّيَّتِهِ دَاوُودَ وَسُلَيْمَانَ وَأَيُّوبَ وَيُوسُفَ وَمُوسَىٰ وَهَارُونَ ۚ وَكَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ
🌺৬:৮৪
আৰু আমি তেওঁক দান কৰিছিলো ইছহাক্ব আৰু ইয়াকূব, এওঁলোকৰ প্ৰত্যেককে হিদায়ত দিছিলো; ইয়াৰ পূৰ্বে নুহকো আমি হিদায়ত দিছিলো আৰু তেওঁৰ বংশধৰ দাউদ, ছুলাইমান, আইউব, ইউছুফ, মুছা আৰু হাৰূনকো; এইদৰেই আমি মুহছিনসকলক পুৰষ্কৃত কৰো;
.
٨٥:٦
وَزَكَرِيَّا وَيَحْيَىٰ وَعِيسَىٰ وَإِلْيَاسَ ۖ كُلٌّ مِنَ الصَّالِحِينَ
🌺৬:৮৫
আৰু যাকাৰিয়্যাহ, ইয়াহয়া, ঈছা আৰু ইলয়াছকো (আমি হিদায়ত দিছিলো)। এওঁলোকৰ প্ৰত্যেকেই সৎকৰ্মপৰায়ণ আছিল;
.
٨٦:٦
وَإِسْمَاعِيلَ وَالْيَسَعَ وَيُونُسَ وَلُوطًا ۚ وَكُلًّا فَضَّلْنَا عَلَى الْعَالَمِينَ
🌺৬:৮৬
আৰু ইছমাঈল, আল-য়াছা, ইউনুছ আৰু লূতকো (আমি হিদায়ত দিছিলো); আৰু তেওঁলোকৰ প্ৰত্যেককে আমি সৃষ্টিজগতৰ ওপৰত শ্ৰেষ্ঠত্ব দান কৰিছিলো।
.
٨٧:٦
وَمِنْ آبَائِهِمْ وَذُرِّيَّاتِهِمْ وَإِخْوَانِهِمْ ۖ وَاجْتَبَيْنَاهُمْ وَهَدَيْنَاهُمْ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
🌺৬:৮৭
আৰু (আমি হিদায়ত প্ৰদান কৰিছিলো) তেওঁলোকৰ পিতৃপুৰুষ, বংশধৰ আৰু ভাতৃসকলৰ কিছুসংখ্যকক; আৰু আমি তেওঁলোকক মনোনীত কৰিছিলো আৰু সৰল পথত পৰিচালিত কৰিছিলো।
.
٨٨:٦
ذَٰلِكَ هُدَى اللَّهِ يَهْدِي بِهِ مَنْ يَشَاءُ مِنْ عِبَادِهِ ۚ وَلَوْ أَشْرَكُوا لَحَبِطَ عَنْهُمْ مَا كَانُوا يَعْمَلُونَ
🌺৬:৮৮
এইটো হৈছে আল্লাহৰ হিদায়ত, ইয়াৰ দ্বাৰা তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত প্ৰদান কৰে। কিন্তু যদি তেওঁলোকে শ্বিৰ্ক কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ গ’লেহেঁতেন।
.
٨٩:٦
أُولَٰئِكَ الَّذِينَ آتَيْنَاهُمُ الْكِتَابَ وَالْحُكْمَ وَالنُّبُوَّةَ ۚ فَإِنْ يَكْفُرْ بِهَا هَٰؤُلَاءِ فَقَدْ وَكَّلْنَا بِهَا قَوْمًا لَيْسُوا بِهَا بِكَافِرِينَ
🌺৬:৮৯
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আমি কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছো, এতেকে যদি সিহঁতে ইয়াৰ লগত কুফৰী কৰে, তেন্তে আমি ইয়াৰ দায়িত্বভাৰ এনে এটা সম্প্ৰদায়ক দিছো যিসকলে ইয়াৰ লগত কুফৰী নকৰে।
.
🥀arrd🥀syedraf🥀

Comments

Popular posts from this blog

By sam(SJC)Shayṭān, Jinn, and Related Terms Considered: by Sam

About Quran by David Namuh

Special Note 2:79