🥀আল্লাহৰ সাক্ষাৎ

🥀আল্লাহৰ সাক্ষাৎ🌼
.
٣١:٦
قَدْ خَسِرَ الَّذِينَ كَذَّبُوا بِلِقَاءِ اللَّهِ ۖ حَتَّىٰ إِذَا جَاءَتْهُمُ السَّاعَةُ بَغْتَةً قَالُوا يَا حَسْرَتَنَا عَلَىٰ مَا فَرَّطْنَا فِيهَا وَهُمْ يَحْمِلُونَ أَوْزَارَهُمْ عَلَىٰ ظُهُورِهِمْ ۚ أَلَا سَاءَ مَا يَزِرُونَ
৬:৩১
যিসকলে আল্লাহৰ সাক্ষাৎ অস্বীকাৰ কৰিছে সিহঁতে নিশ্চয় ক্ষতিগ্ৰস্ত হৈছে, আনকি সিহঁতৰ ওচৰত যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়! ইয়াক আমি কিমান যে অৱহেলা কৰিছিলো তাৰ বাবে এতিয়া আফচোচ’। আৰু সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব। সাৱধান! সিহঁতে যি বহন কৰিব সেয়া অতি নিকৃষ্ট!
.
٥:٢٩
مَنْ كَانَ يَرْجُو لِقَاءَ اللَّهِ فَإِنَّ أَجَلَ اللَّهِ لَآتٍ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ
২৯:৫
যিয়ে আল্লাহৰ সাক্ষাত কামনা কৰে তেওঁ জানি থোৱা উচিত যে, নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় আহিবই; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
.
٧:١٠
إِنَّ الَّذِينَ لَا يَرْجُونَ لِقَاءَنَا وَرَضُوا بِالْحَيَاةِ الدُّنْيَا وَاطْمَأَنُّوا بِهَا وَالَّذِينَ هُمْ عَنْ آيَاتِنَا غَافِلُونَ
১০:৭
নিশ্চয় যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে, আৰু পাৰ্থিৱ জীৱন লৈয়ে সন্তুষ্ট হৈছে আৰু সেইটো লৈয়ে পৰিতৃপ্ত, আৰু যিসকলে আমাৰ নিদৰ্শনাৱলী সম্পৰ্কে গাফিল,
.
75:21-23
٢١:٧٥
وَتَذَرُونَ الْآخِرَةَ
৭৫:২১
আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।
٢٢:٧٥
وُجُوهٌ يَوْمَئِذٍ نَاضِرَةٌ
৭৫:২২
সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,
٢٣:٧٥
إِلَىٰ رَبِّهَا نَاظِرَةٌ
৭৫:২৩
সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।
.
💛 syedraf💚

Comments

Popular posts from this blog

Transcription Note of Quran 2:102:Sabbir Ahmed:

Do not Make Distinction Among God's Messengers

Why are there so many interpretations of Islam?by Rezaul Haque