এল্লাহৰ হিদায়ৎ (guidance) -বনাম-চয়তানৰ হিদায়ৎ

💥এল্লাহৰ হিদায়ৎ (guidance) -বনাম-চয়তানৰ হিদায়ৎ

⬇️⬇️
٧١:٦
قُلْ أَنَدْعُو مِنْ دُونِ اللَّهِ مَا لَا يَنْفَعُنَا وَلَا يَضُرُّنَا وَنُرَدُّ عَلَىٰ أَعْقَابِنَا بَعْدَ إِذْ هَدَانَا اللَّهُ كَالَّذِي اسْتَهْوَتْهُ الشَّيَاطِينُ فِي الْأَرْضِ حَيْرَانَ لَهُ أَصْحَابٌ يَدْعُونَهُ إِلَى الْهُدَى ائْتِنَا ۗ قُلْ إِنَّ هُدَى اللَّهِ هُوَ الْهُدَىٰ ۖ وَأُمِرْنَا لِنُسْلِمَ لِرَبِّ الْعَالَمِينَ
৬:৭১
কোৱা, ‘আল্লাহৰ বাহিৰে আমি এনে কাৰোবাক আহ্বান কৰিম নেকি, যিয়ে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱেই কৰিব নোৱাৰে? আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আকৌ আমি পূৰ্বাৱস্থালৈ উভতি যামনে সেই ব্যক্তিৰ দৰে, যাক চয়তানে পৃথিৱীত এনে মজবুতভাৱে পাইছে যে সি পথ হেৰুৱাই কিংকৰ্তব্যবিমূঢ় হৈছে? তাৰ আছে কিছুমান (ঈমান্দাৰ) সহচৰবৃন্দ, সিহঁতে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয়, 🚑‘আহা আমাৰ ফালে আহা’। কোৱা, ‘আল্লাহৰ হিদায়তেই সঠিক হিদায়ত আৰু আমাক আদেশ কৰা হৈছে সৃষ্টিজগতৰ ৰবৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ’।
⬇️🚑
٢٢:١٤
وَقَالَ الشَّيْطَانُ لَمَّا قُضِيَ الْأَمْرُ إِنَّ اللَّهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُكُمْ فَأَخْلَفْتُكُمْ ۖ وَمَا كَانَ لِيَ عَلَيْكُمْ مِنْ سُلْطَانٍ إِلَّا أَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِي ۖ فَلَا تَلُومُونِي وَلُومُوا أَنْفُسَكُمْ ۖ مَا أَنَا بِمُصْرِخِكُمْ وَمَا أَنْتُمْ بِمُصْرِخِيَّ ۖ إِنِّي كَفَرْتُ بِمَا أَشْرَكْتُمُونِ مِنْ قَبْلُ ۗ إِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
১৪:২২
আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
❤️compd❤️syedraf❤️

Comments

Popular posts from this blog

Transcription Note of Quran 2:102:Sabbir Ahmed:

Why are there so many interpretations of Islam?by Rezaul Haque

Do not Make Distinction Among God's Messengers