Those follow fore-father

🔴কোৰআনত নথকা বিষয় এটা পিতৃ পুৰুষসকলে পালন কৰিলেই বুলি কৰিবনে?

⬇️✨⬇️✨⬇️
١٧٠:٢
وَإِذَا قِيلَ لَهُمُ اتَّبِعُوا مَا أَنْزَلَ اللَّهُ قَالُوا بَلْ نَتَّبِعُ مَا أَلْفَيْنَا عَلَيْهِ آبَاءَنَا ۗ أَوَلَوْ كَانَ آبَاؤُهُمْ لَا يَعْقِلُونَ شَيْئًا وَلَا يَهْتَدُونَ
২:১৭০-১৭১
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া তোমালোকে অনুসৰণ কৰা’, (তেতিয়া) সিহঁতে কয়, ‘নহয়, বৰং আমি অনুসৰণ কৰিম সেইটোৰ, যিটোৰ ওপৰত আমি আমাৰ পিতৃ পুৰুষসকলক পাইছো’। যদিও সিহঁতৰ পিতৃ-পুৰুষসকলে একো বুজা নাছিল আৰু সিহঁত সৎপথতো পৰিচালিত নাছিল, (তথাপিও সিহঁতে তাৰেই অনুসৰণ কৰিব নে?)
.
١٧١:٢
وَمَثَلُ الَّذِينَ كَفَرُوا كَمَثَلِ الَّذِي يَنْعِقُ بِمَا لَا يَسْمَعُ إِلَّا دُعَاءً وَنِدَاءً ۚ صُمٌّ بُكْمٌ عُمْيٌ فَهُمْ لَا يَعْقِلُونَ
২:১৭১
আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ উদাহৰণ তাৰ দৰে, যিয়ে এনে কাৰোবাক মাতিছে যিয়ে চিঞঁৰ বাখৰৰ বাহিৰে একো নুশুনে। সিহঁত কলা, বোবা, অন্ধ; সেয়ে সিহঁত নুবুজে।
.
٢١:٣١
وَإِذَا قِيلَ لَهُمُ اتَّبِعُوا مَا أَنْزَلَ اللَّهُ قَالُوا بَلْ نَتَّبِعُ مَا وَجَدْنَا عَلَيْهِ آبَاءَنَا ۚ أَوَلَوْ كَانَ الشَّيْطَانُ يَدْعُوهُمْ إِلَىٰ عَذَابِ السَّعِيرِ
৩১:২১
আৰু সিহঁতক যেতিয়া কোৱা হয় যে, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তোমালোকে সেয়া অনুসৰণ কৰা’। সিহঁতে কয়, ‘বৰং আমি আমাৰ পিতৃপুৰুষ সকলক যিটোৰ ওপৰত পাইছো সেইটোৰেই অনুসৰণ কৰিম’। চয়তানে যদি সিহঁতক জ্বলন্ত জুইৰ পিনে আহ্বান কৰে তথাপিও, (সিহঁতে পিতৃপুৰুষ সকলৰ অনুসৰণ কৰিবনে)?

⬇️💥⬇️💥⬇️
٢١:٤٢
أَمْ لَهُمْ شُرَكَاءُ شَرَعُوا لَهُمْ مِنَ الدِّينِ مَا لَمْ يَأْذَنْ بِهِ اللَّهُ ۚ وَلَوْلَا كَلِمَةُ الْفَصْلِ لَقُضِيَ بَيْنَهُمْ ۗ وَإِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
৪২:২১
অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি, যিবিলাকে সিহঁতৰ বাবে দ্বীনৰ পৰা চৰীয়ত প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই? আৰু মীমাংসাৰ ঘোষণা নাথাকিলে অৱশ্যে সিহঁতৰ মাজত সিদ্ধান্ত হৈ গ’লহেঁতেন। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
🎀syedraf🎀

Comments

Popular posts from this blog

Transcription Note of Quran 2:102:Sabbir Ahmed:

Do not Make Distinction Among God's Messengers

Why are there so many interpretations of Islam?by Rezaul Haque