The Great Prophecy.(এল্লাহৰ ব্যবস্থাই মিছাৰ ওপৰত বিজয়ী হব)।
🔴The Great Prophecy.
(আমাক প্রতিশ্রুতি দিয়া হৈছেযে এল্লাহৰ ব্যবস্থাই মিছাৰ ওপৰত বিজয়ী হব)।
٢٨:٤٨
هُوَ الَّذِي أَرْسَلَ رَسُولَهُ بِالْهُدَىٰ وَدِينِ الْحَقِّ لِيُظْهِرَهُ عَلَى الدِّينِ كُلِّهِ ۚ وَكَفَىٰ بِاللَّهِ شَهِيدًا
৪৮:২৮
তেৱেঁই নিজ ৰাছুলক পথনিৰ্দেশ আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, আন সকলো দ্বীনৰ ওপৰত ইয়াক জয়যুক্ত কৰাৰ বাবে; আৰু সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।
(48:28 He is the One Who has sent His Messenger with Enlightenment and the Religion of truth that He may cause it to prevail over all other systems of life. God is Sufficient as Witness (to this Pronouncement).
.
⬇️ ⬇️ ⬇️ Quran Explain Itself.
✔️৯:৩১-৩৩
٣١:٩
اتَّخَذُوا أَحْبَارَهُمْ وَرُهْبَانَهُمْ أَرْبَابًا مِنْ دُونِ اللَّهِ وَالْمَسِيحَ ابْنَ مَرْيَمَ وَمَا أُمِرُوا إِلَّا لِيَعْبُدُوا إِلَٰهًا وَاحِدًا ۖ لَا إِلَٰهَ إِلَّا هُوَ ۚ سُبْحَانَهُ عَمَّا يُشْرِكُونَ
৯:৩১
সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগিসকলক সিহঁতৰ ৰবৰূপে গ্ৰহণ কৰিছে আৰু মাৰইয়ামৰ পুত্ৰ মছীহকো। অথচ এক ইলাহৰ ইবাদত কৰাৰ বাবেই তেওঁলোক আদিষ্ট হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ!
.
٣٢:٩
يُرِيدُونَ أَنْ يُطْفِئُوا نُورَ اللَّهِ بِأَفْوَاهِهِمْ وَيَأْبَى اللَّهُ إِلَّا أَنْ يُتِمَّ نُورَهُ وَلَوْ كَرِهَ الْكَافِرُونَ
৯:৩২
সিহঁতে নিজৰ মুখেৰে ফুঁ মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে। কিন্তু আল্লাহে তেওঁৰ নূৰ পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে। যদিও সেয়া কাফিৰসকলে অপছন্দ নকৰক কিয়।
.
٣٣:٩
هُوَ الَّذِي أَرْسَلَ رَسُولَهُ بِالْهُدَىٰ وَدِينِ الْحَقِّ لِيُظْهِرَهُ عَلَى الدِّينِ كُلِّهِ وَلَوْ كَرِهَ الْمُشْرِكُونَ
৯:৩৩
তেৱেঁই সেই সত্তা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰে, যদিও মুশ্বৰিকসকলে সেয়া অপছন্দ কৰে।
.
٣١:١٣
وَلَوْ أَنَّ قُرْآنًا سُيِّرَتْ بِهِ الْجِبَالُ أَوْ قُطِّعَتْ بِهِ الْأَرْضُ أَوْ كُلِّمَ بِهِ الْمَوْتَىٰ ۗ بَلْ لِلَّهِ الْأَمْرُ جَمِيعًا ۗ أَفَلَمْ يَيْأَسِ الَّذِينَ آمَنُوا أَنْ لَوْ يَشَاءُ اللَّهُ لَهَدَى النَّاسَ جَمِيعًا ۗ وَلَا يَزَالُ الَّذِينَ كَفَرُوا تُصِيبُهُمْ بِمَا صَنَعُوا قَارِعَةٌ أَوْ تَحُلُّ قَرِيبًا مِنْ دَارِهِمْ حَتَّىٰ يَأْتِيَ وَعْدُ اللَّهِ ۚ إِنَّ اللَّهَ لَا يُخْلِفُ الْمِيعَادَ
✔️১৩:৩১
আৰু যদি কোৰআন এনেকুৱা হ’লেহেঁতেন যাৰ দ্বাৰা পৰ্বতক গতিশীল কৰা গ’লেহেঁতেন আৰু পৃথিৱীক টুকুৰা-টুকুৰ কৰা গ’লেহেঁতেন নাইবা মৃত ব্যক্তিৰ লগত কথা ক’ব পৰা গ’লেহেঁতেন, কিন্তু সকলো বিষয় আল্লাহৰেই ইখতিয়াৰভুক্ত। তেন্তে যিসকলে ঈমান আনিছে তেওঁলোকে নাজানে নেকি যে, আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন? আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব, অথবা বিপৰ্যয় সিহঁতৰ আবাসৰ ওচৰে পাজৰে আপতিত হৈয়ে থাকিব, আল্লাহৰ প্ৰতিশ্ৰুতি নহা লৈকে। নিশ্চয় আল্লাহ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে।
.
٤٨:١٤
يَوْمَ تُبَدَّلُ الْأَرْضُ غَيْرَ الْأَرْضِ وَالسَّمَاوَاتُ ۖ وَبَرَزُوا لِلَّهِ الْوَاحِدِ الْقَهَّارِ
✔️১৪:৪৮
যিদিনা এই পৃথিৱী ভিন্ন পৃথিৱীত ৰূপান্তৰিত হ’ব আৰু আকাশসমূহও (ৰূপান্তৰিত হ’ব); আৰু মানুহ উন্মুক্তভাৱে উপস্থিত হ’ব মহাপৰাক্ৰমশালী এক আল্লাহৰ সন্মুখত।
.
٤٨:١٨
وَعُرِضُوا عَلَىٰ رَبِّكَ صَفًّا لَقَدْ جِئْتُمُونَا كَمَا خَلَقْنَاكُمْ أَوَّلَ مَرَّةٍ ۚ بَلْ زَعَمْتُمْ أَلَّنْ نَجْعَلَ لَكُمْ مَوْعِدًا
✔️১৮:৪৮
আৰু সিহঁতক তোমাৰ প্ৰতিপালকৰ ওচৰত শাৰীবদ্ধভাৱে উপস্থিত কৰা হ’ব আৰু আল্লাহে ক’ব, ‘তোমালোকক আমি প্ৰথমবাৰ যেনেকৈ সৃষ্টি কৰিছিলো ঠিক তেনেকৈয়ে তোমালোক মোৰ ওচৰত উপস্থিত হৈছা, অথচ তোমালোকে ভাবিছিলা যে, তোমালোকৰ বাবে আমি কোনো প্ৰতিশ্ৰুতি সময় নিৰ্ধাৰণ নকৰিম’।
.
٥٣:٤١
سَنُرِيهِمْ آيَاتِنَا فِي الْآفَاقِ وَفِي أَنْفُسِهِمْ حَتَّىٰ يَتَبَيَّنَ لَهُمْ أَنَّهُ الْحَقُّ ۗ أَوَلَمْ يَكْفِ بِرَبِّكَ أَنَّهُ عَلَىٰ كُلِّ شَيْءٍ شَهِيدٌ
✔️৪১:৫৩
অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, অৱশ্যে এইটো (কোৰআন) সত্য। এইটো তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী?
.
✔️৫১:২০-২১
٢٠:٥١
وَفِي الْأَرْضِ آيَاتٌ لِلْمُوقِنِينَ
৫১:২০
আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত বহুতো নিদৰ্শন আছে,
.
٢١:٥١
وَفِي أَنْفُسِكُمْ ۚ أَفَلَا تُبْصِرُونَ
৫১:২১
আৰু তোমালোকৰ নিজৰ মাজতো আছে। তোমালোকে লক্ষ্য নকৰা নেকি?
.
٩:٦١
هُوَ الَّذِي أَرْسَلَ رَسُولَهُ بِالْهُدَىٰ وَدِينِ الْحَقِّ لِيُظْهِرَهُ عَلَى الدِّينِ كُلِّهِ وَلَوْ كَرِهَ الْمُشْرِكُونَ
✔️৬১:৯
তেৱেঁই নিজ ৰাছুলক প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দ্বীনসহ সকলো দ্বীনৰ ওপৰত তেওঁক বিজয়ী কৰাৰ বাবে, যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।
.
⚪Mathematical system of the Quran is the start of the new era.
٨٢:٢٧
۞ وَإِذَا وَقَعَ الْقَوْلُ عَلَيْهِمْ أَخْرَجْنَا لَهُمْ دَابَّةً مِنَ الْأَرْضِ تُكَلِّمُهُمْ أَنَّ النَّاسَ كَانُوا بِآيَاتِنَا لَا يُوقِنُونَ
২৭:৮২
আৰু যেতিয়া সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহিব তেতিয়া আমি সিহঁতৰ বাবে পৃথিৱীৰ পৰা এটা জন্তু উলিয়াম (দা-ব্বাতুল আৰজ), যিটো সিহঁতৰ লগত কথা ক'ব যে, মানুহে আমাৰ নিদৰ্শনসমূহৰ প্ৰতি নিশ্চিত বিশ্বাস কৰা নাছিল।
.
٢٨:٧٢
لِيَعْلَمَ أَنْ قَدْ أَبْلَغُوا رِسَالَاتِ رَبِّهِمْ وَأَحَاطَ بِمَا لَدَيْهِمْ وَأَحْصَىٰ كُلَّ شَيْءٍ عَدَدًا
৭২:২৮
যাতে তেওঁ প্ৰকাশ কৰে যে, নিশ্চয় তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ৰিছালত পৌঁচাই দিছে। আৰু তেওঁলোকৰ ওচৰত যি আছে সেয়া তেওঁ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে আৰু তেওঁ প্ৰতিটো বস্তু গণনা কৰি হিচাপ কৰি ৰাখিছে।
.
🎀compiled🎀syedraf🎀
Comments
Post a Comment