হিদায়ৎ
🍇WHAT IS GUIDANCE OF ALLAH( হিদায়ৎ কি)?
.
39:36-38
٣٦:٣٩
أَلَيْسَ اللَّهُ بِكَافٍ عَبْدَهُ ۖ وَيُخَوِّفُونَكَ بِالَّذِينَ مِنْ دُونِهِ ۚ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ
৩৯:৩৬
🔴আল্লাহেই তেওঁৰ বান্দাৰ বাবে যথেষ্ট নহয় নে? অথচ সিহঁতে তোমাক আল্লাহৰ পৰিবৰ্তে আনৰ ভয় দেখুৱায়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই।
٣٧:٣٩
وَمَنْ يَهْدِ اللَّهُ فَمَا لَهُ مِنْ مُضِلٍّ ۗ أَلَيْسَ اللَّهُ بِعَزِيزٍ ذِي انْتِقَامٍ
৩৯:৩৭
🔴আৰু যাক আল্লাহে হিদায়ত কৰে তাক পথভ্ৰষ্ট কৰিবলৈয়ো কোনো নাই; আল্লাহ মহা পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী নহয় নে বাৰু?
٣٨:٣٩
وَلَئِنْ سَأَلْتَهُمْ مَنْ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ لَيَقُولُنَّ اللَّهُ ۚ قُلْ أَفَرَأَيْتُمْ مَا تَدْعُونَ مِنْ دُونِ اللَّهِ إِنْ أَرَادَنِيَ اللَّهُ بِضُرٍّ هَلْ هُنَّ كَاشِفَاتُ ضُرِّهِ أَوْ أَرَادَنِي بِرَحْمَةٍ هَلْ هُنَّ مُمْسِكَاتُ رَحْمَتِهِ ۚ قُلْ حَسْبِيَ اللَّهُ ۖ عَلَيْهِ يَتَوَكَّلُ الْمُتَوَكِّلُونَ
৩৯:৩৮
🔴আৰু তুমি যদি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি মোৰ অনিষ্ট কৰিব বিচাৰে তেন্তে তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে সেই অনিষ্ট দূৰ কৰিব পাৰিবনে? অথবা তেওঁ যদি মোৰ প্ৰতি অনুগ্ৰহ কৰিব বিচাৰে তেন্তে সিহঁতে সেই অনুগ্ৰহ ৰোধ কৰিব পাৰিবনে’? কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট’। নিৰ্ভৰকাৰীসকলে তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰে।
⬇️⬇️⬇️
He who follows what God has declared to be wrong, goes astray.
39:23
٢٣:٣٩
اللَّهُ نَزَّلَ أَحْسَنَ الْحَدِيثِ كِتَابًا مُتَشَابِهًا مَثَانِيَ تَقْشَعِرُّ مِنْهُ جُلُودُ الَّذِينَ يَخْشَوْنَ رَبَّهُمْ ثُمَّ تَلِينُ جُلُودُهُمْ وَقُلُوبُهُمْ إِلَىٰ ذِكْرِ اللَّهِ ۚ ذَٰلِكَ هُدَى اللَّهِ يَهْدِي بِهِ مَنْ يَشَاءُ ۚ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ
৩৯:২৩
⛑️আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ (বাণী) সম্বলিত এটা কিতাব, যিটো সুসামঞ্জস্য আৰু যিটো পুনঃ পুনঃ আবৃত্তি কৰা হয়। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ঁৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাবিত হয়। এইটোৱেই আল্লাহৰ হিদায়ত, তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা হিদায়ত কৰে। কিন্তু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ হিদায়তকাৰী কোনো নাই।
.
SAHIH INTERNATIONAL
Allah has sent down the best statement: a consistent Book wherein is reiteration. The skins shiver therefrom of those who fear their Lord; then their skins and their hearts relax at the remembrance of Allah . That is the guidance of Allah by which He guides whom He wills. And one whom Allah leaves astray - for him there is no guide.
.
🥀comp.edi🥀syedraf🥀
Comments
Post a Comment