Can Zakat paid to non Muslim?-Ans.syedraf
প্ৰশ্ন:- বেলেগ ধৰ্মৰ চিনাকি দুখীয়া মানুহক জাকাত দিব পাৰি নে ?
.
⬇️উঃ syedraf
কিয় নোৱাৰিব...
চাওঁক:
.
মানব কল্যাণৰ বাবেই কোৰআন। গতিকে sequence as per verse দান/জাকাত দিব পাৰিঃ
٢١٥:٢
يَسْأَلُونَكَ مَاذَا يُنْفِقُونَ ۖ قُلْ مَا أَنْفَقْتُمْ مِنْ خَيْرٍ فَلِلْوَالِدَيْنِ وَالْأَقْرَبِينَ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَابْنِ السَّبِيلِ ۗ وَمَا تَفْعَلُوا مِنْ خَيْرٍ فَإِنَّ اللَّهَ بِهِ عَلِيمٌ
২:২১৫
সিহঁতে তোমাক প্ৰশ্ন কৰে, সিহঁতে কি ব্যয় কৰিব? কোৱা, যি ধন-সম্পদ তোমালোকে ব্যয় কৰিবা সেয়া হৈছে, ✔️পিতৃ-মাতৃ, ✔️আত্মীয়-স্বজন, ✔️ইয়াতীম, ✔️মিছকীন আৰু ✔️মুছাফিৰসকলৰ বাবে; আৰু তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।
.
١٧٧:٢
۞ لَيْسَ الْبِرَّ أَنْ تُوَلُّوا وُجُوهَكُمْ قِبَلَ الْمَشْرِقِ وَالْمَغْرِبِ وَلَٰكِنَّ الْبِرَّ مَنْ آمَنَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَالْمَلَائِكَةِ وَالْكِتَابِ وَالنَّبِيِّينَ وَآتَى الْمَالَ عَلَىٰ حُبِّهِ ذَوِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينَ وَابْنَ السَّبِيلِ وَالسَّائِلِينَ وَفِي الرِّقَابِ وَأَقَامَ الصَّلَاةَ وَآتَى الزَّكَاةَ وَالْمُوفُونَ بِعَهْدِهِمْ إِذَا عَاهَدُوا ۖ وَالصَّابِرِينَ فِي الْبَأْسَاءِ وَالضَّرَّاءِ وَحِينَ الْبَأْسِ ۗ أُولَٰئِكَ الَّذِينَ صَدَقُوا ۖ وَأُولَٰئِكَ هُمُ الْمُتَّقُونَ
২:১৭৭
পূৱ বা পশ্চিম দিশত তোমালোকৰ মুখ কৰাটোৱে সৎ কাম নহয়, বৰং সৎকৰ্ম হৈছে, যি ব্যক্তি আল্লাহ, শেষ দিৱস, ফিৰিস্তাসকল, কিতাবসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান আনিব আৰু সম্পদৰ প্ৰতি আসক্তি থকা সত্ত্বেও ✔️আত্মীয়-স্বজন, ✔️ইয়াতীম, ✔️অভাৱগ্ৰস্ত, ✔️মুছাফিৰ, ✔️সাহায্যপ্ৰাৰ্থী আৰু ✔️দাসমুক্তিৰ বাবে ব্যয় কৰিব আৰু ছালাত প্ৰতিষ্ঠা কৰিব, যাকাত প্ৰদান কৰিব, প্ৰতিশ্ৰুতি দিলে সেয়া পূৰ্ণ কৰিব, অৰ্থ-সংকটত, দুখ-কষ্টত আৰু সংগ্ৰাম-সংকটত ধৈৰ্য ধাৰণ কৰিব। এওঁলোকেই সত্যবাদী আৰু এওঁলোকেই মুত্তাক্বী।
.
✔️পিতৃ-মাতৃ,
✔️আত্মীয়-স্বজন,
✔️ইয়াতীম,
✔️মিছকীন,
✔️অভাৱগ্ৰস্ত👍(যিকোনো ধৰ্মৰ)
✔️মুছাফিৰসকল।
✔️সাহায্যপ্ৰাৰ্থী👍(যিকোনো ধৰ্মৰ)
✔️দাসমুক্তিৰ(আগৰ দিনত) বাবে ব্যয় কৰিব।
.
💜syedraf💜
Comments
Post a Comment