Read from i-xii(53:38-50)
Read from i-xii(53:38-50)
🔵৫৩:৩৮(i)
أَلَّا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ
সেয়া হৈছে যে, কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব,
🔵৫৩:৩৯(ii)
وَأَنْ لَيْسَ لِلْإِنْسَانِ إِلَّا مَا سَعَىٰ
আৰু এই যে, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে,
🔵৫৩:৪০(iii)
وَأَنَّ سَعْيَهُ سَوْفَ يُرَىٰ
আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব---
🔵৫৩:৪১(iv)
ثُمَّ يُجْزَاهُ الْجَزَاءَ الْأَوْفَىٰ
তাৰ পিছত তাক পূৰ্ণ প্ৰতিফল প্ৰদান কৰা হ’ব,
🔵৫৩:৪২(v)
وَأَنَّ إِلَىٰ رَبِّكَ الْمُنْتَهَىٰ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য,
.
🔵৫৩:৪৩(vi)(God: The Ultimate Cause)
وَأَنَّهُ هُوَ أَضْحَكَ وَأَبْكَىٰ
আৰু নিশ্চয় তেৱেঁই হহুৱায় আৰু তেৱেঁই কন্দুৱায়,
🔵৫৩:৪৪(vii)
وَأَنَّهُ هُوَ أَمَاتَ وَأَحْيَا
আৰু নিশ্চয় তেৱেঁই মৃত্যু ঘটায় আৰু তেৱেঁই জীৱন দান দিয়ে,
🔵৫৩:৪৫(viii)
وَأَنَّهُ خَلَقَ الزَّوْجَيْنِ الذَّكَرَ وَالْأُنْثَىٰ
আৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী,
🔵৫৩:৪৭(ix)
وَأَنَّ عَلَيْهِ النَّشْأَةَ الْأُخْرَىٰ
আৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই,
.
🔵৫৩:৪৮(x)
وَأَنَّهُ هُوَ أَغْنَىٰ وَأَقْنَىٰ
আৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে,
.
🔵৫৩:৪৯(xi)
وَأَنَّهُ هُوَ رَبُّ الشِّعْرَىٰ
আৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা নক্ষত্ৰৰ প্ৰতিপালক।
🔵৫৩:৫০(xii)
وَأَنَّهُ أَهْلَكَ عَادًا الْأُولَىٰ
আৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে,
.
syedraf
Comments
Post a Comment