57:4-refs:Six Stages or Eras: 2+4days.

57:4-refs:Six Stages or Eras: 2+4days.
.
(তাৰকাৰাজ্য সৃষ্টিত=২দিন, বসবাসযোগ্য হ’বলৈ পৃথিৱী সৃষ্টিত=৪দিন, মুঠ=৬দিন)
৫৭:৪
هُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۚ يَعْلَمُ مَا يَلِجُ فِي الْأَرْضِ وَمَا يَخْرُجُ مِنْهَا وَمَا يَنْزِلُ مِنَ السَّمَاءِ وَمَا يَعْرُجُ فِيهَا ۖ وَهُوَ مَعَكُمْ أَيْنَ مَا كُنْتُمْ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ
তেৱেঁই আকাশসমূহ আৰু পৃথিৱী ছয় দিনত🔴 সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেওঁ জানে যি ভূগৰ্ভত প্ৰৱেশ কৰে আৰু যি ভূগৰ্ভৰ পৰা ওলায়, আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়; আৰু তোমালোক য’তেই নাথাকা কিয়-- তেওঁ তোমালোকৰ লগত আছে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
🔴("ছয় দিন" অভিব্যক্তিটোৱে তুলনা প্ৰদান কৰে।  উদাহৰণস্বৰূপে, আমি জানিব পাৰোঁ যে তাৰকাৰাজ্য সৃষ্টিত যদিও দুদিন সময় লাগিছিল, তথাপিও জীৱনৰ বাবে বসবাসযোগ্য হ’বলৈ পৃথিৱী সৃষ্টিত চাৰিদিন সময় লাগিছিল (৪১:১০)।  অৰ্থাৎ ১৩.৭ বিলিয়ন x ৪/৬ বছৰ আগতে পৃথিৱীৰ সৃষ্টি আৰম্ভ হৈছিল।  সময়ৰ কথা ক’বলৈ গ’লে কোৰআনে আমাক জনাইছে যে ই আপেক্ষিক (৩২:৫ আৰু ৭০:৪)।  পৃথিৱীখন প্ৰথমে পানীৰে আবৃত আছিল;  মাটিবোৰ পিছত ওলাই আহিল-edip)
(৩২:৫
يُدَبِّرُ الْأَمْرَ مِنَ السَّمَاءِ إِلَى الْأَرْضِ ثُمَّ يَعْرُجُ إِلَيْهِ فِي يَوْمٍ كَانَ مِقْدَارُهُ أَلْفَ سَنَةٍ مِمَّا تَعُدُّونَ
তেৱেঁই আকাশৰ পৰা পৃথিৱীলৈকে সকলো বিষয় পৰিচালনা কৰে, তাৰ পিছত সেয়া এদিন তেওঁৰ ওচৰলৈকে উঠিব, যাৰ পৰিমাণ হ’ব তোমালোকৰ গণনা অনুসাৰে এহেজাৰ বছৰ।

[[🔴সময় আপেক্ষিক।।।
আকাশৰ পৰা পৃথিৱীলৈকে ১দিন=আমাৰ ১,০০০ বছৰ(৩২:৫)
🔴ফিৰিস্তাসকল আৰু ৰূহৰ ঊৰ্দ্ধগামীতাৰ ১দিন= আমাৰ ৫০,০০০ বছৰ(৭০:৪)]]
.
৭০:৪
تَعْرُجُ الْمَلَائِكَةُ وَالرُّوحُ إِلَيْهِ فِي يَوْمٍ كَانَ مِقْدَارُهُ خَمْسِينَ أَلْفَ سَنَةٍ
ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।)

.
(The Earth is the only inhabited planet. 41:9-10.
(৪১:৯
۞ قُلْ أَئِنَّكُمْ لَتَكْفُرُونَ بِالَّذِي خَلَقَ الْأَرْضَ فِي يَوْمَيْنِ وَتَجْعَلُونَ لَهُ أَنْدَادًا ۚ ذَٰلِكَ رَبُّ الْعَالَمِينَ
কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰানে যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে সৃষ্টিজগতৰ ৰব!
৪১:১০
وَجَعَلَ فِيهَا رَوَاسِيَ مِنْ فَوْقِهَا وَبَارَكَ فِيهَا وَقَدَّرَ فِيهَا أَقْوَاتَهَا فِي أَرْبَعَةِ أَيَّامٍ سَوَاءً لِلسَّائِلِينَ
আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ ভিতৰত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে, সমভাৱে যাচ্ঞাকাৰী সকলৰ বাবে।)
।।।
Six Stages or Eras: sa:
7:54, 10:3, 11:7, 25:59, 50:38, 57:4, 41:10
.
৭:৫৪
إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ يُغْشِي اللَّيْلَ النَّهَارَ يَطْلُبُهُ حَثِيثًا وَالشَّمْسَ وَالْقَمَرَ وَالنُّجُومَ مُسَخَّرَاتٍ بِأَمْرِهِ ۗ أَلَا لَهُ الْخَلْقُ وَالْأَمْرُ ۗ تَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ
নিশ্চয় তোমালোকৰ ৰব আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। প্ৰত্যেকটোৱে এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহ, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। সৃষ্টিজগতৰ ৰব আল্লাহ কিমান বৰকতময়!
.
১০:৩
إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۖ يُدَبِّرُ الْأَمْرَ ۖ مَا مِنْ شَفِيعٍ إِلَّا مِنْ بَعْدِ إِذْنِهِ ۚ ذَٰلِكُمُ اللَّهُ رَبُّكُمْ فَاعْبُدُوهُ ۚ أَفَلَا تَذَكَّرُونَ
নিশ্চয় তোমালোকৰ ৰব সেইজন আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। তেওঁৰ অনুমতি লাভ নকৰাকৈ ছুপাৰিছ কৰাৰ ক্ষমতা কাৰো নাই। তেৱেঁই আল্লাহ, তোমালোকৰ ৰব; গতিকে তোমালোকে তেওঁৰেই ইবাদত কৰা। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
.
১১:৭
وَهُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ وَكَانَ عَرْشُهُ عَلَى الْمَاءِ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًا ۗ وَلَئِنْ قُلْتَ إِنَّكُمْ مَبْعُوثُونَ مِنْ بَعْدِ الْمَوْتِ لَيَقُولَنَّ الَّذِينَ كَفَرُوا إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ
আৰু তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; আৰু তেওঁৰ আৰশ্ব আছিল পানীৰ ওপৰত, তোমালোকৰ মাজত আমলত কোন শ্ৰেষ্ঠ সেয়া পৰীক্ষা কৰাৰ বাবে, আৰু তুমি যদি কোৱা যে, ‘নিশ্চয় মৃত্যুৰ পিছত তোমালোকক পুনৰুত্থান কৰা হ’ব’, তেতিয়া কাফিৰসকলে অৱশ্যে ক’ব, ‘এয়া স্পষ্ট যাদু’।
.
২৫:৫৯
الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۚ الرَّحْمَٰنُ فَاسْأَلْ بِهِ خَبِيرًا
তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰক ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই ৰহমান, এতেকে তেওঁৰ বিষয়ে যিয়ে জানে তাক সুধি চোৱা।
.
৫০:৩৮
وَلَقَدْ خَلَقْنَا السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا فِي سِتَّةِ أَيَّامٍ وَمَا مَسَّنَا مِنْ لُغُوبٍ
আৰু অৱশ্যে আমি আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰ সৃষ্টি কৰিছোঁ কেৱল ছয় দিনত; আৰু আমাক কোনো ক্লান্তই স্পৰ্শ কৰা নাই।
.
৫৭:৪
هُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۚ يَعْلَمُ مَا يَلِجُ فِي الْأَرْضِ وَمَا يَخْرُجُ مِنْهَا وَمَا يَنْزِلُ مِنَ السَّمَاءِ وَمَا يَعْرُجُ فِيهَا ۖ وَهُوَ مَعَكُمْ أَيْنَ مَا كُنْتُمْ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ
তেৱেঁই আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেওঁ জানে যি ভূগৰ্ভত প্ৰৱেশ কৰে আৰু যি ভূগৰ্ভৰ পৰা ওলায়, আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়; আৰু তোমালোক য’তেই নাথাকা কিয়-- তেওঁ তোমালোকৰ লগত আছে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
.
৪১:১০
وَجَعَلَ فِيهَا رَوَاسِيَ مِنْ فَوْقِهَا وَبَارَكَ فِيهَا وَقَدَّرَ فِيهَا أَقْوَاتَهَا فِي أَرْبَعَةِ أَيَّامٍ سَوَاءً لِلسَّائِلِينَ
আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ ভিতৰত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে, সমভাৱে যাচ্ঞাকাৰী সকলৰ বাবে।
.
arranged syedraf 

Comments

Popular posts from this blog

Transcription Note of Quran 2:102:Sabbir Ahmed:

Do not Make Distinction Among God's Messengers

Why are there so many interpretations of Islam?by Rezaul Haque