58:18-সাৱধান!{In truth(alā-أَلَا)}ৰ তাৎপৰ্য।(চয়তানৰ দল-58:19,আল্লাহৰ দল-58:22)
58:18-সাৱধান!{In truth(alā-أَلَا)}ৰ তাৎপৰ্য।(চয়তানৰ দল-58:19,আল্লাহৰ দল-58:22)
।।।
2:12 In truth,1 it is they who are the workers of corruption; but they perceive not.
1. Arabic: alā. This word performs a range of functions depending on the mechanics of the sentence, but here it is operating as an intensifying interjection introducing a new sentence or thought which clarifies what went before. All instances in which alā performs this function are rendered in truth — which is a standard means of conveying its sense, although consistently applied in this work. This interjection is found at 2:12, 2:13, 2:214, 6:31, 6:62, 7:54, 7:131, 9:99, 10:55, 10:55, 10:62, 10:66, 11:5, 11:8, 11:18, 11:60, 11:68, 13:28, 16:25, 16:59, 24:64, 37:151, 41:54, 41:54, 42:5, 42:18, 42:45, 42:53, 58:18, 58:19, 58:22. The places where alā is found together provide a meta-narrative which a study of all instances reveals. All instances appear in the notes and reference this verse.
(Google translate no guarantee:
আৰবী: alā. এই শব্দটোৱে বাক্যটোৰ বলবিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি এক পৰিসৰৰ কাৰ্য্য সম্পাদন কৰে, কিন্তু ইয়াত ই এটা নতুন বাক্য বা চিন্তাৰ প্ৰৱৰ্তন কৰা এক তীব্ৰতৰ ইন্টাৰজেকচন হিচাপে কাম কৰি আছে যিয়ে আগতে কি হৈছিল সেই কথা স্পষ্ট কৰে। আলাই এই কাৰ্য্য সম্পাদন কৰা সকলো দৃষ্টান্ত সত্যত দেখুওৱা হৈছে — যিটো ইয়াৰ অৰ্থ প্ৰকাশৰ এটা মানক উপায়, যদিও এই কামত ধাৰাবাহিকভাৱে প্ৰয়োগ কৰা হৈছে। এই ইন্টাৰজেকচন ২:১২, ২:১৩, ২:২১৪, ৬:৩১, ৬:৬২, ৭:৫৪, ৭:১৩১, ৯:৯৯, ১০:৫৫, ১০:৫৫, ১০:৬২, ১০:৬৬, ১১:৫, ১১:৮, ১১:১৮, ১১:৬০, ১১:৬৮, ১৩:২৮, ১৬:২৫, ১৬:৫৯, ২৪:৬৪, ৩৭:১৫১, ৪১:৫৪, ৪১:৫৪ , ৪২:৫, ৪২:১৮, ৪২:৪৫, ৪২:৫৩, ৫৮:১৮, ৫৮:১৯, ৫৮:২২। আলাক একেলগে পোৱা ঠাইবোৰে এটা মেটা-আখ্যান প্ৰদান কৰে যিটো সকলো দৃষ্টান্তৰ অধ্যয়নে প্ৰকাশ কৰে। সকলো দৃষ্টান্ত টোকাবোৰত দেখা যায় আৰু এই পদটোৰ উল্লেখ কৰা হয়।)
.
কেইটামান আয়াত চাওঁক:
(২:১২
أَلَا إِنَّهُمْ هُمُ الْمُفْسِدُونَ وَلَٰكِنْ لَا يَشْعُرُونَ
সাৱধান! ইহঁতেই ফাছাদ সৃষ্টিকাৰী, কিন্তু সিহঁতে অনুধাৱন নকৰে।
.
২:১৩
وَإِذَا قِيلَ لَهُمْ آمِنُوا كَمَا آمَنَ النَّاسُ قَالُوا أَنُؤْمِنُ كَمَا آمَنَ السُّفَهَاءُ ۗ أَلَا إِنَّهُمْ هُمُ السُّفَهَاءُ وَلَٰكِنْ لَا يَعْلَمُونَ
আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে ঈমান আনা যেনেকৈ লোকসকলে ঈমান আনিছে', সিহঁতে কয়, 'আমিও তেনেকৈ ঈমান আনিম নেকি যেনেকৈ নিৰ্বোধ লোকসকলে ঈমান আনিছে'? সাৱধান! নিশ্চয় সিহঁতেই নিৰ্বোধ, কিন্তু সিহঁতে নাজানে।
.
৬:৩১
قَدْ خَسِرَ الَّذِينَ كَذَّبُوا بِلِقَاءِ اللَّهِ ۖ حَتَّىٰ إِذَا جَاءَتْهُمُ السَّاعَةُ بَغْتَةً قَالُوا يَا حَسْرَتَنَا عَلَىٰ مَا فَرَّطْنَا فِيهَا وَهُمْ يَحْمِلُونَ أَوْزَارَهُمْ عَلَىٰ ظُهُورِهِمْ ۚ أَلَا سَاءَ مَا يَزِرُونَ
যিসকলে আল্লাহৰ সাক্ষাৎ অস্বীকাৰ কৰিছে সিহঁতে নিশ্চয় ক্ষতিগ্ৰস্ত হৈছে, আনকি সিহঁতৰ ওচৰত যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়! ইয়াক আমি কিমান যে অৱহেলা কৰিছিলো তাৰ বাবে এতিয়া আফচোচ’। আৰু সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব। সাৱধান! সিহঁতে যি বহন কৰিব সেয়া অতি নিকৃষ্ট!
.
৭:৫৪
إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ يُغْشِي اللَّيْلَ النَّهَارَ يَطْلُبُهُ حَثِيثًا وَالشَّمْسَ وَالْقَمَرَ وَالنُّجُومَ مُسَخَّرَاتٍ بِأَمْرِهِ ۗ أَلَا لَهُ الْخَلْقُ وَالْأَمْرُ ۗ تَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ
নিশ্চয় তোমালোকৰ ৰব আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। প্ৰত্যেকটোৱে এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহ, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। সৃষ্টিজগতৰ ৰব আল্লাহ কিমান বৰকতময়!
.
৯:৯৯
وَمِنَ الْأَعْرَابِ مَنْ يُؤْمِنُ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَيَتَّخِذُ مَا يُنْفِقُ قُرُبَاتٍ عِنْدَ اللَّهِ وَصَلَوَاتِ الرَّسُولِ ۚ أَلَا إِنَّهَا قُرْبَةٌ لَهُمْ ۚ سَيُدْخِلُهُمُ اللَّهُ فِي رَحْمَتِهِ ۗ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
আৰু কিছুমান মৰুবাসীয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে লগতে সিহঁতে যি ব্যয় কৰে সেয়া আল্লাহৰ সান্নিধ্য আৰু ৰাছুলৰ দুআ লাভৰ উপায় বুলি গণ্য কৰে। জানি থোৱা, নিশ্চয় সেয়া সিহঁতৰ বাবে আল্লাহৰ সান্নিধ্য লাভৰ উপায়; অচিৰেই আল্লাহে সিহঁতক নিজ ৰহমতত দাখিল কৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
১০:৫৫
أَلَا إِنَّ لِلَّهِ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۗ أَلَا إِنَّ وَعْدَ اللَّهِ حَقٌّ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া আল্লাহৰেই। জানি থোৱা! আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কিন্তু সিহঁতৰ অধিকাংশই নাজানে।
.
১১:৫
أَلَا إِنَّهُمْ يَثْنُونَ صُدُورَهُمْ لِيَسْتَخْفُوا مِنْهُ ۚ أَلَا حِينَ يَسْتَغْشُونَ ثِيَابَهُمْ يَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ
জানি থোৱা! সিহঁতে তেওঁৰ পৰা গোপন কৰিবলৈ সিহঁতৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।
.
১১:৮
وَلَئِنْ أَخَّرْنَا عَنْهُمُ الْعَذَابَ إِلَىٰ أُمَّةٍ مَعْدُودَةٍ لَيَقُولُنَّ مَا يَحْبِسُهُ ۗ أَلَا يَوْمَ يَأْتِيهِمْ لَيْسَ مَصْرُوفًا عَنْهُمْ وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
আৰু যদি নিৰ্দিষ্ট সময়ৰ বাবে আমি সিহঁতৰ পৰা শাস্তি স্থগিত ৰাখো তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘কিহে ইয়াক নিবাৰণ কৰিছে’? সাৱধান! যিদিনা সিহঁতৰ ওচৰত এইটো আহিব সেইদিনা এইটো সিহঁতৰ পৰা নিবৃত্ত কৰা নহ’ব আৰু যি বিষয়ে সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰে সেয়া সিহঁতক পৰিবেষ্টন কৰিব।
.
৪১:৫৪
أَلَا إِنَّهُمْ فِي مِرْيَةٍ مِنْ لِقَاءِ رَبِّهِمْ ۗ أَلَا إِنَّهُ بِكُلِّ شَيْءٍ مُحِيطٌ
জানি থোৱা! নিশ্চয় সিহঁতে নিজ প্ৰতিপালকৰ সাক্ষাত সম্পৰ্কে সন্দেহত আছে। জানি থোৱা যে, নিশ্চয় তেওঁ (আল্লাহ) সকলো বস্তুকেই পৰিবেষ্টন কৰি আছে।
.
৪২:৫
تَكَادُ السَّمَاوَاتُ يَتَفَطَّرْنَ مِنْ فَوْقِهِنَّ ۚ وَالْمَلَائِكَةُ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ وَيَسْتَغْفِرُونَ لِمَنْ فِي الْأَرْضِ ۗ أَلَا إِنَّ اللَّهَ هُوَ الْغَفُورُ الرَّحِيمُ
আকাশসমূহ ওপৰৰ পৰা ভাঙি পৰাৰ উপক্ৰম হয়, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু পৃথিৱীবাসীসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। জানি থোৱা, নিশ্চয় আল্লাহ, তেৱেঁই ক্ষমাশীল, পৰম দয়ালু।
.
৫৮:১৯
اسْتَحْوَذَ عَلَيْهِمُ الشَّيْطَانُ فَأَنْسَاهُمْ ذِكْرَ اللَّهِ ۚ أُولَٰئِكَ حِزْبُ الشَّيْطَانِ ۚ أَلَا إِنَّ حِزْبَ الشَّيْطَانِ هُمُ الْخَاسِرُونَ
চয়তানে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে; আৰু সিহঁতক আল্লাহৰ স্মৰণ পাহৰাই দিছে। ইহঁতেই চয়তানৰ দল। নিশ্চয় ✔️চয়তানৰ দলেই ক্ষতিগ্ৰস্ত।
.
৫৮:২২
لَا تَجِدُ قَوْمًا يُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ يُوَادُّونَ مَنْ حَادَّ اللَّهَ وَرَسُولَهُ وَلَوْ كَانُوا آبَاءَهُمْ أَوْ أَبْنَاءَهُمْ أَوْ إِخْوَانَهُمْ أَوْ عَشِيرَتَهُمْ ۚ أُولَٰئِكَ كَتَبَ فِي قُلُوبِهِمُ الْإِيمَانَ وَأَيَّدَهُمْ بِرُوحٍ مِنْهُ ۖ وَيُدْخِلُهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ رَضِيَ اللَّهُ عَنْهُمْ وَرَضُوا عَنْهُ ۚ أُولَٰئِكَ حِزْبُ اللَّهِ ۚ أَلَا إِنَّ حِزْبَ اللَّهِ هُمُ الْمُفْلِحُونَ
আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি নাপাবা, যিসকলে এনেলোকক ভালপায়, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে--- যদিও সিহঁত তেওঁলোকৰ পিতা অথবা পুত্ৰ বা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওঁক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনে জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। এওঁলোকেই আল্লাহৰ দল। জানি থোৱা, ✔️আল্লাহৰ দলেই সফলতা লাভ কৰিব।
.
arranged syedraf
Comments
Post a Comment