Part-1.[fb.Sl:(101-110)Obey Allah and Obey the Messenger.fbraf]
Part-1.[fb.Sl:(101-110)Obey Allah and Obey the Messenger.fbraf]
"Obey Allah and Obey the Messenger" অৰ্থাৎ "আল্লাহক মান্য কৰিবা আৰু ৰছুলক মান্য কৰিবা":
কোৰআনৰ এই কথাষাৰ যদি ভুলকৈ বুজি বৰ্তমানৰ প্ৰচলিত আলিম ওলামাৰ মতে চলি আছে তেন্তে কোৰআনৰ ৩:৩২(শেষত দিয়া) আয়াত মতে কাফিৰ বুলি কৈছে।
গতিকে কোৰআনত কি কৈছে বুজি আমল কৰাটো অত্যন্ত জৰুৰী।
* * *
কিন্তু বাপ দাদাৰ দিনৰ পৰা চলি অহা কথা এটা কেনেকৈ ভুল হ'ব পাৰে!? ৰছুলৰ চাহাবাসকলে কেনেকৈ আমল কৰিছিল!? ইত্যাদি নানা কথা মনলৈ অহাটো স্বাভাৱিক।
আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে?
"Obey E'llah and obey the Messenger"এইলানি লেখনিত তলৰ লিংক মতে তলৰ বিষয়ৰ ওপৰত চমুকৈ আলোচনা কৰা হ'ল:
1📍Why is not in Quran "ObeyMuhammad"?
2📍"Obey Messenger" means obey Bukhari EtcExtraNotes?
3📍Was Prophet and 4 Khalifas leave any documents other than Quran?Ans.No.
4📍Meaning of "Good Example' means SunnahOfProphet?
5📍How first so-called Hadith entered
* * *
Part-1
WHY NOT MENTIONED “OBEY MUHAMMAD” IN QURAN?
ক্ৰমিক নংঃ-101"কোৰআন দ্যা আহছানাল হাদিস"("Quran the Ahsanal Hadith")Syedraf(SJH).
কোৰআনত "মহম্মদক (আ:ছা:) মান্য কৰা বুলি কিয় নাই?
মহম্মদ(আ:ছা:) ৰছুল হোৱাৰ উপৰিও এজন নবী আছিল।
বিনা-ৱহীত(বিনা বার্তা) মহম্মদ(আ:ছা:) এজন নবী (নিয়মিয়া মানুহ) আছিল! তেৱো সাধাৰণ মানুহৰ দৰে ভুল কৰিছিলঃ
🎯অন্ধ দুখীয়া মানুহজন আহোঁতে তেওঁ ভ্রূকুছাই আতঁৰি আহিছিলঃ চাওঁক-কোৰআন -80:1-11.
🎯কেতিয়াবা তেওঁ ভয় কৰিব লাগে আল্লাহক, কিন্তু ভয় কৰিছিল মানুহকঃ চাওঁক-কোৰআন- 33:37.
🎯যিটো তেওঁ হাৰাম কৰা অনুচিত তাকেই হাৰাম কৰিছিল: চাওঁক-কোৰআন-66:1.
(হে নবী! আল্লাহে তোমাৰ বাবে যি বৈধ কৰিছে সেয়া তুমি নিজৰ বাবে নিষিদ্ধ কৰিছা কিয়?).
সেই বাবেই কোৰআনৰ ক’তো “মহন্মদক মান্য কৰা Obey Muhammad” বুলি উল্লেখ নাই! যদি মানুহ হিচাবে “মহন্মদক মান্য কৰা”(ৰছুল নহয়) বুলি থাকিলে হেতেঁন তেন্তে আমি দুখীয়াক ঘৃণা কৰিলো হেতেঁন, আল্লাহতকৈ মানুহক ভয় কৰিলো হেতেঁন, আল্লাহে যিটো হাৰাম কৰা নাই তাকেই হাৰাম বুলি ভাবিলো হেতেঁন!
আমাৰ দৰকাৰ ৰছুলক মান্য কৰা, কাৰণ ৱহী [the message (QURAN)] মানিবলৈ আমি বাধ্য, কোনো মানুহক নহয়!
যদি আমি মানুহ হিচাপে মহম্মদৰ সুন্নত মানিবই লাগে তেন্তে কোৰআনত ‘’Obey ALLAH and Muhammad’’ বুলি আল্লাহে আমাক আদেশ দিলে হেতেঁন!
(It is very interesting to observe that even the wives of the Prophet were not instructed to obey the ‘Husband Muhammad’ but were instructed gravely to obey ‘ Messenger ’ in verse 33:30-31).
🎯মন্তব্যঃ
Obey the Messenger = Obey the message he delivered = Obey the Laws he followed = Obey the Qur’an.
.
”Obey Ellah and obey the Messenger”-1
ক্ৰমিক নংঃ-102
"আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’
Obey E'llah and obey the messenger
أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ
সচৰাচৰ চলি থকা কথাই ইয়াৰ অৰ্থ কৰেঃ "আল্লাহৰ আনুগত্য কৰা" মানে কোৰআন আৰু "ৰাছুলৰ আনুগত্য কৰা" মানে বুখাৰিআদি হাদিসৰ কিতাপক বুজাই দিয়ে।
গতিকে যেতিয়ালৈকে উক্ত আয়াতংশক বুজি নেপাব তেতিয়ালৈকে ইছলামক বুজিও নেপাব আৰু ইয়াৰ মাজত নেথাকিবও।
বিষয় বস্তুৰ মাজত সোমোৱাৰ আগতে কেইটামান আয়াতৰ উদাহৰণ লোৱা যাওকঃ
٤٦:٢٤
لَقَدْ أَنْزَلْنَا آيَاتٍ مُبَيِّنَاتٍ ۚ وَاللَّهُ يَهْدِي مَنْ يَشَاءُ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
২৪:৪৬
অৱশ্যে আমিয়েই সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছো, আৰু আল্লাহে যাক ইচ্ছা সৰল-সঠিক পথত পৰিচালিত কৰে।
٤٧:٢٤
وَيَقُولُونَ آمَنَّا بِاللَّهِ وَبِالرَّسُولِ ⬅️وَأَطَعْنَا➡️ ثُمَّ يَتَوَلَّىٰ فَرِيقٌ مِنْهُمْ مِنْ بَعْدِ ذَٰلِكَ ۚ وَمَا أُولَٰئِكَ بِالْمُؤْمِنِينَ
২৪:৪৭
সিহঁতে কয়, ‘আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছো আৰু ➡️আমি আনুগত্য কৰিছো’⬅️। ইয়াৰ পিছতো সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়; প্ৰকৃততে সিহঁত মুমিন নহয়।
( ➡️আমি আনুগত্য কৰিছো’⬅️ইয়াত এজনৰ আনুগত্য কৰা বুজাইছে)
٨:٢٩
وَوَصَّيْنَا الْإِنْسَانَ بِوَالِدَيْهِ حُسْنًا ۖ وَإِنْ جَاهَدَاكَ لِتُشْرِكَ بِي مَا لَيْسَ لَكَ بِهِ عِلْمٌ فَلَا تُطِعْهُمَا ۚ إِلَيَّ مَرْجِعُكُمْ فَأُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ
২৯:৮
আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছো। কিন্তু সিহঁতে যদি তোমাৰ ওপৰত বল প্ৰয়োগ কৰে মোৰ লগত শ্বিৰ্ক কৰিবলৈ যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা(দুজনৰ আনুগত্য নকৰিবা)। মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তাৰ পিছত মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।
”Obey Ellah and obey the Messenger”-2.ক্ৰমিক নংঃ-103
তলৰ তেওঁৰ(ৰছুল) আনুগত্য কৰা মানে কি তাক স্পষ্ট কৰি দিছে এনেকৈঃ ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া। অৰ্থাৎ আল্লাহৰ বাণী!
٥٤:٢٤
قُلْ أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ ۖ فَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْهِ مَا حُمِّلَ وَعَلَيْكُمْ مَا حُمِّلْتُمْ ۖ وَإِنْ تُطِيعُوهُ تَهْتَدُوا ۚ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ
২৪:৫৪
কোৱা, ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’। তথাপিও যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোক নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।
যিসকলে ৰছুলৰ আনুগত্য মানে হাদিস অনুসৰণ কৰা বুজে তেওঁলোকে কোৰআন মনাৰ প্ৰশ্নই নুঠে।
ৰাছুলৰ আনুগত্য কৰা মানে নিশ্চয় আল্লাহৰেই আনুগত্য কৰা অৰ্থাৎ কোৰআন!
٨٠:٤
مَنْ يُطِعِ الرَّسُولَ فَقَدْ أَطَاعَ اللَّهَ ۖ وَمَنْ تَوَلَّىٰ فَمَا أَرْسَلْنَاكَ عَلَيْهِمْ حَفِيظًا
৪:৮০
যিয়ে ৰাছুলৰ আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰেই আনুগত্য কৰিলে, আৰু কোনোবাই বিমুখ হ’লে তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।
যিসকলে কোৰআন আৰু বুখাৰি আদিৰ হাদিসক সনাপুতুকা কৰি এটা মধ্যৱৰ্তী পথ অৱলম্বন কৰিব বিচাৰে তেওঁলোকৰ কথা তলত ৪:১৫১ ত কৈছে!ভাবক!
١٥٠:٤
إِنَّ الَّذِينَ يَكْفُرُونَ بِاللَّهِ وَرُسُلِهِ وَيُرِيدُونَ أَنْ يُفَرِّقُوا بَيْنَ اللَّهِ وَرُسُلِهِ وَيَقُولُونَ نُؤْمِنُ بِبَعْضٍ وَنَكْفُرُ بِبَعْضٍ وَيُرِيدُونَ أَنْ يَتَّخِذُوا بَيْنَ ذَٰلِكَ سَبِيلًا
৪:১৫০
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান আনো আৰু কিছুমানৰ লগত কুফৰী কৰো’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।
١٥١:٤
أُولَٰئِكَ هُمُ الْكَافِرُونَ حَقًّا ۚ وَأَعْتَدْنَا لِلْكَافِرِينَ عَذَابًا مُهِينًا
৪:১৫১
ইহঁতেই প্ৰকৃত কাফিৰ; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
”Obey Ellah and obey the Messenger”-3️⃣
ক্ৰমিক নংঃ-1️⃣0️⃣4️⃣
জাল প্রাসঙ্গিক গল্প (আছবাব-নাজুল) যিবোৰ কোৰআনৰ শত্রুবোৰ আৰু ফিৰ্কা সম্প্রদায়ৰ লোকসকলে কোৰআনৰ আয়াতৰ লগত সংযুক্ত কৰি পেলাইছে। সত্য হল: অতিৰিক্ত কোৰআন উপাদান যেনে তথাকথিত ৰচিত হাদিসৰ কিতাপ, চুন্নাহ, পৰচৰ্চা(গসিপ) তাফছিৰ, আৰু প্রসঙ্গৰ গল্প (আছব্বা-ই-নাজুল) হ'ল পৱিত্ৰ কোৰআনৰ বিৰুদ্ধে সর্বশ্রেষ্ঠ ষড়যন্ত্র, পৰাজিত জৰথুস্ট্রিয়ান, জনাডকা, আদি ভণ্ডৰ দ্বাৰা ৰচিত আৰু ইছলামৰ শত্রু।
ইয়াতে এটা গুৰুত্বপূর্ণ প্রশ্ন হয়ঃ
নবী আৰু চাৰিজন খলিফাই লিখিত কোৰআনৰ লগত তথাকথিত হাদিস, চুন্নাহ, তাফছিৰ আৰু প্রাসঙ্গিক গল্পৰ (আসব্ব-ই-নাজুল)কোনো লিখিত পাণ্ডুলিপি ৰাখি গৈছিল নেকি?
উত্তৰ হল ঋণাত্মক, কেতিয়াও ৰাখিথৈ যোৱা নাছিল। যদি কোৰআন বুজিবৰ বাবে এই সকলো বস্তুৰ প্রয়োজন হয়, তেনেহলে কমপক্ষে চাৰিজন খলীফাৰ এই ধৰণৰ অতিৰিক্ত কোৰআনী পাণ্ডুলিপি সংকলন কৰিথৈ যোৱাটো উচিত নাছিলনে? কিন্তু তেওঁলোকে এনে কৰা নাছিল।
।।।।
গতিকে; এইটো স্পষ্ট হৈ যায়যে এই সকলো অতিৰিক্ত কোৰআনৰ উপাদানবোৰ কোৰআন বুজাৰ বাবে প্রয়োজন নাছিল আৰু অতিৰিক্ত কোৰআন উপাদান দ্বীন ইছলামৰ কোনো অংশও নহয়।l
ইয়াৰোপৰি; আমাৰ ওচৰত অনেক সুপৰিচিত ৰেফাৰেন্স আছে যিবোৰে দেখুৱাই যে নবীয়ে কোৰআনৰ বাহিৰে মানুহক তেওঁৰ পৰা সামান্য লিখিবলৈ নিষেধ কৰিছিল। নবীয়ে মানুহক আৰু কৈছিল: যিসকলে ইতিমধ্যেই মোৰ নামত কোনো অতিৰিক্ত কোৰআনী উপাদান(হাদিস/চুন্নাহ) লিখি ৰাখিছে, সেইবোৰ অৱশ্যেই ধ্বংস কৰি পেলাওক। নবীৰ মৃত্যুৰ পাছত, প্রথম খলিফা আবু বকৰে ৰা: মুছলিমসকলক নবীৰ পৰা কোনো হাদিস বর্ণনা কৰা নাছিল। তেওঁ কৈছিল: তোমালোকে সকলো বিষয় কোৰআন অনুযায়ী সিদ্ধান্ত নিব। খলিফা উমৰ ৰা: সকলো মুছলিমক নির্দেশ দিছিলযে নবীৰ পৰা লিখিত হাদিসৰ সকলো নোট জমা দিবলৈ। মানুহবোৰে আদেশ মান্য কৰি আৰু খলিফা উমৰ ৰা:ৰ ওচৰত এই ধৰণৰ সকলো সামগ্রী জমা দিছিল, মানুহে ভাৱিছিলযে: সম্ভৱত তেওঁ হাদিসৰ এটা মাস্টাৰ-কপি সংকলন কৰিবলৈ বিচাৰিছে।
কিন্তু উমৰে ৰা: কি কৰিছিল জানে? তেওঁ সেই সকলো হাদিসক একগোট কৰি পুৰি পেলাইছিল আৰু মানুহক কৈছিল: এই হাদিসবোৰ ইহুদি মিছনাৰিৰ দৰে যিবোৰে ইয়াহুদক বিপথগামী কৰিছিল। মিছনাহ তালমুদৰ অংশ। খলিফা উমৰে ৰা: সকলো ছিটি গভর্নৰক চিঠি লিখি তেওঁলোকৰ সকলো হাদিস মুছি পেলোৱাৰ নির্দেশ দিছিল।
চাওঁক: SHASIHHADITH
।।।
৭:১৭৯
وَلَقَدْ ذَرَأْنَا لِجَهَنَّمَ كَثِيرًا مِنَ الْجِنِّ وَالْإِنْسِ ۖ لَهُمْ قُلُوبٌ لَا يَفْقَهُونَ بِهَا وَلَهُمْ أَعْيُنٌ لَا يُبْصِرُونَ بِهَا وَلَهُمْ آذَانٌ لَا يَسْمَعُونَ بِهَا ۚ أُولَٰئِكَ كَالْأَنْعَامِ بَلْ هُمْ أَضَلُّ ۚ أُولَٰئِكَ هُمُ الْغَافِلُونَ
নিশ্চয় আমি বহুতো জ্বিন আৰু মানৱক জাহান্নামৰ বাবে সৃষ্টি কৰিছো, সিহঁতৰ হৃদয় আছে কিন্তু তাৰ দ্বাৰা সিহঁতে উপলব্ধি নকৰে, সিহঁতৰ চকু আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে আৰু সিহঁতৰ কাণ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নুশুনে, সিহঁত চতুষ্পদ জন্তুৰ দৰে, বৰং তাতোকৈ অধিক বিভ্ৰান্ত। সিহঁতেই হৈছে উদাসীন।
”Obey Ellah and obey the Messenger”-4
ক্ৰমিক নংঃ-105
খলিফা ওমৰৰ ৰা: যুগত হাদিস লিপিৱদ্ধ কৰাটো এক ঘোৰ অপৰাধ আছিল।
।।।।।।
আবু হুৰেইৰাহে কৈছিল: তেওঁ খলিফা ওমৰৰ যুগত কোনো হাদিস বর্ণনা কৰিব পৰা নাছিল, কাৰণ তেওঁ ভয় কৰিছিল, এনে কৰিলে হয়টো খলিফা ওমৰে তেওঁৰ মূৰ ভাঙি দিব পাৰে। কিন্তু নবীৰ তিনিজন সাহাবী আছিল, যি তেতিয়াও মানুহৰ মাজত হাদিস বর্ণনা কৰিছিল। এখন বিখ্যাত কিতাপত নথিভুক্ত কৰা হৈছেযে খলিফা ওমৰ ৰা: নবীৰ সেই তিনিজন সাহাবীক (সাহাবা) মাতি আনিছিল আৰু তেওঁলোকক সুধিছিল "নবীৰ সেই হাদিসবোৰ আপোনালোকে মানুহৰ মাজত বর্ণনা কৰিছে নেকি?" ইয়াৰ পাছত খলিফা ওমৰে তেওঁলোকক আজীৱন গৃহবন্দী কৰি ৰাখিছিল। খলিফা ওমৰৰ ৰা: মৃত্যুৰ পাছতহে তেওঁলোকক মুক্তি দিয়া হৈছিল।
ইয়েই স্পষ্টভাৱে প্ৰমাণ কৰেযে হাদিস-প্রচাৰ এটা শাস্তিযোগ্য অপৰাধ আছিল আৰু ই আজিও অব্যাহত থকাৰ কথা নহয়নে? খলিফা উসমান ৰা: আবুবকৰ ৰা: আৰু ওমৰৰ ৰাঃ পদাঙ্ক অনুসৰণ কৰিলে আজি তথাকথিত হাদিসৰ পৰা মুক্তি পালে হেঁতেন!!
চাওঁক: HADITHSHAHIH
”Obey Ellah and obey the Messenger”-5
ক্ৰমিক নংঃ-106
কোৰআনত হাদিস, চুন্নাহ, সংবাদ, কাহিনী আদি বিভিন্ন কথা-বতৰাৰ সমাহাৰ ঘটিছে। এই সকলোবোৰ আমাৰ ধাৰাবাহিক লিখনিৰ প্ৰথমেই ক্ৰঃ ১-৭ৰ মাজত বিস্তৃত আলোচনা কৰি আহিছো, চাওঁক: AHSANAN
।।।।
"নিশ্চয় তোমালোকৰ বাবে ইব্ৰাহীম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত উত্তম আদৰ্শ আছে।...."(৬০:৪).
ইব্ৰাহীমৰ আ:ছা: বুখাৰি আদিৰ দৰে কিবা হাদিস আছে নেকি যাক উত্তম আদৰ্শ বুলি মানিব?
এই উত্তম আদৰ্শ কেৱল কোৰআনতেই উল্লেখ কৰা হৈছে, কোনো বাহিৰা কিতাপত নহয়।
ঠিক একেদৰেই মহম্মদৰ আ:ছা: উত্তম আদৰ্শ কেৱল কোৰআনতেই পাব।
৩৩:২১
لَقَدْ كَانَ لَكُمْ فِي رَسُولِ اللَّهِ أُسْوَةٌ حَسَنَةٌ لِمَنْ كَانَ يَرْجُو اللَّهَ وَالْيَوْمَ الْآخِرَ وَذَكَرَ اللَّهَ كَثِيرًا
অৱশ্যে তোমালোকৰ বাবে আছে আল্লাহৰ ৰাছুলৰ মাজত উত্তম আদৰ্শ, সেই ব্যক্তিৰ বাবে যিয়ে আশা কৰে আল্লাহ আৰু শেষ দিৱসৰ আৰু যিয়ে আল্লাহক বেছি বেছি স্মৰণ কৰে।
৩৩:২১ আয়াতক নিজ মতলবত মুখে মুখে শুনি বনাই মেলি লোৱা ৰছুলৰ মৃত্যুৰ ২০০/২৫০ বছৰৰ পাছত মন গঢ়া ছিয়াছিত্তা আদি হাদিসলৈ পুনালে নহ'ব।
উত্তম আদৰ্শৰ মূল বিষয়বস্তু এনেঃ
⬇️
"নিশ্চয় তোমালোকৰ বাবে উত্তম আদৰ্শ আছে সেইসকল লোকৰ মাজত, যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰত্যাশা কৰে; আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত যে) নিশ্চয় আল্লাহেই হৈছে অভাৱমুক্ত, স্বয়ং প্ৰশংসিত।"(৬০:৬).
।।।।
আমি "obey E'llah and obey the messenger" এই বিষয়ৰ ওপৰত খণ্ড:১-৪ লৈকে লিখিনিত ঐতিহাসিক যুক্তিৰে কৈছোযে খোলাফায়ে ৰাছেদিনৰ (চাৰি চাহাবা) যুগত কোনো দুইনম্বৰী হাদিসৰ আমল কৰাৰ কাৰো সাহস নাছিল। এইবোৰৰ সংযোগ ঘটে মজহাবি চাৰি ঈমামৰ দিনত প্ৰায় দেৰশ বছৰৰ পাছত। আৰু ২০০/২৫০ বছৰৰ পাছত ছিয়াছিত্তাৰ ঈমামসকলে ইছলামক কলুষিত কৰিবলৈ হাদিসবোৰ লিখে যি আজি লৈকে চলি আছে।।
।।।।
উপৰত উল্লেখ কৰাৰ দৰে আৰু দুই ধৰণৰ আয়াত আছে। এবিধ প্ৰত্যক্ষ (direct) আৰু আনবিধ পৰোক্ষ(indicat)। প্ৰত্যক্ষবোৰত আমাক কোৱা হৈছে{যেনেঃ হে মুমিনসকল!(৫:৯০)}আৰু পৰোক্ষবোৰত(যিমান কোল-قُلْৰে আৰম্ভ হোৱা আয়াত আছে) ৰছুলক কোৱা হৈছে।
।।।।
ৰছুলক কোৱাবোৰো আমাৰ ওপৰত এল্লাহৰ হুকুম। কাৰণ ৰছুল আমাৰ "উত্তম আদৰ্শ" যিটোক তথা-কথিত হাদিসলৈ পুনাব নোৱাৰিব। এই কথাটোৱেই আমি উপৰত উল্লেখ কৰি আহিছো।
ক্ৰমশঃ
প্ৰথম তথাকথিত হাদিসৰ জন্ম-1️⃣
”Obey Ellah and obey the Messenger”-6️⃣
ক্ৰমিক নংঃ-1️⃣0️⃣7️⃣(যোৱা সংখ্যাৰ পিছৰ পৰা...)
⬇️⬇️
যোৱা খণ্ডত কৈছিলোযে আমি "Obey E'llah and Obey the Messenger" এই বিষয়ৰ ওপৰত ক্ৰমিক:১-৪ লৈকে লিখিনিত ঐতিহাসিক যুক্তিৰে দেখুৱাইছোযে খোলাফায়ে ৰাছেদিনৰ (চাৰি চাহাবা) যুগত কোনো দুইনম্বৰী হাদিসৰ আমল কৰাৰ কাৰো সাহস নাছিল।
।।।।
🎊কিয় আমি বাৰে বাৰে কথাবোৰ হাদিসৰ ফালে লৈ আনিছো!?
।।।।
ইতিহাসে কয়ঃ
বিদায়ী হজৰ ভাষণৰ পাছত মদিনালৈ ঘূৰি আহিয়েই ৰাছুল মহম্মদ(আ:ছা:) অসুস্থ হৈ পৰে। দিনে দিনে এই অসুস্থতা বাঢ়িগৈ থাকে। সেই অসুস্থতাৰ পৰা তেওঁ আৰু সুস্থ হৈ নুঠিল। এই ঘটনাৰ তিনি মাহৰ ভিতৰত ৰাছুলে (আ:ছা:) মৃত্যুবৰণ কৰে।
⬇️
হাদিস বর্ণনাকাৰিৰ জন্ম:
ৰাছুল মহম্মদৰ(আ:ছা:) লাশ দাফন কৰাৰ আগতেই প্রশ্ন উঠে তেওঁৰ উত্তৰাধিকাৰ কোন হ'ব? এই সিদ্ধান্ত গ্রহণত যেতিয়া তেওঁৰ ঘনিষ্ট সাহাবীসকলে বিভিন্ন মতামত দিছিল ঠিক তেতিয়াই তিনিজন হাদিস বৰ্ণনাকাৰীৰ জন্মক্ষন। এই তিনিজন ৰাছুলৰ নামত তিনিটা হাদিস হাজিৰ কৰে। এই তিনিজন বর্ণনাকাৰি হৈছে:
১. সাদ ইবনে আবু ওয়াক্কাস (ৰা:),
২. আয়েশা (ৰা:) আৰু
৩. হাফসা (ৰা:)।
এই তিনিজনে ‘ৰাছুলে কৈছিল’ বুলি দাবী কৰি হাদিসৰ ইতিহাসত প্রকাশ্যে তিনিটা হাদিসৰ জন্ম দিয়ে। যি ৰাছুলৰ হাদিসৰ ইতিহাসত প্রথম তিনিটা হাদিস। এই তিনিটি হাদিসৰ দুটাই স্থান পাইছে ছিয়া সিত্তাত । এটা ইমাম বুখাৰিৰ সংকলনত। আনটো ইমাম মুছলিমৰ সংকলনত। তৃতীয় হাদিসটোৱে স্থান পাইছে ইবনে ইসহাকৰ ছিৰাত ৰাছুল আল্লাহ গ্রন্থত।
যদিও ভিন্ন ভাৱে হলেও এই তিনিটা হাদিসেই স্থান পাইছে, আৰবৰ ইতিহাসৰ আটাইতকৈ পুৰণি লিখিত দলিল (কোৰআনৰ পাছত আটাইতকৈ পুৰণি লিখিত দলিল- যাৰ মূলকপি বর্তমান) ইবনে ইসহাকৰ সিৰাত ৰাছুল আল্লাহ আৰু আল তাবাৰীৰ তৰিকাহ আল ৰাছুল আল মূলক গ্রন্থ।
।।।।
এই তিনিটা হাদিস আছিল ৰছুলৰ উত্তৰাধিকাৰ মতামত। কিন্তু তিনিওটাৰে মত আছিল ভিন্ন। প্ৰশ্ন হয় চাৰি সাহাবা আৰু আন সাহাবাসকলে উক্ত হাদিস ভিত্তিতেই ৰছুলৰ উত্তৰাধিকা নিৰ্নয় কৰিছিল নে?
।।।
প্ৰথম তথাকথিত হাদিসৰ জন্ম-2️⃣Sl-108(7)
ৰছুলৰ নামত আলোচিত তিনি হাদিসঃ
🟣১. আলী (ৰা:) ৰছুলৰ উত্তৰাধিকাৰঃ
সাদ ইবনে আবু ওয়াক্কাসে (ৰা:) বর্ণনা কৰিছে : খায়বাৰৰ যুদ্ধৰ দিনৰ ঘটনাৰ উল্লেখ কৰি ৰছুলে কৈছিল, এনে এজনৰ হাতত মই পতাকা তুলি দিম যি আল্লাহ ৰছুলক ভাল পায় আৰু আল্লাহ ও তেওঁৰ ৰছুলেও তেওঁক ভাল পায়। বিজয় অর্জিত হোৱাৰ পাছত ৰছুলে, আলী (ৰা:), ফাতেমা (ৰা:) তেওঁলোকৰ দুই পুত্র হাসান ও হুছেইনক মাতিলে আৰু আলীৰ (ৰা:) হাতত পতাকা তুলিদি ক'লে, এয়াই আমাৰ পৰিৱাৰ। (ইসলামিক ফাউন্ডেশন অনূদিত মুসলিম শৰিফ- পঞ্চম খন্ড, ৬০০২ নম্বৰ হাদিস)
🟠২. আবু বকৰ ৰা: ৰছুলৰ উত্তৰাধিকাৰঃ
“আয়েশাৰ (ৰা:) পৰা বর্ণিত : তেওঁ কৈছিল, ৰছুল (স:) মোক মাতি ৰোগ শয্যাতে ক'লে, তোমাৰ আব্বা ও ভাইক মাতি আনা। মই এখন পত্র লিখি দিওঁ। কিয়নো মই ভয় কৰিছোযে, কোনো বাসনা পোষণকাৰী বাসনা কৰিব আৰু কোনোৱে ক'ব
মইয়েই অগ্রাধিকাৰী (অধিক যোগ্য)। অথচ আবু বকৰ বাদে অন্য কাকোৱেই আল্লাহে অস্বীকাৰ কৰিছে আৰু মুছলমানেও (অস্বীকাৰ কৰে)। (ইসলামিক ফাউন্ডেশন অনূদিত মুসলিম শৰিফ- পঞ্চম খ-, ৫,৯৬৫ নম্বৰ হাদিস)
🔴৩.ওমৰ (ৰা:) ৰছুলৰ উত্তৰাধিকাৰ:
ৰছুলৰ আৰু এক স্ত্রী হজৰত ওমৰৰ কন্যা হাফসা তেওঁৰ পিতাৰ পক্ষে অৱস্থানলৈ দাবী কৰিলে ৰছুলৰ মৃত্যুৰ আগতে তেওঁক কৈ যায়, তেওঁৰ পিতাকে যেন ৰছুলৰ উত্তৰাধিকাৰ কৰা হয়।(ইবনে ইসহাক: সিৰাত ৰাসুল আল্লাহ)।
ইবণে ইসহাক আৰু আল তাবাৰীৰ বর্ণনা:
ইবনে ইসহাক ও আল-তাবাৰিয়ে তেওঁলোকৰ গ্রন্থত বর্ণনা কৰিছে, মুহাম্মাদ (সঃ) মক্কাত আখেৰি হজ পালনৰ শেষত মদিনালৈ ঘূৰাৰ পথত এদিন ৰাতি মক্কা ও মদিনাৰ মধ্যবর্তী এটা পানীৰ উৎস ‘গাধিৰ ধুম’ এলাকাত তম্বু পাতিলে। ঠিক একে সময়ত আলী ইয়েমেন বিজয়ৰ শেষত মদিনালৈ ঘূৰি আহিছিল আৰু এই ‘গাধিৰ ধুম’-ত মুহাম্মাদ (সঃ)-ৰ কাফেলাৰ লগত মিলিত হয় তাত সেই ৰাতি এক উৎসৱমুখৰ পৰিবেশেৰ সৃষ্টি হয়। এশাৰ নামাজৰ পাছত মুহাম্মাদে (সঃ) তেওঁৰ নিকটৱৰ্তী আত্মীয় ও জুৱাই আৰু মক্কাৰ প্রথমপর্ব ইসলাম প্রচাৰৰ সময়ৰ পৰা ৰাসুলৰ(সঃ) একান্ত বিশ্বস্ত শিষ্য ও প্রতিটি যুদ্ধৰ লগৰিয়া হজৰত আলীক মাতি আনি তেওঁৰ নিজৰ একাষে ঠিয় কৰালে। এক পর্যায়ত তেওঁ হজৰত আলীৰ হাতখন নিজৰ হাতলৈ আনি হাত ঊর্ধ্বে তুলি ধৰি অত্যন্ত আবেগময় ভাষাত ক'লে, ‘আমি আমাৰ যি মহান প্রভুৰ বান্দা, আমাৰ মতেই আলীও সেই প্রভুৰ বান্দা। যি তাৰ (আলী) বন্ধু, তেওঁ আল্লাহৰ বন্ধু, যি তেওঁৰ (আলী) শত্রু, তেওঁ আল্লাহৰ শত্রু।
এই ভাষণৰ পিছত মদিনালৈ ঘূৰি আহি ৰাসুল (সঃ) অসুস্থ হৈ পৰে। দিনে দিনে এই অসুস্থতা বাঢ়িগৈ থাকে। সেই অসুস্থতাৰ পৰা তেওঁ আৰু সুস্থ হৈ নুঠিল। এই ঘটনাৰ তিনি মাহৰ ভিতৰত ৰাসুলে (সঃ) মৃত্যুবৰণ কৰে। ৰাসুলৰ মৃতূ্ৰ পাছত তেওঁৰ লাশ দাফন কৰাৰ আগে কোন তেওঁৰ উত্তৰাধিকাৰি হ'ব তাৰ প্রশ্ন উঠে। এই অবস্থাত কিছু লোকে উল্লেখিত হাদিস বর্ণনা কৰি আলীকেই ৰাসুলৰ উত্তাৰাধিকাৰৰ দাবী কৰে। এই প্রেক্ষিতত ৰাসুলৰ (স:) স্ত্রীয়ে আবুবকৰৰ কন্যা আয়েশাই কিছু লোকক মাতি আনি কয়, ৰাসুলুল্লাহে (সঃ) তেওঁৰ মৃত্যুৰ আগতে তেওঁক তেওঁৰ পিতাকক উত্তাৰাধিকাৰ হিচাপে কৈ গৈছিল। একেই সময়ত ৰাসুলৰ (সঃ) আৰু এক স্ত্রী হজৰত ওমৰৰ কন্যা হাফসাই দাবী কৰিলে, ৰাসুলে মৃত্যুৰ আগতে তেওঁক কৈ গৈছিল তেওঁৰ পিতাকক যেন ৰাসুলৰ উত্তৰাধিকাৰ কৰা হয়। (ইবনে ইসহাক: সিরাত ৰাসুল আল্লাহ)।
(বাংলাৰ পৰা অনুবাদ-ৰফ)
প্ৰথম তথাকথিত হাদিসৰ জন্ম-3️⃣Sl-109(8)
উত্তৰাধিকাৰঃ: সিদ্ধান্ত গ্রহণ:-
ৰাসুলৰ (সালামুন আলাল মুৰসালিন) মৃত্যুৰ পাছত তেওঁৰ উত্তৰাধিকাকলৈ বেছ উত্তেজনাৰ সৃষ্টি হয়। তিনিজন নবজন্মকৃত হাদিস বর্ণনাকাৰগৰ তিনটি পৃথক বক্তব্য লৈ তিনটি হাদিস সাধাৰণ মানুহৰ মাজত এই বিষয়ত উত্তজনা-বিভেদ আৰু বঢ়াই দিয়ে। কেবাটাও পক্ষৰ সৃষ্টি হয়। কিন্তু, যিহেতু ৰাসুল (সালামুন আলাল মুৰসালিন)-ৰ দীর্ঘদিনৰ ঘনিষ্ট সাহাবিৰ প্ৰায় সকলোৱেই জীৱিত, গতিকে তেওঁলোকে সেই 📍হাদিসক তেওঁলোকৰ সিদ্ধান্তত অগ্ৰাহ্য কৰিলে। তেওঁলোকে 📍কোৰআনৰ আদেশমতে নিজেৰ মাজত পৰামর্শ কৰাৰ সিদ্ধান্ত ললে। এই পৰিপ্রেক্ষিতত শীর্ষ সাহাবীসকলকলৈ গঠন কৰা হয় পৰামর্শক দল। এই পৰামর্শক দলৰ সংখ্যাগৰিষ্ঠৰ মত অনুযায়ী আবুবকৰ (ৰা:) ৰাসুলৰ উত্তৰাধিকাৰ নির্বাচিত হয়।
ইতিহাসে কয়, এই পৰামর্শক দলৰ সংখ্যাগৰিষ্ঠৰ সিদ্ধান্ত অনুযায়ী পৰৱর্তীত আৰু ৪ খলিফা নির্বাচিত হয়। কিন্তু মুয়াবিয়াৰ শাসণৰ শেষ পর্যায়ত এই পৰামর্শক দলৰ অস্তিত্ব বিপন্ন হয়। ইয়াৰ পাছতেই তাত আৰবৰ জাহেলিয়াত যুগৰ নিয়ম অনুযায়ী বংশ পৰস্পৰা শাসন ঘূৰি আহে।📍অবহেলিত হ'বলৈ ধৰে কোৰআনৰ বাণী। (সিৰাত ৰাসুল আল্লাহ -ইবনে ইসহাক; :তৰিকাহ আল ৰাসুল আল মুলক:আল তাবাৰী)।
(📍এই চিহ্নৰ কথাবোৰ মন কৰিব-ৰফ)
।।।।
নবজন্মকৃত হাদিসৰ প্রভাৱঃ
তাৎক্ষনিকভাবে এই নবজন্মকৃত হাদিস বর্ণনাকাৰি বা তেওঁলোকৰ বর্ণিত হাদিস সাহাবীসকলৰ সিদ্ধান্ত গ্রহণয বা ইসলামৰ নীতি-ৰীতি, সিদ্ধান্ত গ্রহণত কোনো প্রভাব নপৰিলেও ইয়াৰ সামগ্রিক প্রভাব আছিল ভয়াবহ। ইয়াৰ পাছত যেতিয়াই কোনো সংকটজনক পৰিস্থিতি সৃষ্টি হৈছিল বা কোনো গুৰুত্বপূর্ণ সিদ্ধান্ত নিয়াৰ প্রসঙ্গ আহিছিল তেতিয়াই বহু লোকে সেই সংক্রান্তৰ কিছু হাদিস (!) লৈ হাজিৰ হৈছিল। সেয়েহে প্রথম তিনি হাদিস বর্ণণাকাৰি আৰু তেওঁলোকৰ তিনি হাদিস জন্ম গ্রহণৰ কেই বছৰৰ ভিতৰতে আৰু বহু হাদিস জন্ম গ্রহণ কৰে।প্রথম চাৰি আমিৰুল মুমিনৰ শাসন কালত এইবোৰ বিষয়ে তেওঁলোকৰ কঠোৰ মনোভাৱৰ কাৰণে এইবোৰ হাদিস বর্ণনাকাৰি ৰাষ্ট্রীয় নীতি-নির্ধাৰণত বা সিদ্ধান্ত গ্রহণত তেনে কোনো প্রভাব বিস্তাৰ কৰিব নোৱাৰিলেও সমাজত সাধাৰণ মানুহৰ মাজত বিভেদ সৃষ্টি কৰিব পাৰিছিল। এনেকি এইবোৰ হাদিস বর্নণা কৰি আমেৰুল মুমিনসহ ৰাষ্ট্রৰ বিৰুদ্ধে জনমত গঠন কৰা হয়। দিনে দিনেই হাদিস বর্নণাকাৰি আৰু ৰাসুলৰ নামত হাদিসৰ সংখ্যা গৈথাকে। বহু ৰক্তপাতৰ জন্ম দিয়ে।
প্রথম চাৰি আমেৰুল মুমিনৰ শাসণৰ পাছত সেইবোৰ হু হুৱাই বাঢ়িবলৈ ধৰে। আৰু পৰৱর্তীত এই হাদিসৰ সংখ্যা বহু লাখত প্ৰচাৰ হৈ যায়। এই সময়ত কোৰআনৰ পৰিৱর্তে ৰাষ্ট্রীয় নীতি-সিদ্ধান্ত গ্রহণত হাদিস লাহে লাহে শক্তিশালী হ'বলৈ আৰম্ভ কৰে। ৰাষ্ট্রীয় কর্মচাৰি হ'বলৈ হ'লে এই হাদিস জানাত গুৰুত্ব দিয়া আৰম্ভ হয়। এইবোৰ হাদিস বর্নণাকাৰিয়ে গঢ়ি তুলে মাদ্রাসা। ইয়াৰ ভিত্তিতে গঢ়ি উঠিবলৈ আৰম্ভ কৰে, ইসলামৰ নামত নতুন নতুন আইন, ৰীতি-নীতি ইত্যাদি। ইসলামৰ নামত সেই ট্রাডিশন এতিয়াও অব্যাহত।
ৰাসুল (সালামুন আলাল মুৰসালিন)-ৰ শেষ ইচ্ছা আল্লাহে পুৰণ নকৰিলে (?)
আয়েশা ৰা:-ৰ বর্ণনা সত্য হ'লে- তেওঁৰ দাবী অনুযায়ী আল্লাহৰ ৰাসুলৰ শেষ ইচ্ছা আছিল তেওঁ তেওঁৰ ওসিয়ত কৰি যাব। এই বাবে তেওঁ মৃতূ্ৰ আগতে বিচাৰিছিল পত্র লিখি দি যাব অথবা আবুবকৰ (ৰা) আৰু তেওঁৰ পুত্রক মাতি আনি তেওঁলোকৰ লগত কথা ক'ব আৰু তাক লিখিত আকাৰে দিব। কিন্তু বাস্তৱত দেখা গ'ল তেওঁৰ সেই ইচ্ছা পূর্ণ নহ'ল। তাৰ আগতেই আল্লাহে তেওঁক লৈ যায়! (চাওঁক কোৰআনত ওসিয়াত সংক্রান্ত আয়াত: ৫. ১০৬, ১০৭, ১০৮- দুজন সাক্ষী আৰ লিখিত)।।
💟Raf's note: This Hadiths description translated from my friend SYED WALI(New York).
প্ৰথম তথাকথিত হাদিসৰ জন্ম-4️⃣Sl-110(9)
🟣কোৰআন নুবুজাকে বাহিৰা নোটবুকেৰে ইছলাম বুজিলো বুলি ভাৱি জন্নত পাম বুলি যদি এতিয়াও ই'গত দুবগৈ আছে তেন্তে মহা ভুল কৰিছে। জীৱনত যদি আয়ুস পাইছে এই মূহুৰ্ততে নোটবুক দলিয়াইদি কোৰআনলৈ ঘূৰি আহক।
।।।।
তলৰ দুটা সৰু ভিদিঅ' চাই তলৰ কথাবোৰ যিভাষাতেই নিদিও কিয় বুজাৰ চেষ্টা কৰকঃ
আমি আগৰ খণ্ডত খুলাফা ৰাছেদেনৰ দিনতযে তথাকথিত হাদিস ইছলামত প্ৰবেশ কৰিব পৰা নাছিল তাৰ বিষয়ে কৈছিলো।
তাৰ পাছত ৭৫০খৃষ্টাব্দত ইছলামৰ অৱস্থা কি হ'ল মন কৰক⬇️
Abbasid Empire, tried to change Arabic Text of Quran: ABBASID
।।।।
🟠ভাৱ হয় এক্সট্ৰা নোট বুক নোহোৱাকৈ চাৰি সাহাবাৰ দিনত কেনেকৈ ইছলাম চলিছিল.....
Ther was no any kind of extra-Quranic manuscripts never existed in the era of Prophet and Four Caliphs?
SEE- CALIPHS
।।।।
(হাদিসৰ অনুসন্ধানত)
🌶comp🌶edit🦀writer🌶syedraf🌶
📚(লিখনীৰ আঁৰৰ বিশেষজ্ঞ আৰু লেখকসকলঃ
🅰মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (কানাডা)।
🅱লেখকঃ ডাঃ এচ,আহমেদ (ফ্লৰিদা),
জি,এ,পাৰৱেয(পাকিস্তান), এডিপ-লেথ (আমেৰিকা)।
ক্ৰমশঃ...।।।।
Comments
Post a Comment