66:1(5:87 notes(Halal-Haram from Allah, don't say yourself-Rasool also can't)
66:1(5:87 notes(Halal-Haram from Allah, don't say yourself-Rasool also can't)
.
৬৬:১
يَا أَيُّهَا النَّبِيُّ لِمَ تُحَرِّمُ مَا أَحَلَّ اللَّهُ لَكَ ۖ تَبْتَغِي مَرْضَاتَ أَزْوَاجِكَ ۚ وَاللَّهُ غَفُورٌ رَحِيمٌ
হে নবী! আল্লাহে তোমাৰ বাবে যি বৈধ কৰিছে সেয়া তুমি নিজৰ বাবে নিষিদ্ধ কৰিছা কিয়? তুমি তোমাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচৰা নেকি; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
✍️BB-ref:(5:87)
৫:৮৭
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تُحَرِّمُوا طَيِّبَاتِ مَا أَحَلَّ اللَّهُ لَكُمْ وَلَا تَعْتَدُوا ۚ إِنَّ اللَّهَ لَا يُحِبُّ الْمُعْتَدِينَ
হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে উৎকৃষ্ট যিবোৰ বস্তু হালাল কৰিছে সেইবোৰক তোমালোকে হাৰাম নকৰিবা আৰু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰী সকলক পছন্দ নকৰে।
।।।
টোকা: আল্লাহৰ নামত মিছা বিধান নিৰ্দেশ দিয়াসকলক কোৰআনে আটাইতকৈ বেয়া মানুহ বুলি গৰিহণা দিয়ে। ইতিহাসৰ পাতত পাৰ্ভাৰ্ছে(corrupted) আল্লাহৰ নামত মানৱসৃষ্ট অসংখ্য নিয়ম আৰু নিষেধাজ্ঞাৰ প্ৰৱৰ্তন কৰি আল্লাহৰ ব্যৱস্থাৰ বিৰুদ্ধে যুঁজিবলৈ সকলো ধৰণৰ ধৰ্মগুৰুক নিজৰ প্ৰিয় আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁলোকে আল্লাহৰ ব্যৱস্থাটোক অন্ধবিশ্বাস, মূৰ্খ আচাৰ-ব্যৱহাৰৰ সংকলন, তুচ্ছ নিয়ম, অৰ্থহীন মতবাদ, অসংখ্য নিষেধাজ্ঞা, জনসাধাৰণৰ আফিং, বৌদ্ধিক দাসত্ব আৰু ইচ্ছাকৃত চিন্তাৰে গঠিত থিয়-ফিকচনলৈ ৰূপান্তৰিত কৰিলে। ৬:২১ পদ চাওক; ৭:১৭; ৪২:২১।
(৬:২১
وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا أَوْ كَذَّبَ بِآيَاتِهِ ۗ إِنَّهُ لَا يُفْلِحُ الظَّالِمُونَ
যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় যালিমসকলে সফলতা লাভ কৰিব নোৱাৰে।
.
৭:১৬-১৭
قَالَ فَبِمَا أَغْوَيْتَنِي لَأَقْعُدَنَّ لَهُمْ صِرَاطَكَ الْمُسْتَقِيمَ
সি ক’লে, ‘তুমি মোক পথভ্ৰষ্ট কৰাৰ কাৰণে মই অৱশ্যে তোমাৰ সৰল পথত মানুহৰ বাবে ৰৈ থাকিম’।
৭:১৭
ثُمَّ لَآتِيَنَّهُمْ مِنْ بَيْنِ أَيْدِيهِمْ وَمِنْ خَلْفِهِمْ وَعَنْ أَيْمَانِهِمْ وَعَنْ شَمَائِلِهِمْ ۖ وَلَا تَجِدُ أَكْثَرَهُمْ شَاكِرِينَ
‘তাৰ পিছত নিশ্চয় মই সিহঁতৰ ওচৰত আহিম সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁফালৰ পৰা আৰু সিহঁতৰ বাওঁফালৰ পৰা আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা’।
(please find the notes 7:16-17 in the link:
.
৪২:২১
أَمْ لَهُمْ شُرَكَاءُ شَرَعُوا لَهُمْ مِنَ الدِّينِ مَا لَمْ يَأْذَنْ بِهِ اللَّهُ ۚ وَلَوْلَا كَلِمَةُ الْفَصْلِ لَقُضِيَ بَيْنَهُمْ ۗ وَإِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি, যিবিলাকে সিহঁতৰ বাবে দ্বীনৰ পৰা চৰীয়ত প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই? আৰু মীমাংসাৰ ঘোষণা নাথাকিলে অৱশ্যে সিহঁতৰ মাজত সিদ্ধান্ত হৈ গ’লহেঁতেন। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
(pl find the notes of 42:21 in the link:
.
arranged syedraf
Comments
Post a Comment