সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবা-2:42

Do not confound the truth with falsehood,
সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবা-2:42
।।।
২:৪২
وَلَا تَلْبِسُوا الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُوا الْحَقَّ وَأَنْتُمْ تَعْلَمُونَ
আৰু তোমালোকে সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবা  আৰু জানি-শুনি সত্য গোপন নকৰিবা ।
.
2:42 And clothe not truth1 with vanity, nor conceal the truth2 when you know.3

1,2. Arabic: al ḥaqq. See Notepad XVII (al ḥaqq i.).
(Use of Haqq:
.
Notepad XVII (al ḥaqq i.)al ḥaqq+ii(aḥaqq)

3. I.e. if you know this to be the case
(যদি আপুনি এইটো সঁচা বুলি জানে) (cf. 2:22, 2:42, 2:75, 2:146, 🪻2:159, 2:188, 3:71, 3:75, 3:78, 3:135, 8:27, 43:86, 58:14).sam
(২:২২
الَّذِي جَعَلَ لَكُمُ الْأَرْضَ فِرَاشًا وَالسَّمَاءَ بِنَاءً وَأَنْزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجَ بِهِ مِنَ الثَّمَرَاتِ رِزْقًا لَكُمْ ۖ فَلَا تَجْعَلُوا لِلَّهِ أَنْدَادًا وَأَنْتُمْ تَعْلَمُونَ
যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চাল আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।
.
২:৪২
وَلَا تَلْبِسُوا الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُوا الْحَقَّ وَأَنْتُمْ تَعْلَمُونَ
আৰু তোমালোকে সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবা  আৰু জানি-শুনি সত্য গোপন নকৰিবা ।
.
২:৭৫
۞ أَفَتَطْمَعُونَ أَنْ يُؤْمِنُوا لَكُمْ وَقَدْ كَانَ فَرِيقٌ مِنْهُمْ يَسْمَعُونَ كَلَامَ اللَّهِ ثُمَّ يُحَرِّفُونَهُ مِنْ بَعْدِ مَا عَقَلُوهُ وَهُمْ يَعْلَمُونَ
তোমালোকে এই আশা কৰিছা নেকি যে, সিহঁতে তোমালোকৰ কথাত ঈমান আনিব? অথচ সিহঁতৰ এটা দলে আল্লাহৰ বাণী শ্ৰৱণ কৰে, তাৰ পিছত সিহঁতে সেইটো অনুধাবন কৰাৰ পিছত জানি বুজি বিকৃত কৰে ।
.
২:১৪৬
الَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَعْرِفُونَهُ كَمَا يَعْرِفُونَ أَبْنَاءَهُمْ ۖ وَإِنَّ فَرِيقًا مِنْهُمْ لَيَكْتُمُونَ الْحَقَّ وَهُمْ يَعْلَمُونَ
আমি যিসকলক কিতাব প্ৰদান কৰিছো, সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজৰ সন্তানক চিনি পায়; আৰু নিশ্চয় সিহঁতৰ এটা দলে জানি বুজি সত্য গোপন কৰি থাকে।
.
২:১৮৮
وَلَا تَأْكُلُوا أَمْوَالَكُمْ بَيْنَكُمْ بِالْبَاطِلِ وَتُدْلُوا بِهَا إِلَى الْحُكَّامِ لِتَأْكُلُوا فَرِيقًا مِنْ أَمْوَالِ النَّاسِ بِالْإِثْمِ وَأَنْتُمْ تَعْلَمُونَ
আৰু তোমালোকে নিজৰ মাজতে এজনে আনজনৰ অৰ্থ-সম্পদ অন্যায়ভাৱে নাখাবা আৰু মানুহৰ ধন-সম্পত্তিৰ কিছু অংশ জানি বুজি অন্যায়ভাৱে আত্মসাৎ কৰিবলৈ বিচাৰকসকলক প্ৰদান নকৰিবা।
.
২:১৫৯🪻
إِنَّ الَّذِينَ يَكْتُمُونَ مَا أَنْزَلْنَا مِنَ الْبَيِّنَاتِ وَالْهُدَىٰ مِنْ بَعْدِ مَا بَيَّنَّاهُ لِلنَّاسِ فِي الْكِتَابِ ۙ أُولَٰئِكَ يَلْعَنُهُمُ اللَّهُ وَيَلْعَنُهُمُ اللَّاعِنُونَ
নিশ্চয় যিসকলে সু-স্পষ্ট নিদৰ্শনসমূহ আৰু হিদায়ত গোপন কৰে যিবোৰ আমি অৱতীৰ্ণ কৰিছো, মানুহৰ বাবে কিতাবত সেয়া স্পষ্টভাৱে ব্যক্ত কৰাৰ পিছত, সিহঁতক আল্লাহে অভিশাপ কৰে আৰু অভিশাপকাৰীসকলেও সিহঁতক অভিশাপ কৰে।
(Pl Press the link: 
.
৩:৭১
يَا أَهْلَ الْكِتَابِ لِمَ تَلْبِسُونَ الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُونَ الْحَقَّ وَأَنْتُمْ تَعْلَمُونَ
হে আহলে কিতাব! তোমালোকে কিয় সত্যক মিছাৰ লগত মিশ্ৰিত কৰা আৰু সত্যক গোপন কৰা, অথচ তোমালোকে সেয়া জানা?
.
৩:৭৫
۞ وَمِنْ أَهْلِ الْكِتَابِ مَنْ إِنْ تَأْمَنْهُ بِقِنْطَارٍ يُؤَدِّهِ إِلَيْكَ وَمِنْهُمْ مَنْ إِنْ تَأْمَنْهُ بِدِينَارٍ لَا يُؤَدِّهِ إِلَيْكَ إِلَّا مَا دُمْتَ عَلَيْهِ قَائِمًا ۗ ذَٰلِكَ بِأَنَّهُمْ قَالُوا لَيْسَ عَلَيْنَا فِي الْأُمِّيِّينَ سَبِيلٌ وَيَقُولُونَ عَلَى اللَّهِ الْكَذِبَ وَهُمْ يَعْلَمُونَ
আৰু কিতাবীসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যাৰ ওচৰত বিপুল সম্পদ আমানত ৰাখিলেও সি ঘূৰাই দিব; আকৌ সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যাৰ ওচৰত এটা দীনাৰ আমানত ৰাখিলেও তাৰ ওপৰত সৰ্বোচ্চ তাগিদ নিদিয়ালৈকে সি সেইটো ওভোতাই নিদিব। এইটো এইবাবে যে, সিহঁতে কয়, ‘উম্মীসকলৰ বিষয়ে আমাৰ ওপৰত কোনো বাধ্যবাধকতা নাই; আৰু সিহঁতে জানি বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।
.
৩:৭৮✔️
وَإِنَّ مِنْهُمْ لَفَرِيقًا يَلْوُونَ أَلْسِنَتَهُمْ بِالْكِتَابِ لِتَحْسَبُوهُ مِنَ الْكِتَابِ وَمَا هُوَ مِنَ الْكِتَابِ وَيَقُولُونَ هُوَ مِنْ عِنْدِ اللَّهِ وَمَا هُوَ مِنْ عِنْدِ اللَّهِ وَيَقُولُونَ عَلَى اللَّهِ الْكَذِبَ وَهُمْ يَعْلَمُونَ
আৰু নিশ্চয় সিহঁতৰ মাজত এনেকুৱা এটা দল আছে, যিসকলে কিতাবক জিভাৰ দ্বাৰা বিকৃত কৰে যাতে তোমালোকে সেইটোক আল্লাহৰ কিতাবৰ অংশ বুলি ভাৱা; অথচ সেইটো কিতাবৰ অংশ নহয়। সিহঁতে আৰু কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা’; অথচ সেইটো আল্লাহৰ তৰফৰ পৰা নহয়। আৰু সিহঁতে জানি-বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।
.
৩:১৩৫
وَالَّذِينَ إِذَا فَعَلُوا فَاحِشَةً أَوْ ظَلَمُوا أَنْفُسَهُمْ ذَكَرُوا اللَّهَ فَاسْتَغْفَرُوا لِذُنُوبِهِمْ وَمَنْ يَغْفِرُ الذُّنُوبَ إِلَّا اللَّهُ وَلَمْ يُصِرُّوا عَلَىٰ مَا فَعَلُوا وَهُمْ يَعْلَمُونَ
আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। আল্লাহৰ বাহিৰে আন কোন আছে যিয়ে পাপ ক্ষমা কৰিব পাৰিব? আৰু সিহঁতে যিটো কৰি পেলাইছে সেইটো জানি বুজি পুনৰ নকৰে।
.
৮:২৭
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَخُونُوا اللَّهَ وَالرَّسُولَ وَتَخُونُوا أَمَانَاتِكُمْ وَأَنْتُمْ تَعْلَمُونَ
হে মুমিনসকল! তোমালোকে জানি-বুজি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ খিয়ানত (বিশ্বাসঘাতকতা) নকৰিবা আৰু তোমালোকৰ পৰস্পৰৰ আমানততো খিয়ানত নকৰিবা।
.
৪৩:৮৬✔️
وَلَا يَمْلِكُ الَّذِينَ يَدْعُونَ مِنْ دُونِهِ الشَّفَاعَةَ إِلَّا مَنْ شَهِدَ بِالْحَقِّ وَهُمْ يَعْلَمُونَ
আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁতে কেতিয়াও ছুপাৰিছৰ অধিকাৰী নহ’ব, কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে।
.
৫৮:১৪
۞ أَلَمْ تَرَ إِلَى الَّذِينَ تَوَلَّوْا قَوْمًا غَضِبَ اللَّهُ عَلَيْهِمْ مَا هُمْ مِنْكُمْ وَلَا مِنْهُمْ وَيَحْلِفُونَ عَلَى الْكَذِبِ وَهُمْ يَعْلَمُونَ
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত বন্ধুত্ব কৰে যিসকলৰ ওপৰত আল্লাহ ক্ৰোধান্বিত হৈছে? সিহঁত তোমালোকৰ দলভূক্ত নহয়; আৰু সিহঁতে জানি বুজি মিছা কথাত শপত খায়।
_________________________
syedraf 

Comments

Popular posts from this blog

By sam(SJC)Shayṭān, Jinn, and Related Terms Considered: by Sam

About Quran by David Namuh

Special Note 2:79