পৱিত্ৰ নগৰী হ'ল বাক্কা-৯০:১, উত্তম আদৰ্শ- নবী ইব্ৰাহিমৰ-৩৩:২১, আল-মাছজিদুল হাৰামৰ পৰা আল-মাছজিদুল আক্বছালৈ ''ইব্ৰাহিমক"-১৭:১

✔️নবী ইব্ৰাহিমৰ দিনত মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেইটো বাক্কাত আছে-৩:৯৬,
অৰ্থাৎ  ৯০:১ ত উল্লেখিত পৱিত্ৰ নগৰী হ'ল বাক্কা।

✔️উত্তম আদৰ্শ- নবী ইব্ৰাহিমৰ-৩৩:২১, মহম্মদৰ নহয়।

✔️ইব্ৰাহিমক (আ:ছা:)আল্লাহতা'লাই তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, আল-মাছজিদুল হাৰামৰ পৰা আল-মাছজিদুল আক্বছালৈ গৈছিল, মহম্মদক(আ:ছা:) নহয়-১৭:১। মিৰাজ কাহিনী ভিৰাজৰ পৰা চুৰ কৰা।
____________________________________________
🔵নবী ইব্ৰাহিমৰ দিনত মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেইটো বাক্কাত আছে-৩:৯৬।
।।।
প্ৰায় ৩৫০০ বছৰৰ এটা বৃহৎ সময়ৰ ব্যৱধান নবী মুহাম্মাদ আৰু নবী ইব্ৰাহিমৰ মাজত। এই দীঘলীয়া সময়ৰ ভিতৰত খৃষ্টান আৰু ইহুদীৰ বাবে  মানুহৰ সমাজলৈ দুজনেই নবী/ৰছুল আহিছিল (৬:১৫৫-১৫৬)। তেওঁলোকক দিয়া কিতাপ তেওঁলোকে ভেজাল কৰি পেলাইছিল। এই নবীসকলৰ পাছত আৰু কোনো বিশুদ্ধ সংৰক্ষিত আল্লাহৰ বাণীৰ কিতাপ আকাৰে মহম্মদৰ আগতে অহা নাছিল (৩২:২-৩, ৩৪:৪৪)।
।।।
"বাক্কা"তেই মছজিদুল হাৰামত কা'বা আছে-২:১৫৮, ৫:৯৭। ইব্ৰাহিমৰ পৰিয়ালৰ লোকসকল পৱিত্ৰ ঘৰৰ(কা'বা) কাষতেই বসবাস কৰিছিল-১৪:৩৭। ইব্ৰাহীম আৰু ইছমাঈলে কা’বাঘৰৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ইব্ৰাহীমৰ ই ষ্টেচন আছিল -২:১২৭,১২৫। এই কথাবোৰ নবী ইব্ৰাহিমৰ দিনৰ।কালক্ৰমত প্ৰায় ৩৫০০ বছৰৰ পাছত বাক্কাৰ নাম হ'ল "মাক্কা"। কোৰআন মজিদত বাক্কা-৩:৯৬ আৰু মাক্কা মাত্ৰ এবাৰ এবাৰেই উল্লেখিত হৈছে- ৪৮:২৪।
.
কিছু বছৰৰ আগতে এজন কানাডিয়ান প্রত্নতাত্ত্বিক ড্যান গিবছনে কৈছিলযে প্রাথমিক ইছলাম মক্কাত আৰম্ভ হোৱা নাছিল হৈছিল পেট্ৰাত অৰ্থাৎ বাক্কাত। 
তেওঁৰ এই হিচাপ-পত্ৰ বোৰ কৰিছিল বুখাৰীৰ হাদিস আৰু কোৰআনত থকা কিবলা আয়াতৰ (2:143-144) পৰা। তেওঁ কিবলা মানে দিশ (direction) হিচাপে কাম কৰিছিল। ড্যান গিবছনৰ ইউটিউবত বহুত ভিডিঅ' আছে। ইয়াত প্ৰায় 1½ ঘণ্টাৰ এটা ভিডিঅ'ৰ লিংক দিছো, চাব পাৰে (https://youtu.be/5tth1QVg780 - ২০মিনিতৰ পাছৰ পৰা কিবলাৰ কথা আহিছে)। গিবছনে তেওঁৰ জীৱনৰ প্ৰায় ৩০বছৰ এই কামত গৱেষণা কৰিছিল। ✔️আমাৰ গৱেষণা মতে তেওঁ ৩০টা বছৰ এনেই বৰবাদ কৰিলে। কাৰণ তেওঁৰ গৱেষণাৰ প্ৰধান আহিলা আছিল তথাকথিত সহী মাৰ্কা মৰা হাদিসবোৰ (ভিডিঅ'টোত আৰবীয়ানজনৰ মুখত বুখাৰীই বুখাৰী শুনি থাকিব)। আমি জানো নবী মহম্মদৰ মৃত্যুৰ প্ৰায় ২৫০ বছৰৰ পাছত ইছলামৰ শত্ৰুবিলাকে কোৰআনৰ আয়াত লুকুৱাই🤡 হাদিসবোৰে প্ৰচাৰ কৰি দিলে, যিবোৰ আজিও সকলো মুছলীমে ভুলকৈ পালন কৰি আছে। 
কোৰআনত "কিবলা"ক দিশ হিচাপে বিবেচনা কৰাই নাই(2:144- https://youtu.be/dmgC457J7zA )। 
.
🤡কোৰআনৰ আয়াত কেনেকৈ লুকুৱাই:
তলৰ আয়াতটো মন কৰক:
৩৩:২১
لَقَدْ كَانَ لَكُمْ فِي رَسُولِ اللَّهِ أُسْوَةٌ حَسَنَةٌ لِمَنْ كَانَ يَرْجُو اللَّهَ وَالْيَوْمَ الْآخِرَ وَذَكَرَ اللَّهَ كَثِيرًا
অৱশ্যে তোমালোকৰ বাবে আছে আল্লাহৰ ৰাছুলৰ মাজত উত্তম আদৰ্শ, সেই ব্যক্তিৰ বাবে যিয়ে আশা কৰে আল্লাহ আৰু শেষ দিৱসৰ আৰু যিয়ে আল্লাহক বেছি বেছি স্মৰণ কৰে।

উক্ত আয়াতত কোনো ৰছুলৰ নাম উল্লেখ কৰা নাই। 
কিন্তু ইয়াত মহম্মদৰ(আ:ছা:) নামটো সাঙুৰি তেওঁৰ ব্যক্তিগত জীৱনক চুন্নত বনাই কেনেকৈ খাব লাগে, মুতিব লাগে হাগিব লাগে, লাও খাই ভাল পাইছিল নেকি আদিবোৰ উত্তম আদৰ্শ হিচাপে পালন কৰাত লাগি গ'ল। এই মানুহবোৰে কোনো দিন কোৰআন খৰচি মাৰি বুজাকৈ নপঢ়িলেই। 
আমি কোৰআনৰ এই খণ্ডৰ(৬৫৮নং) video template subject ত এই বিষয়ে লিখিছো, চাব:
(https://rb.gy/lgapj)। তাত কৈছো, নবী ইব্ৰাহিম(আ:ছা:) মানৱজাতিৰ ঈমাম(২:১২৪) আৰু মহম্মদে তেওঁকে ফ'ল কৰিছিল। উল্লেখিত ৩৩:২১ আয়াতত ইব্ৰাহিমকে(আ:ছা:) উত্তম আদৰ্শ হিচাপে গ্ৰহণ কৰিবলৈ কোৱা হৈছে, চাওঁক- ৬০:৪,৬।
.
🤡কোৰআনৰ আয়াত লুকুৱাৰ আটাইতকৈ আমোদজনক কথাটোলৈ আহোঃ ১৭নং ছুৰা আল-ইছৰাৰ ১নং আয়াতটোলৈ মন কৰকঃ
১৭:১
 سُبْحَانَ الَّذِي أَسْرَىٰ بِعَبْدِهِ لَيْلًا مِنَ الْمَسْجِدِ الْحَرَامِ إِلَى الْمَسْجِدِ الْأَقْصَى الَّذِي بَارَكْنَا حَوْلَهُ لِنُرِيَهُ مِنْ آيَاتِنَا ۚ إِنَّهُ هُوَ السَّمِيعُ الْبَصِيرُ
পৱিত্ৰ মহিমাময় তেওঁ, যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, আল-মাছজিদুল হাৰামৰ পৰা আল-মাছজিদুল আক্বছালৈ, যাৰ কেউফালে আমি বৰকত প্ৰদান কৰিছো, যাতে আমি তেওঁক আমাৰ নিদৰ্শন দেখুৱাব পাৰো; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
(এই আয়াতৰ টোকাত কোৰআন-বোধৰ বিখ্যাত আৰবীত স্কলাৰে লিখিছেযে ২৫ জন চাহাবীয়ে উক্ত আয়াতটোক মহম্মদৰ(আ:ছা:) "মিৰাজ" বুলি চিহ্নিত কৰিছে-লিংকত চাওঁক:
আচলতে এই স্কলাৰবোৰে কোৰআন বিশ্লেষণাত্মক দৃষ্টি ভংগীৰে পঢ়াই নাই। তেওঁলোক তথাকথিত হাদিসক প্ৰধান্য দি কোৰআনক পৰিত্যৰ্য কৰিছে-২৫:৩০(ha-Jiim Ra=
leave/abandon/desert/forsake/depart/renounce/quit)। 
মিৰাজৰ মিছা কাহিনীটো Virazৰ পৰা বুখাৰীহঁতে চুৰ কৰি Miraj নামেৰে হাদিসত সন্নিৱিষ্ট কৰিছে।
[The story of Viraz: The Book of Arda Viraz (Arda Viraz-namag) is a Zoroastrian religious text of Sassanid era. It was originally written in Middle Persian language probably during the reign of King Ardashir I (226-240 AD)- read in the link:
মহম্মদে (আ:ছা:) বোলে  "মিৰাজ"ত আল্লাহৰ পৰা দৰ-দাম কৰি ৫০ৱক্ত নামাজক ৫ ৱক্ত কৰি আনিলে। হাস্যকৰ। তেওঁলোকে নেজানে যে আল্লাহৰ কথাৰ পৰিবৰ্তন নহয়-৫০:২৯। 
.
আমি আৰম্ভণিতে কৈ আহিছোযে নবী ইব্ৰাহিম(আ:ছা:) মানৱজাতিৰ ঈমাম(২:১২৪) আছিল আৰু উক্ত ১৭:১ আ‌য়াতটোত ইব্ৰাহিমক (আ:ছা:) আল্লাহতা'লাই তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, আল-মাছজিদুল হাৰামৰ পৰা আল-মাছজিদুল আক্বছালৈ গৈছিল। 
চাওঁকঃ
৬:৭৫
وَكَذَٰلِكَ نُرِي إِبْرَاهِيمَ مَلَكُوتَ السَّمَاوَاتِ وَالْأَرْضِ وَلِيَكُونَ مِنَ الْمُوقِنِينَ
এইদৰে আমি ইব্ৰাহীমক আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব দেখুৱাইছো, যাতে তেওঁ দৃঢ় বিশ্বাসীসকলৰ অন্তৰ্ভুক্ত হয়।
____________________________________________
syedraf 31.07.2023 Nazvilla 
____________________________________________

Comments

Popular posts from this blog

By sam(SJC)Shayṭān, Jinn, and Related Terms Considered: by Sam

About Quran by David Namuh

Special Note 2:79