ছালাতৰ কোৰআনিক অৰ্থ- syedraf

ছালাতৰ কোৰআনিক অৰ্থ:-
⬇️
যিসকলে ছালাত(কথিত-নামাজ) বুলিলে কেৱল কথিত-দৈনিক পাচ(৫)বাৰ ৰুকু ছিজদাহকেই বুজিলে তেখেতসকলে আচলতে ছালাতৰ বিষয়ে একোৱেই নুবুজিলে। 
.
এনে হোৱাৰ মূলতেই হৈছে তেখেতসকলে কোৰআনতকৈ কথিত-হাদিসবোৰক (so-called hadiths) বেছি গুৰুত্ব দিয়াৰ কাৰণে।
.
ৰুকু চিজদাহেৰে ছালত আদায়ৰ উপৰিও ইয়াৰ আৰু মহান অৰ্থ আছে।
.
ছালাতৰ কোৰআনিক অৰ্থ হৈছে=ৱহীৰ নিৰ্দেশনা ৱাস্তবায়ন কৰা।
ৱহীৰ নিৰ্দেশনা ক'ত পাব?কথিত-হাদিসবোৰত নে কোৰআনত?
তলৰ আয়াতলৈ মন কৰক।
⬇️

٩٠:٦
أُولَٰئِكَ الَّذِينَ هَدَى اللَّهُ ۖ فَبِهُدَاهُمُ اقْتَدِهْ ۗ قُلْ لَا أَسْأَلُكُمْ عَلَيْهِ أَجْرًا ۖ إِنْ هُوَ إِلَّا ذِكْرَىٰ لِلْعَالَمِينَ
৬:৯০
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত কৰিছে, এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা, ‘ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰো, এইটো কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ’।
.
١٠٤:١٢
وَمَا تَسْأَلُهُمْ عَلَيْهِ مِنْ أَجْرٍ ۚ إِنْ هُوَ إِلَّا ذِكْرٌ لِلْعَالَمِينَ
১২:১০৪
অথচ তুমি সিহঁতৰ পৰা কোনো প্ৰতিদানো বিচৰা নাই। এই (কোৰআন) কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ।
.
١٠١:٢
وَلَمَّا جَاءَهُمْ رَسُولٌ مِنْ عِنْدِ اللَّهِ مُصَدِّقٌ لِمَا مَعَهُمْ نَبَذَ فَرِيقٌ مِنَ الَّذِينَ أُوتُوا الْكِتَابَ كِتَابَ اللَّهِ وَرَاءَ ظُهُورِهِمْ كَأَنَّهُمْ لَا يَعْلَمُونَ
২:১০১
আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰত এজন ৰাছুল আহিলে, সিহঁতৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।
⬇️মন কৰিব⬇️
٩٢:٦
وَهَٰذَا كِتَابٌ أَنْزَلْنَاهُ مُبَارَكٌ مُصَدِّقُ الَّذِي بَيْنَ يَدَيْهِ وَلِتُنْذِرَ أُمَّ الْقُرَىٰ وَمَنْ حَوْلَهَا ۚ وَالَّذِينَ يُؤْمِنُونَ بِالْآخِرَةِ يُؤْمِنُونَ بِهِ ۖ وَهُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ
৬:৯২
আৰু এইটো বৰকতময় কিতাব যিটো আমি অৱতীৰ্ণ কৰিছো, যিটো ইয়াৰ আগৰ সকলো কিতাবৰ সত্যায়নকাৰী আৰু যিটোৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা। আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ঈমান পোষণ কৰে, আৰু তেওঁলোক নিজ ছালাতৰ প্ৰতি যত্নবান।
.
Note
From Makkah, the Message will fan out in all directions 6:90, 12:104, 2:101. Wa hum ‘ala salaatihim yuhaafizoon= They guard their prime commitment = They protect the Divine System that they have established. The common translation, “They guard their prayers,” makes no sense here.
.
#muktabul hussain

Comments

Popular posts from this blog

By sam(SJC)Shayṭān, Jinn, and Related Terms Considered: by Sam

About Quran by David Namuh

Special Note 2:79