কোৰআনেই দ্বীনৰ পৰিপূর্ণ দলিলঃby syedraf

🔵কোৰআনেই দ্বীনৰ পৰিপূর্ণ দলিলঃ
.
পবিত্র এই কোৰআনেই শ্রেষ্ঠ জীৱন দর্শন। আল্লাহে কৈছে, “মই যি নাযিল কৰিছো তদানুসাৰে যিসকলে দ্বীনৰ বিষয়ে বিধান নিদিয়ে তেওঁলোকেই কাফিৰ (মায়েদা, ৪৪ আয়াত),“মই যি নাযিল কৰিছো তদানুসাৰে যিসকলে দ্বীনৰ বিষয়ে বিধান নিদিয়ে তেওঁলোকেই জালিম (মায়েদা, ৪৫ আয়াত), “মই যি নাযিল কৰিছো তদানুসাৰে যিসকলে দ্বীনৰ বিষয়ে বিধান নিদিয়ে তেওঁলোকেই ফাসিক (মায়েদা, ৪৭ আয়াত)। দ্বীনৰ সকলো বিষয়ৰ মিমাংস হ'ব লাগিব এই কোৰআনৰ মতে। (ক্ৰমঃ১📌তাৰিক-৮৬:১৩)। গতিকেই দ্বীনৰ ক্ষেত্রত ইজমা, কিয়াস, ফিকাহ শাস্ত্র, মানবৰচিত গ্রন্থ ও হাদিস অনুসৰি কোনো বিধান দিব নোৱাৰিব। তাৰোপৰি যদি কোনোৱে এনেকৈ কয়যে, দ্বীনৰ যিবোৰ বিষয়ৰ ফয়সালা পৱিত্র কোৰআনৰ মাজত পোৱা নেযায়, সেই বিষয়বোৰ ইজমা, কিয়াস, ফিকাহ শাস্ত্র, মানবৰচিত গ্রন্থ ও হাদিসৰ কিতাপেৰে সমাধান দিব লাগিব। এনেকৈ যিসকলে কয়, তেওঁলোকৰ কথাত প্রমাণিত হয়যে, এই কোৰআন দ্বীনৰ বিষয়ে অসম্পূর্ণ। কিন্তু নহয় এই কোৰআন দ্বীনৰ ক্ষেত্রত পৰিপূর্ণ। কাৰণ সর্বশেষ অহীৰ মাধ্যমে আল্লাহে জনাই দিছে, “আজি তোমালোকৰ দ্বীনক পৰিপূর্ণ কৰি দিলো।” (ক্ৰমঃ২📌মায়েদা, ৩ আয়াত)। সত্য ও ন্যায়ৰ ফালৰ পৰা আল্লাহৰ বাণী পৰিপূর্ণ। আল্লাহৰ কথাৰ কোনো পৰিবর্তন নাই (ক্ৰমঃ৩📌আনআম-১১৫)। সেয়েহে আল্লাহে কৈছে, যদি তুমি অধিকাংশ মানুহৰ কথামতে চলা, তেন্তে তেওঁলোকে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। (ক্ৰমঃ৪📌আনআম-১১৬)। গতিকে অধিকাংশ মানুহ নিশ্চয় আল্লাহৰ পথত নাই। গতিকে এই কোৰআন দ্বীনৰ ক্ষেত্রত পৰিপূর্ণ দলিল, ইয়াত কোনো সন্দেহ নাই। দ্বীনৰ ক্ষেত্ৰত কোৰআন ব্যতীত অন্য কোনো কিতাপৰ কোনো প্রয়োজন নাই। তাৰপিছতো যদি কোনোৱে কয়যে, নবী মোহাম্মদক (আ:ছা:) অনুসৰণ কৰাৰ ক্ষেত্রত হাদিসৰ অনুসৰণ কৰাৰ দৰকাৰ। তেওঁলোকৰ দৃষ্টি আকর্ষণ কৰি কোৱা হৈছেযে, নবী মোহাম্মদে (আ:ছা) যি অনুসৰণ কৰিছিল তাক যিসকলে অনুসৰণ কৰে তেওঁলোকেই নবীৰ (আ:ছা) অনুসাৰী। নবী মোহাম্মদক (আ:ছা) আল্লাহ তা'লাই জানাই দিছেযে, “হে নবী তোমাৰ প্রতি যি অহী অবতীর্ণ হয় তুমি কেৱল তাৰেই অনুসৰণ কৰা, অন্যএকো অনুসৰণ নকৰিবা।” (ক্ৰমঃ৫📌আনআম আয়াত-৫০)। কাৰণ নবীয়ে (আ:ছা) অহীৰ বাদে কাকো সতর্ক নকৰে। (ক্ৰমঃ৬📌আম্বিয়া- ৪৫) কাৰ্য্যতহঃ যিয়েই পৱিত্র কোৰআন সম্পূর্ণ ভাৱে অনুসৰণ কৰিব তেৱেঁই নবীৰ (আ,ছা) অনুসাৰী, ইয়াত কোনো সন্দেহ নাই। নবীক (আ,ছা) অনুসণৰ বাবে কোৰআনকেই অনুসৰণ কৰিব লাগিব, সেইক্ষেত্রত হাদিস অনুসৰণৰ কোনো দৰকাৰ নাই। তাৰোপৰি যদি কোনোৱে এনেকৈ কয়যে, দ্বীনৰ ক্ষেত্রত এই কোৰআনেই যদি একমাত্র দলিল হয় তেতিয়া ইমানবোৰ কিতাপ-পুস্তক বজাৰলৈ কেনেকৈ আহিল? তেওঁলোকৰ বাবে দৃষ্টি আকর্ষণ কৰি কোৱা হৈছে, আল্লাহে কৈছে, “দুভোর্গ তেওঁলোকৰ বাবে যিসকলে নিজ হাতে কিতাপ ৰচনা কৰি তাক আল্লাহৰ নামত চালাই দিয়ে আৰু অলপ মূল্যত বজাৰত বিক্রি কৰে।” (ক্ৰমঃ৭📌বাকাৰা আয়াত ৭৯।)
এই কোৰআন বাদে দ্বীনৰ ক্ষেত্রত যিমান কিতাপ বাজাৰলৈ আহিছে এইবোৰ সব মানুহৰ দ্বাৰা ৰচিত। এইবোৰ দ্বীনৰ কোনো দলিল নহয় এইবোৰ পৰিহাৰযোগ্য। ইয়াৰোপৰি কিতাপিদাৰৰ ভিতৰত এনে অনেক লোক আছে যিসকলে কোৰআনৰ  যিবোৰ আয়াতৰ অর্থ নিজৰ মতৰ বিৰুদ্ধে যায়, সেই আয়াতবোৰ সমাজত গোপনে ৰাখে, জনসমাজত সেইবোৰ প্রকাশ নকৰে। এইসকলক সতর্ক কৰাৰ বাবে আল্লাহে  কৈছেযে, "মই মোৰ আয়াতসমূহ স্পষ্টভাৱে কিতাপত ব্যক্ত কৰাৰ পিছতো যিয়েই সেইবোৰ গোপন কৰে তেওঁলোকক আল্লাহে অভিসম্পাত কৰে বা লানত দিয়ে।” (ক্ৰমঃ৮📌বাকাৰা, ১৫৯ আয়াত)। গতিকে কোৰআনৰ কোনো আয়াত গোপনে ৰাখিব নোৱাৰিব। ইয়াৰোপৰি কিছু লোক আছে যিসকলে আয়াতৰ অর্থ এনেকোৱাভাবে কৰছযে, যিটো এই কোৰআনয় অন্য আনএটি আয়াতৰ পৰিপন্থী হৈযায়, সেইক্ষেত্রত সেই আয়াতটিৰ উদ্দেশ্য ব্যর্থ হয়। এনেলোকক সতর্ক কৰাৰ বাবে আল্লাহে কৈছে, “যিয়েই মোৰ আয়াতক ব্যর্থ কৰাৰ চেষ্টা কৰে তাৰবাবে কঠিন শাস্তি জাহান্নাম।” (ক্ৰমঃ৯📌হজ, ৫১ আয়াত)। অনেকেই কোৰআনৰ আয়াতক বিকৃত কৰি ভিন্ন অর্থ কৰে, তেওঁলোকৰ বাবে আল্লাহে কয়, আমাৰ আয়াত বিকৃতকাৰীৰ বাবে জাহান্নাম (ক্ৰমঃ১০📌৪১: ৪০) (ক্ৰমঃ১১📌২ : ৭৫)। সেয়েহে নিজৰ ইচ্ছামতে কোৰআনৰ আয়াতৰ অর্থ কৰা নেযাব। বৰং কোনো এটা বিষয়ৰ ওপৰত কোৰআনৰ সৰল বুজ(understanding) লাভ কৰিবলৈ হলে সেই বিষয়য় ওপৰত যিমানবোৰ আয়াত কোৰআনত আছে সেই সকলো আয়াতবোৰক এক জাগাত একত্ৰিত কৰি অর্থ কৰিলে কোৰআনৰ সঠিক আৰু সৰল অর্থ পোৱা যাব। এইবাবেই কোৰআনৰ পৰা বিষয়ভিত্তিকভাৱে আলোচনা কৰিলে কোৰআনৰ অপব্যাখ্যাৰ পৰা মানুহে মুক্তি পাব। সেইক্ষেত্রত ইজমা, কিয়াস, ফিকাহ শাস্ত্র, মানৱৰচিত কিতাপ ও হাদিস কিতাপৰ উদ্ধৃতিদি কোৰআনৰ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। তাৰপিছতো যিয়েই কোৰআন প্রত্যাখ্যান কৰিব তেওঁৰ বাবে আছে শাস্তি (ক্ৰমঃ১২📌৩৭ : ১৭০)। যিসকলে এই কোৰআনৰ দর্শন অপছন্দ কৰে তেওঁলোকৰ কর্মফল বিনষ্ট হ'ব(ক্ৰমঃ১৩📌৪৭ : ৯)।
আমাৰ উচিতযে মানব ৰচিত গ্রন্থ ভিত্তিক দ্বীনৰ বুজ(understanding) পৰিহাৰ কৰি বিষয়ভিত্তিক কোৰআনৰ মাধ্যমে দ্বীনেৰ সঠিক বুজ সমাজত প্রতিষ্ঠিত কৰা।
.
ক্ৰমঃনং অনুসৰি ছুৰাঃআয়াত📌:-
ক্ৰমঃ১📌
١٣:٨٦
إِنَّهُ لَقَوْلٌ فَصْلٌ
৮৬:১৩
নিশ্চয় এইটো (আল-কোৰআন) মীমাংসাকাৰী বাণী।
.
ক্ৰমঃ২📌
٣:٥
حُرِّمَتْ عَلَيْكُمُ الْمَيْتَةُ وَالدَّمُ وَلَحْمُ الْخِنْزِيرِ وَمَا أُهِلَّ لِغَيْرِ اللَّهِ بِهِ وَالْمُنْخَنِقَةُ وَالْمَوْقُوذَةُ وَالْمُتَرَدِّيَةُ وَالنَّطِيحَةُ وَمَا أَكَلَ السَّبُعُ إِلَّا مَا ذَكَّيْتُمْ وَمَا ذُبِحَ عَلَى النُّصُبِ وَأَنْ تَسْتَقْسِمُوا بِالْأَزْلَامِ ۚ ذَٰلِكُمْ فِسْقٌ ۗ الْيَوْمَ يَئِسَ الَّذِينَ كَفَرُوا مِنْ دِينِكُمْ فَلَا تَخْشَوْهُمْ وَاخْشَوْنِ ۚ الْيَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الْإِسْلَامَ دِينًا ۚ فَمَنِ اضْطُرَّ فِي مَخْمَصَةٍ غَيْرَ مُتَجَانِفٍ لِإِثْمٍ ۙ فَإِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
৫:৩
তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু, ডিঙি চেপি বধ কৰা জন্তু, প্ৰহাৰ কৰি বধ কৰা জন্তু, ওপৰৰ পৰা পৰি মৰা পশু, অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু হিংস্ৰ পশুৱে খোৱা জন্তু কিন্তু যিটো তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে, আৰু সেইটোও হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলী দিয়া হয়। তীৰ খেলৰ জুৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ কৰা হৈছে। এই সকলোবোৰ মহাপাপ। আজি কাফিৰসকল তোমালোকৰ বিৰুদ্ধাচৰণত হতাশ হৈছে, সেয়ে সিহঁতক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা। ✔️আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলো আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলো। এতেকে যিয়ে পাপ কৰ্মৰ ফালে ধাৱিত নহৈ কেৱল ভোকৰ তাড়নাত বাধ্য হৈ (ভক্ষণ কৰিলে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
ক্ৰমঃ৩📌
١١٥:٦
وَتَمَّتْ كَلِمَتُ رَبِّكَ صِدْقًا وَعَدْلًا ۚ لَا مُبَدِّلَ لِكَلِمَاتِهِ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ
৬:১১৫
সত্য আৰু ন্যায়ৰ ফালৰ পৰা তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ। তেওঁৰ বাক্যসমূহৰ পৰিবৰ্তনকাৰী কোনো নাই। তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
.
ক্ৰমঃ৪📌
١١٦:٦
وَإِنْ تُطِعْ أَكْثَرَ مَنْ فِي الْأَرْضِ يُضِلُّوكَ عَنْ سَبِيلِ اللَّهِ ۚ إِنْ يَتَّبِعُونَ إِلَّا الظَّنَّ وَإِنْ هُمْ إِلَّا يَخْرُصُونَ
৬:১১৬
আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা, তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। সিহঁতে কেৱল ধাৰণাৰ অনুসৰণ কৰে, আৰু কেৱল অনুমান ভিত্তিক কথা কয়।
.
ক্ৰমঃ৫📌
٥٠:٦
قُلْ لَا أَقُولُ لَكُمْ عِنْدِي خَزَائِنُ اللَّهِ وَلَا أَعْلَمُ الْغَيْبَ وَلَا أَقُولُ لَكُمْ إِنِّي مَلَكٌ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰ إِلَيَّ ۚ قُلْ هَلْ يَسْتَوِي الْأَعْمَىٰ وَالْبَصِيرُ ۚ أَفَلَا تَتَفَكَّرُونَ
৬:৫০
কোৱা, ‘মই তোমালোকক এইটো নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে, আৰু মই গায়েবও নাজানো আৰু তোমালোকক এইটোও নকওঁ যে, মই ফিৰিস্তা, ✔️মোৰ প্ৰতি যি অহীৰূপে প্ৰেৰণ কৰা হয়, মই কেৱল সেইটোকেই অনুসৰণ কৰো’। কোৱা, ‘অন্ধ আৰু দৃষ্টিবান ব্যক্তি উভয়ে সমান হ’ব পাৰেনে? তোমালোকে চিন্তা নকৰা নেকি’?
.
ক্ৰমঃ৬📌
٤٥:٢١
قُلْ إِنَّمَا أُنْذِرُكُمْ بِالْوَحْيِ ۚ وَلَا يَسْمَعُ الصُّمُّ الدُّعَاءَ إِذَا مَا يُنْذَرُونَ
২১:৪৫
কোৱা, ‘মই কেৱল অহীৰ দ্বাৰাহে তোমালোকক সতৰ্ক কৰো’; কিন্তু যিসকল বধিৰ সিহঁতক যেতিয়া সতৰ্ক কৰা হয় তেতিয়া সিহঁতে সেই আহ্বান নুশুনে।
.
ক্ৰমঃ৭📌
٧٩:٢
فَوَيْلٌ لِلَّذِينَ يَكْتُبُونَ الْكِتَابَ بِأَيْدِيهِمْ ثُمَّ يَقُولُونَ هَٰذَا مِنْ عِنْدِ اللَّهِ لِيَشْتَرُوا بِهِ ثَمَنًا قَلِيلًا ۖ فَوَيْلٌ لَهُمْ مِمَّا كَتَبَتْ أَيْدِيهِمْ وَوَيْلٌ لَهُمْ مِمَّا يَكْسِبُونَ
২:৭৯
এতেকে দুৰ্ভোগ সিহঁতৰ বাবে যিসকলে নিজ হাতে কিতাব ৰচনা কৰে তাৰ পিছত সামান্য মূল্য পোৱাৰ বাবে কয়, ‘এইটো আল্লাহৰ পৰা (অৱতীৰ্ণ)’। এতেকে সিহঁতৰ হাতে যি ৰচনা কৰিছে তাৰ বাবে সিহঁতৰ ধ্বংস আৰু সিহঁতে যি উপাৰ্জন কৰিছে তাৰ বাবে সিহঁতৰ ধ্বংস।
.
ক্ৰমঃ৮📌
١٥٩:٢
إِنَّ الَّذِينَ يَكْتُمُونَ مَا أَنْزَلْنَا مِنَ الْبَيِّنَاتِ وَالْهُدَىٰ مِنْ بَعْدِ مَا بَيَّنَّاهُ لِلنَّاسِ فِي الْكِتَابِ ۙ أُولَٰئِكَ يَلْعَنُهُمُ اللَّهُ وَيَلْعَنُهُمُ اللَّاعِنُونَ
২:১৫৯
নিশ্চয় যিসকলে সু-স্পষ্ট নিদৰ্শনসমূহ আৰু হিদায়ত গোপন কৰে যিটো আমি অৱতীৰ্ণ কৰিছো, মানুহৰ বাবে কিতাবত সেয়া স্পষ্টভাৱে ব্যক্ত কৰাৰ পিছত, সিহঁতক আল্লাহে অভিশাপ কৰে আৰু অভিশাপকাৰীসকলেও সিহঁতক অভিশাপ কৰে।
.
ক্ৰমঃ৯📌
٥١:٢٢
وَالَّذِينَ سَعَوْا فِي آيَاتِنَا مُعَاجِزِينَ أُولَٰئِكَ أَصْحَابُ الْجَحِيمِ
২২:৫১
আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰা চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী।
.
ক্ৰমঃ১০📌
٤٠:٤١
إِنَّ الَّذِينَ يُلْحِدُونَ فِي آيَاتِنَا لَا يَخْفَوْنَ عَلَيْنَا ۗ أَفَمَنْ يُلْقَىٰ فِي النَّارِ خَيْرٌ أَمْ مَنْ يَأْتِي آمِنًا يَوْمَ الْقِيَامَةِ ۚ اعْمَلُوا مَا شِئْتُمْ ۖ إِنَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ
৪১:৪০
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক বিকৃত কৰে, সিহঁত মোৰ অগোচৰত নহয়। (কোৱাচোন) ‘যিজন অগ্নিত নিক্ষিপ্ত হ’ব সি শ্ৰেষ্ঠ নে যিজন কিয়ামতৰ দিনা নিৰাপদে উপস্থিত হ’ব তেওঁ’? তোমালোকে যি ইচ্ছা আমল কৰা। তোমালোকে যি আমলকে নকৰা কিয়, নিশ্চয় তেওঁ তাৰ সম্যক দ্ৰষ্টা।
.
ক্ৰমঃ১১📌
٧٥:٢
۞ أَفَتَطْمَعُونَ أَنْ يُؤْمِنُوا لَكُمْ وَقَدْ كَانَ فَرِيقٌ مِنْهُمْ يَسْمَعُونَ كَلَامَ اللَّهِ ثُمَّ يُحَرِّفُونَهُ مِنْ بَعْدِ مَا عَقَلُوهُ وَهُمْ يَعْلَمُونَ
২:৭৫
তোমালোকে এই আশা কৰিছা নেকি যে, সিহঁতে তোমালোকৰ কথাত ঈমান আনিব? অথচ সিহঁতৰ এটা দলে আল্লাহৰ বাণী শ্ৰৱণ কৰে, তাৰ পিছত সিহঁতে সেইটো অনুধাৱন কৰাৰ পিছত জানি বুজি বিকৃত কৰে।
.
ক্ৰমঃ১২📌
١٧٠:٣٧
فَكَفَرُوا بِهِ ۖ فَسَوْفَ يَعْلَمُونَ
৩৭:১৭০
কিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব।
.
ক্ৰমঃ১৩📌
٩:٤٧
ذَٰلِكَ بِأَنَّهُمْ كَرِهُوا مَا أَنْزَلَ اللَّهُ فَأَحْبَطَ أَعْمَالَهُمْ
৪৭:৯
এইটো এই কাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া সিহঁতে অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে।
.
🌐সংক-সম্পা-অনুবাদ🌐চৈয়দৰফ🌐
.

Comments

Popular posts from this blog

Transcription Note of Quran 2:102:Sabbir Ahmed:

Do not Make Distinction Among God's Messengers

Why are there so many interpretations of Islam?by Rezaul Haque