59:09-refs-sam: It is they who are the successful here and hereafter

59:09-refs-sam:  It is they who are the successful here and hereafter-Cf. 2:5, 3:104, 7:8, 7:157, 9:88, 
23:102, 24:51, 30:38, 31:5, 59:9, 64:16.
.
২:৫
أُولَٰئِكَ عَلَىٰ هُدًى مِنْ رَبِّهِمْ ۖ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই সাফল্যমণ্ডিত ।
.
৩:১০৪
وَلْتَكُنْ مِنْكُمْ أُمَّةٌ يَدْعُونَ إِلَى الْخَيْرِ وَيَأْمُرُونَ بِالْمَعْرُوفِ وَيَنْهَوْنَ عَنِ الْمُنْكَرِ ۚ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল হোৱা উচিত, যিসকলে কল্যাণৰ ফালে আহ্বান কৰিব আৰু সৎকৰ্মৰ নিৰ্দেশ দিব আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিব; আৰু তেওঁলোকেই হ’ব সাফল্যমণ্ডিত।
.
৭:৮
وَالْوَزْنُ يَوْمَئِذٍ الْحَقُّ ۚ فَمَنْ ثَقُلَتْ مَوَازِينُهُ فَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
আৰু সেইদিনা পৰিমাপ হ’ব যথাযথ। এতেকে যিসকলৰ তুলাচনী গধুৰ হ’ব তেওঁলোকেই সফলতা অৰ্জন কৰিব।
.
৭:১৫৭
الَّذِينَ يَتَّبِعُونَ الرَّسُولَ النَّبِيَّ الْأُمِّيَّ الَّذِي يَجِدُونَهُ مَكْتُوبًا عِنْدَهُمْ فِي التَّوْرَاةِ وَالْإِنْجِيلِ يَأْمُرُهُمْ بِالْمَعْرُوفِ وَيَنْهَاهُمْ عَنِ الْمُنْكَرِ وَيُحِلُّ لَهُمُ الطَّيِّبَاتِ وَيُحَرِّمُ عَلَيْهِمُ الْخَبَائِثَ وَيَضَعُ عَنْهُمْ إِصْرَهُمْ وَالْأَغْلَالَ الَّتِي كَانَتْ عَلَيْهِمْ ۚ فَالَّذِينَ آمَنُوا بِهِ وَعَزَّرُوهُ وَنَصَرُوهُ وَاتَّبَعُوا النُّورَ الَّذِي أُنْزِلَ مَعَهُ ۙ أُولَٰئِكَ هُمُ الْمُفْلِحُونَ
যিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।
.
৯:৮৮
لَٰكِنِ الرَّسُولُ وَالَّذِينَ آمَنُوا مَعَهُ جَاهَدُوا بِأَمْوَالِهِمْ وَأَنْفُسِهِمْ ۚ وَأُولَٰئِكَ لَهُمُ الْخَيْرَاتُ ۖ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
কিন্তু ৰাছুল আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকে নিজ সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে; তেওঁলোকৰ বাবেই আছে যাৱতীয় কল্যাণ আৰু তেওঁলোকেই সাফল্যমণ্ডিত।
.
২৩:১০২
فَمَنْ ثَقُلَتْ مَوَازِينُهُ فَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
এতেকে যিসকলৰ তুলাচনী গধুৰ হ’ব তেওঁলোকেই হ’ব সফলকাম,
.
২৪:৫১✔️
إِنَّمَا كَانَ قَوْلَ الْمُؤْمِنِينَ إِذَا دُعُوا إِلَى اللَّهِ وَرَسُولِهِ لِيَحْكُمَ بَيْنَهُمْ أَنْ يَقُولُوا سَمِعْنَا وَأَطَعْنَا ۚ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
মুমিনসকলৰ উক্তি হৈছে এইটো— যেতিয়া তেওঁলোকৰ মাজত বিচাৰ-ফয়চালা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকে কয়, ‘আমি শুনিলো আৰু আনুগত্য কৰিলো’। তেওঁলোকেই সফলকাম।
.
৩০:৩৮
فَآتِ ذَا الْقُرْبَىٰ حَقَّهُ وَالْمِسْكِينَ وَابْنَ السَّبِيلِ ۚ ذَٰلِكَ خَيْرٌ لِلَّذِينَ يُرِيدُونَ وَجْهَ اللَّهِ ۖ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
এতেকে আত্মীয়-স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা লগতে মিছকীন আৰু মুছাফিৰসকলকো। যিসকলে আল্লাহৰ সন্তুষ্টি কামনা কৰে তেওঁলোকৰ বাবে এইটো অতি উত্তম আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।
.
৩১:৫
أُولَٰئِكَ عَلَىٰ هُدًى مِنْ رَبِّهِمْ ۖ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
তেওঁলোকেই নিজ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত আৰু তেওঁলোকেই সফলকাম।
.
৫৯:৯
وَالَّذِينَ تَبَوَّءُوا الدَّارَ وَالْإِيمَانَ مِنْ قَبْلِهِمْ يُحِبُّونَ مَنْ هَاجَرَ إِلَيْهِمْ وَلَا يَجِدُونَ فِي صُدُورِهِمْ حَاجَةً مِمَّا أُوتُوا وَيُؤْثِرُونَ عَلَىٰ أَنْفُسِهِمْ وَلَوْ كَانَ بِهِمْ خَصَاصَةٌ ۚ وَمَنْ يُوقَ شُحَّ نَفْسِهِ فَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
আৰু তেওঁলোকৰ বাবেও, যিসকলে মুহাজিৰসকলৰ আগমনৰ আগতে এই নগৰীক নিবাস হিচাপে গ্ৰহণ কৰিছে আৰু ঈমান আনিছে, তেওঁলোকে তেওঁলোকৰ ওচৰত হিজৰত কৰি অহা মানুহবিলাকক ভালপায় আৰু মুহাজিৰসকলক যি দিয়া হৈছে তাৰ বাবে তেওঁলোকে নিজ অন্তৰত কোনো হিংসা পোষণ নকৰে, আৰু তেওঁলোকে অভাৱ থকা সত্ত্বেও নিজৰ ওপৰত তেওঁলোকক অগ্ৰাধিকাৰ দিয়ে। প্ৰকৃততে যিসকলক অন্তৰৰ কৃপণতাৰ পৰা ৰক্ষা কৰা হৈছে, তেওঁলোকেই সাফল্যমণ্ডিত।
.
৬৪:১৬
فَاتَّقُوا اللَّهَ مَا اسْتَطَعْتُمْ وَاسْمَعُوا وَأَطِيعُوا وَأَنْفِقُوا خَيْرًا لِأَنْفُسِكُمْ ۗ وَمَنْ يُوقَ شُحَّ نَفْسِهِ فَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
এতেকে তোমালোকে যথাসাধ্য আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, শ্ৰৱণ কৰা, আনুগত্য কৰা আৰু তোমালোকৰ নিজৰ কল্যাণৰ বাবে ব্যয় কৰা; আৰু যিসকলৰ অন্তৰ কাৰ্পণ্যৰ পৰা ৰক্ষা কৰা হয়, সিহঁতেই সাফল্যমণ্ডিত।
.
arranged syedraf 

Comments

Popular posts from this blog

By sam(SJC)Shayṭān, Jinn, and Related Terms Considered: by Sam

About Quran by David Namuh

Special Note 2:79