১০৭-ছুৰা আল-মাঊনঃ
১০৭-ছুৰা আল-মাঊনঃ
এই চুৰাটোৱে সমাজ কল্যাণৰ সৈতে ঘনিষ্ঠভাৱে জড়িত সামূহিক ব্যৱস্থা হিচাপে শূন্য ব্যক্তিগত আচাৰ-ব্যৱহাৰৰ পৰা অতি স্পষ্টভাৱে তথাকথিত নামাজ/ছালাতক পৃথক কৰিছে।
⬇️
১০৭:১
أَرَأَيْتَ الَّذِي يُكَذِّبُ بِالدِّينِ
তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে?
.____________________________________________
১০৭:২
فَذَٰلِكَ الَّذِي يَدُعُّ الْيَتِيمَ
সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,
⬇️
(107:2 He is the one who repels the orphan, the widow, the helpless, the one in a lonely state-69:34(sa).
৬৯:৩৪
وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ
আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল।
.
২:৮৩
وَإِذْ أَخَذْنَا مِيثَاقَ بَنِي إِسْرَائِيلَ لَا تَعْبُدُونَ إِلَّا اللَّهَ وَبِالْوَالِدَيْنِ إِحْسَانًا وَذِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَقُولُوا لِلنَّاسِ حُسْنًا وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ ثُمَّ تَوَلَّيْتُمْ إِلَّا قَلِيلًا مِنْكُمْ وَأَنْتُمْ مُعْرِضُونَ
আৰু স্মৰণ কৰা, যেতিয়া আমি ইছৰাঈলৰ সন্তানসকলৰ প্ৰতিশ্ৰুতি লৈছিলো যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, পিতৃ-মাতৃ , আত্মীয়-স্বজন, এতীম আৰু মিছকীনৰ (দৰিদ্ৰৰ) সৈতে সদায় সদ্ব্যৱহাৰ কৰিবা আৰু মানুহৰ লগত উত্তম কথা কবা আৰু চালাত প্ৰতিষ্ঠা কৰিবা আৰু যাকাত প্ৰদান কৰিবা, তাৰ পিছত তোমালোকৰ কিছু সংখ্যক লোকৰ বাহিৰে সকলোৱে অৱজ্ঞা কৰি মুখ ঘূৰাই লৈছিল।)
.____________________________________________
১০৭:৩
وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ
আৰু সি দুখীয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
.____________________________________________
১০৭:৪
فَوَيْلٌ لِلْمُصَلِّينَ
এতেকে ধ্বংস সেইবিধ ছালাত আদায়কাৰীসকলৰ,
⬇️
২১:৭৩
وَجَعَلْنَاهُمْ أَئِمَّةً يَهْدُونَ بِأَمْرِنَا وَأَوْحَيْنَا إِلَيْهِمْ فِعْلَ الْخَيْرَاتِ وَإِقَامَ الصَّلَاةِ وَإِيتَاءَ الزَّكَاةِ ۖ وَكَانُوا لَنَا عَابِدِينَ
আৰু আমি তেওঁলোকক নেতৃত্ব দান কৰিছিলো, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল; আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ, চালাত কায়েম কৰিবলৈ আৰু যাকাত প্ৰদান কৰিবলৈ অহী প্ৰেৰণ কৰিছিলো; আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল।
{এই ছালাত প্ৰতিষ্ঠা কৰাৰ পদ্ধতি নবী ইব্ৰাহিমৰ-আ:ছা: দিনৰ পৰাই আছিল। ইয়াত আনুষ্ঠানিক(ritual) তথাকথিত হাদিসে আবিস্কাৰ কৰা মিৰাজত পোৱাৰ পাচ ৱক্ত আনুষ্ঠানিক নামাজ(ছালাতৰ) নহয়}
.____________________________________________
১০৭:৫
الَّذِينَ هُمْ عَنْ صَلَاتِهِمْ سَاهُونَ
যিসকলে নিজৰ ছালাতত অমনোযোগী,
.____________________________________________
১০৭:৬
الَّذِينَ هُمْ يُرَاءُونَ
যিসকলে আনক দেখুৱাবলৈহে কৰে,
⬇️
৯:৫৪
وَمَا مَنَعَهُمْ أَنْ تُقْبَلَ مِنْهُمْ نَفَقَاتُهُمْ إِلَّا أَنَّهُمْ كَفَرُوا بِاللَّهِ وَبِرَسُولِهِ وَلَا يَأْتُونَ الصَّلَاةَ إِلَّا وَهُمْ كُسَالَىٰ وَلَا يُنْفِقُونَ إِلَّا وَهُمْ كَارِهُونَ
আৰু সিহঁতৰ অৰ্থসাহায্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে এইকাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰিছে আৰু চালাতত উপস্থিত হয় কেৱল শৈথিল্যৰ সৈতে, আৰু অৰ্থসাহায্য কৰে কেৱল অনিচ্ছাকৃতভাৱে।
(refs: 2:8, 4:142, 107:5, 2:256)
২:৮
وَمِنَ النَّاسِ مَنْ يَقُولُ آمَنَّا بِاللَّهِ وَبِالْيَوْمِ الْآخِرِ وَمَا هُمْ بِمُؤْمِنِينَ
আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছো’, অথচ সিহঁত মুমিন নহয় ।
.
৪:১৪২
إِنَّ الْمُنَافِقِينَ يُخَادِعُونَ اللَّهَ وَهُوَ خَادِعُهُمْ وَإِذَا قَامُوا إِلَى الصَّلَاةِ قَامُوا كُسَالَىٰ يُرَاءُونَ النَّاسَ وَلَا يَذْكُرُونَ اللَّهَ إِلَّا قَلِيلًا
নিশ্চয় মুনাফিকসকলে আল্লাহৰ লগত প্ৰতাৰণা কৰে, প্ৰকৃততে তেৱেঁই সিহঁতক প্ৰতাৰিত কৰে, আৰু যেতিয়া সিহঁতে ছালাতত থিয়(২:৩) হয় তেতিয়া অলসতাভাৱে থিয় হয়, কেৱল লোকক দেখুৱাবলৈ। আল্লাহক সিহঁতে অতিকৈ কম স্মৰণ কৰে।
(They ignore the purpose of Salat, paying attention only to its formal aspect in order to be seen by others/তেওঁলোকে চালাতৰ উদ্দেশ্যক আওকাণ কৰে, আনৰ চকুত পৰাৰ বাবে কেৱল ইয়াৰ আনুষ্ঠানিক দিশটোৰ প্ৰতিহে গুৰুত্ব দিয়ে)
.____________________________________________
১০৭:৭
وَيَمْنَعُونَ الْمَاعُونَ
আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।
.____________________________________________
syedraf
Comments
Post a Comment