শেষ বিচাৰৰ দিনা ৰছুলে তেওঁৰ উম্মাহৰ বাবে চুপাৰিছ কৰাটো দৌৰৰেই কথা, ওলোটাই কোৰআন পৰিত্যাগ কৰিছে বুলি অভিযোগহে কৰিবঃ২৫:৩০
শেষ বিচাৰৰ দিনা ৰছুলে তেওঁৰ উম্মাহৰ বাবে চুপাৰিছ কৰাটো দৌৰৰেই কথা, ওলোটাই কোৰআন পৰিত্যাগ কৰিছে বুলি অভিযোগহে কৰিবঃ২৫:৩০
⬇️
২৫:৩০
وَقَالَ الرَّسُولُ يَا رَبِّ إِنَّ قَوْمِي اتَّخَذُوا هَٰذَا الْقُرْآنَ مَهْجُورًا
আৰু ৰাছুলে ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে’।
⬇️______________
🔴কমপ্লেইন কৰাৰ কাৰণঃতেওঁলোকে....
✔️কোৰআন বিশ্বাস কৰা নাছিল:
২৫:৩২
وَقَالَ الَّذِينَ كَفَرُوا لَوْلَا نُزِّلَ عَلَيْهِ الْقُرْآنُ جُمْلَةً وَاحِدَةً ۚ كَذَٰلِكَ لِنُثَبِّتَ بِهِ فُؤَادَكَ ۖ وَرَتَّلْنَاهُ تَرْتِيلًا
আৰু কাফিৰসকলে কয়, ‘সম্পূৰ্ণ কোৰআনখন তেওঁৰ ওচৰত একেলগে অৱতীৰ্ণ কৰা নহ’ল কিয়’? এইদৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰো সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছো।
.
✔️শ্বিৰ্ক কৰিছিল:
৬:১৯
قُلْ أَيُّ شَيْءٍ أَكْبَرُ شَهَادَةً ۖ قُلِ اللَّهُ ۖ شَهِيدٌ بَيْنِي وَبَيْنَكُمْ ۚ وَأُوحِيَ إِلَيَّ هَٰذَا الْقُرْآنُ لِأُنْذِرَكُمْ بِهِ وَمَنْ بَلَغَ ۚ أَئِنَّكُمْ لَتَشْهَدُونَ أَنَّ مَعَ اللَّهِ آلِهَةً أُخْرَىٰ ۚ قُلْ لَا أَشْهَدُ ۚ قُلْ إِنَّمَا هُوَ إِلَٰهٌ وَاحِدٌ وَإِنَّنِي بَرِيءٌ مِمَّا تُشْرِكُونَ
কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? কোৱা, ‘আল্লাহ, মোৰ আৰু তোমালোকৰ মাজত সাক্ষ্যদাতা, আৰু এই কোৰআন মোৰ ওচৰত অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰো। তোমালোকে এই সাক্ষী বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ পৰা মই নিশ্চয় বিমুক্ত’।
.
১২:১০৬
وَمَا يُؤْمِنُ أَكْثَرُهُمْ بِاللَّهِ إِلَّا وَهُمْ مُشْرِكُونَ
সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।
.
✔️আল্লাহক ভয় নকৰে:
১০:৩১
قُلْ مَنْ يَرْزُقُكُمْ مِنَ السَّمَاءِ وَالْأَرْضِ أَمَّنْ يَمْلِكُ السَّمْعَ وَالْأَبْصَارَ وَمَنْ يُخْرِجُ الْحَيَّ مِنَ الْمَيِّتِ وَيُخْرِجُ الْمَيِّتَ مِنَ الْحَيِّ وَمَنْ يُدَبِّرُ الْأَمْرَ ۚ فَسَيَقُولُونَ اللَّهُ ۚ فَقُلْ أَفَلَا تَتَّقُونَ
কোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায় আৰু সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
⬇️________________
🔴কোৰআনৰ উৎকৃষ্ট হাদিস(৩৯:২৩) থাকোতেও কোৰআনৰ বিকল্প হিচাপে লাহুৱাল হাদিসত(৩১:৬) গুৰুত্ব দিছিল:
১৭:৭৩
وَإِنْ كَادُوا لَيَفْتِنُونَكَ عَنِ الَّذِي أَوْحَيْنَا إِلَيْكَ لِتَفْتَرِيَ عَلَيْنَا غَيْرَهُ ۖ وَإِذًا لَاتَّخَذُوكَ خَلِيلًا
আৰু আমি তোমাৰ প্ৰতি যি অহী কৰিছো তাৰ পৰা সিহঁতে তোমাক পদস্খলন ঘটোৱাৰ চেষ্টা প্ৰায় চুড়ান্ত কৰিছিল, যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটনা কৰিব পাৰা; আৰু তেতিয়া নিঃসন্দেহে সিহঁতে তোমাক বন্ধৰূপে গ্ৰহণ কৰিলেহেঁতেন।
⬇️
✔️ ইমাম আৰু ইমামৰ নামত লিখা কিতাব বা কিতাপবোৰ নিজৰ নিজৰ মতামতেৰে ভৰপূৰ। গতিকে যিসকলে মাজহাব অনুসৰণ কৰে, তেওঁলোকে উক্ত কিতাপ বা কিতাপ পঢ়াত ব্যস্ত থাকে। কোৰআন পঢ়িবলৈ কোৱাটো বিৰক্তিকৰ।
✔️চালাফী বা আহলে হাদীছৰ দ্বাৰা লিখা কিতাপ বা কিতাপ ৰাছুলৰ নামত উল্লেখ কৰা হাদীছৰে ভৰি থাকে। তেওঁলোকৰ অনুগামীসকল উক্ত কিতাপ বা কিতাপ পঢ়াত ব্যস্ত। কোৰআন পঢ়িবলৈ কোৱাটো বিৰক্তিকৰ।
✔️তাৰিকাহ পন্থী বা পীৰ পন্থীৰ কিতাপবোৰ ৰচনাৰে ভৰা। মুৰিদ বা ভক্তসকল উক্ত গ্ৰন্থ বা কিতাপ পঢ়াত ব্যস্ত। কোৰআন পঢ়িবলৈ কোৱাটো বিৰক্তিকৰ।
✔️গতানুগতিক তবলিগ জামাত কিতাব বা ইলিয়াছ চাহাবে লিখা কিতাপ পঢ়াত ব্যস্ত। কোৰআন পঢ়িবলৈ কোৱাটো বিৰক্তিকৰ।
.______________
🔴আল-কোৰআনৰ নিয়মৰ পৰা আঁতৰি থকাৰ পৰিণতি:
২০:১২৪-১২৭
وَمَنْ أَعْرَضَ عَنْ ذِكْرِي فَإِنَّ لَهُ مَعِيشَةً ضَنْكًا وَنَحْشُرُهُ يَوْمَ الْقِيَامَةِ أَعْمَىٰ
‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ হৈ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।
২০:১২৫
قَالَ رَبِّ لِمَ حَشَرْتَنِي أَعْمَىٰ وَقَدْ كُنْتُ بَصِيرًا
সি ক’ব, ‘হে মোৰ ৰব! কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা? অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলো’।
২০:১২৬
قَالَ كَذَٰلِكَ أَتَتْكَ آيَاتُنَا فَنَسِيتَهَا ۖ وَكَذَٰلِكَ الْيَوْمَ تُنْسَىٰ
তেওঁ ক’ব, ‘এইদৰেই তোমাৰ ওচৰত আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি সেয়া এৰি দিছিলা ঠিক সেইদৰে আজি তোমাকো (জাহান্নামত) এৰি দিয়া হ’ব’।
২০:১২৭
وَكَذَٰلِكَ نَجْزِي مَنْ أَسْرَفَ وَلَمْ يُؤْمِنْ بِآيَاتِ رَبِّهِ ۚ وَلَعَذَابُ الْآخِرَةِ أَشَدُّ وَأَبْقَىٰ
আৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিয়ে সীমালঙ্ঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলী বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু কঠোৰ লগতে অধিক স্থায়ী।
.
🔵আজিৰ সমাজত পৰ্যবেক্ষণ কৰিলেও দেখা যায় যে যিসকলে নিজকে মুছলিম বুলি দাবী কৰে, তেতিয়া তেওঁলোকক কেৱল কোৰআন মানি চলিবলৈ ক’লে তেওঁলোকে কিছুমান মানৱসৃষ্ট কিতাপৰ কথা কয়, অস্বীকাৰ কৰিলে আপোনাক কাফিৰ বুলি কয়:
২৭:৮৩-৮৪
وَيَوْمَ نَحْشُرُ مِنْ كُلِّ أُمَّةٍ فَوْجًا مِمَّنْ يُكَذِّبُ بِآيَاتِنَا فَهُمْ يُوزَعُونَ
আৰু স্মৰণ কৰা সেই দিনটোৰ কথা, যিদিনা আমি সমবেত কৰিম প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একো একোটা দল, যিসকলে আমাৰ নিদৰ্শনাৱলী প্ৰত্যাখ্যান কৰিছিল, তাৰ পিছত সিহঁতক শাৰীবদ্ধভাৱে একত্ৰিত কৰা হ'ব।
২৭:৮৪
حَتَّىٰ إِذَا جَاءُوا قَالَ أَكَذَّبْتُمْ بِآيَاتِي وَلَمْ تُحِيطُوا بِهَا عِلْمًا أَمَّاذَا كُنْتُمْ تَعْمَلُونَ
অৱশেষত যেতিয়া সিহঁত আহি যাব, তেতিয়া আল্লাহে সিহঁতক ক’ব, ‘তোমালোকে মোৰ আয়াতসমূহক অস্বীকাৰ কৰিছিলা, অথচ সেই বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাছিল, নে তোমালোকে আৰু কিবা কৰিছিলা?
(২:৮৭)(৬:৩৪-৫৭)(২২:৪২)(২৬:১০৫+১২৩+১৪১+১৬০)(৩৫:৪)(৩৮:৪+১২)(৩৯:৫৯)(৪০:৫) (৫:১২)(৫৪:৯+১৮+২৩+৩৩)(৬৯:৪)
_________________
🔵কাফিৰবোৰে কাক পাগল বুলি কৈছিল চাওঁ আহক।
১৫:৬
وَقَالُوا يَا أَيُّهَا الَّذِي نُزِّلَ عَلَيْهِ الذِّكْرُ إِنَّكَ لَمَجْنُونٌ
আৰু সিহঁতে কয়, ‘হেৰা মানুহজন! যাৰ প্ৰতি যিকিৰ অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি এজন উন্মাদ’।
.
২৬:২৭
قَالَ إِنَّ رَسُولَكُمُ الَّذِي أُرْسِلَ إِلَيْكُمْ لَمَجْنُونٌ
ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’।
.
৩৫:৩৬
وَالَّذِينَ كَفَرُوا لَهُمْ نَارُ جَهَنَّمَ لَا يُقْضَىٰ عَلَيْهِمْ فَيَمُوتُوا وَلَا يُخَفَّفُ عَنْهُمْ مِنْ عَذَابِهَا ۚ كَذَٰلِكَ نَجْزِي كُلَّ كَفُورٍ
আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ জুই। সিহঁতৰ প্ৰতি এনে কোনো ফয়চালা দিয়া নহ’ব যে, সিহঁতে মৃত্যু বৰণ কৰিব, আৰু সিহঁতৰ পৰা জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এইদৰেই আমি প্ৰত্যেক অকৃতজ্ঞক শাস্তি দিওঁ।
.
৪৪:১৪
ثُمَّ تَوَلَّوْا عَنْهُ وَقَالُوا مُعَلَّمٌ مَجْنُونٌ
তাৰ পিছত সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন শিক্ষাপ্ৰাপ্ত উন্মাদ’।
.
৫১:৩৯
فَتَوَلَّىٰ بِرُكْنِهِ وَقَالَ سَاحِرٌ أَوْ مَجْنُونٌ
কিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই ল’লে আৰু ক’লে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।
⬇️⬇️
🔵 উক্ত কথাৰ উত্তৰত আল্লাহ ৰিব্বুল আলামীনে কি ক'লে:
২:২৩
وَإِنْ كُنْتُمْ فِي رَيْبٍ مِمَّا نَزَّلْنَا عَلَىٰ عَبْدِنَا فَأْتُوا بِسُورَةٍ مِنْ مِثْلِهِ وَادْعُوا شُهَدَاءَكُمْ مِنْ دُونِ اللَّهِ إِنْ كُنْتُمْ صَادِقِينَ
আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছো তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা যদিহে তোমালোকে সত্যবাদী হোৱা।
.
১৬:৩৫
وَقَالَ الَّذِينَ أَشْرَكُوا لَوْ شَاءَ اللَّهُ مَا عَبَدْنَا مِنْ دُونِهِ مِنْ شَيْءٍ نَحْنُ وَلَا آبَاؤُنَا وَلَا حَرَّمْنَا مِنْ دُونِهِ مِنْ شَيْءٍ ۚ كَذَٰلِكَ فَعَلَ الَّذِينَ مِنْ قَبْلِهِمْ ۚ فَهَلْ عَلَى الرُّسُلِ إِلَّا الْبَلَاغُ الْمُبِينُ
আৰু যিসকলে শ্বিৰ্ক কৰিছে সিহঁতে কয়, ‘আল্লাহে ইচ্ছা কৰিলে আমি আৰু আমাৰ পিতৃ-পুৰুষসকলে তেওঁৰ বাহিৰে আনৰ ইবাদত নকৰিলোহেঁতেন, আৰু তেওঁৰ বিপৰীতে আমি কোনো বস্তু হাৰামো নকৰিলোহেঁতেন’। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। এতেকে ৰাছুলসকলৰ কৰ্তব্য কেৱল সুস্পষ্ট বাণী পৌঁছাই দিয়া নহয় জানো?
.___________
🔵_ চাওঁ আহক, কাফিৰ-মুশ্বৰিকসকলৰ মিছা নিন্দা কৰাৰ পিছত আল্লাহে তেওঁৰ ৰাছুলসকলক কি সান্ত্বনা দিলে:
৬:৩৩-৩৪
قَدْ نَعْلَمُ إِنَّهُ لَيَحْزُنُكَ الَّذِي يَقُولُونَ ۖ فَإِنَّهُمْ لَا يُكَذِّبُونَكَ وَلَٰكِنَّ الظَّالِمِينَ بِآيَاتِ اللَّهِ يَجْحَدُونَ
আমি নিশ্চয় জানো যে, সিহঁতে যি কয় সেইটোৱে তোমাক কষ্ট দিয়ে; কিন্তু সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ নকৰে, বৰং যালিমসকলে আল্লাহৰ আয়াতসমূহকহে অস্বীকাৰ কৰে।
৬:৩৪
وَلَقَدْ كُذِّبَتْ رُسُلٌ مِنْ قَبْلِكَ فَصَبَرُوا عَلَىٰ مَا كُذِّبُوا وَأُوذُوا حَتَّىٰ أَتَاهُمْ نَصْرُنَا ۚ وَلَا مُبَدِّلَ لِكَلِمَاتِ اللَّهِ ۚ وَلَقَدْ جَاءَكَ مِنْ نَبَإِ الْمُرْسَلِينَ
আৰু তোমাৰ পূৰ্বেও বহুতো ৰাছুলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল, কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰা আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল, অৱশেষত তেওঁলোকৰ ওচৰত আমাৰ সহায় আহিছে। আৰু আল্লাহৰ বাণীসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই। নিশ্চয় ৰাছুলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকেও আহিছে।
.
৪০:৪
مَا يُجَادِلُ فِي آيَاتِ اللَّهِ إِلَّا الَّذِينَ كَفَرُوا فَلَا يَغْرُرْكَ تَقَلُّبُهُمْ فِي الْبِلَادِ
আল্লাহৰ আয়াতসমূহত বিতৰ্ক কেৱল সিহঁতেই কৰে যিসকলে কুফৰী কৰিছে; এতেকে দেশ বিদেশত সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।
.
৫২:২৯
فَذَكِّرْ فَمَا أَنْتَ بِنِعْمَتِ رَبِّكَ بِكَاهِنٍ وَلَا مَجْنُونٍ
এতেকে তুমি উপদেশ দি থাকা, কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো নহয় আৰু উন্মাদো নহয়।
.
৬৮:২-৮
তোমাৰ প্ৰভুৰ কৃপাত তুমি উন্মাদ নহয়।নিশ্চয় তোমাৰ বাবে অন্তহীন পুৰস্কাৰ আছে। নিশ্চয় আপুনি মহান চৰিত্ৰৰ পথত উন্নীত হৈছে। অতি সোনকালে আপুনি দেখিব আৰু তেওঁলোকেও দেখিব। তোমালোকৰ কোনজন পাগল? আপোনাৰ প্ৰভুৱে তেওঁৰ পথৰ পৰা কোনে বিপথে পৰিচালিত হৈছে, তেওঁলোকে ভালদৰে জানে, আৰু যিসকলক পথ প্ৰদৰ্শন কৰা হৈছে, তেওঁলোকক তেওঁ ভালদৰে জানে। গতিকে মিছলীয়াৰ কথা নুশুনিব।
.
৮১:২২
وَمَا صَاحِبُكُمْ بِمَجْنُونٍ
আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়,
.
৩৮:১৭
اصْبِرْ عَلَىٰ مَا يَقُولُونَ وَاذْكُرْ عَبْدَنَا دَاوُودَ ذَا الْأَيْدِ ۖ إِنَّهُ أَوَّابٌ
সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু স্মৰণ কৰা আমাৰ শক্তিশালী বান্দা দাউদৰ কথা, নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী (তাওবাকাৰী)।
.
৩:১৩৯
وَلَا تَهِنُوا وَلَا تَحْزَنُوا وَأَنْتُمُ الْأَعْلَوْنَ إِنْ كُنْتُمْ مُؤْمِنِينَ
তোমালোক দুৰ্বল নহ'বা আৰু চিন্তিতও নহ'বা; তোমালোকেই বিজয়ী যদি তোমালোক মুমিন হোৱা।
.
১৫:৯৯
وَاعْبُدْ رَبَّكَ حَتَّىٰ يَأْتِيَكَ الْيَقِينُ
আৰু তোমাৰ মৃত্যু নহালৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।
_____________
🟢আল্লাহে মুছলমান অৰ্থাৎ কিতাবৰ লোকসকলক কি কৈছে চাওঁ আহকঃ
৫:৭৭
قُلْ يَا أَهْلَ الْكِتَابِ لَا تَغْلُوا فِي دِينِكُمْ غَيْرَ الْحَقِّ وَلَا تَتَّبِعُوا أَهْوَاءَ قَوْمٍ قَدْ ضَلُّوا مِنْ قَبْلُ وَأَضَلُّوا كَثِيرًا وَضَلُّوا عَنْ سَوَاءِ السَّبِيلِ
কোৱা, ‘হে কিতাবীসকল! তোমালোকে সত্যৰ বাহিৰে নিজ দ্বীনৰ বিষয়ে সীমালংঘন নকৰিবা আৰু ইয়াৰ পূৰ্বে যিবোৰ সম্প্ৰদায় পথভ্ৰষ্ট হৈছে আৰু বহুতকে পথভ্ৰষ্ট কৰিছে লগতে সৰল পথৰ পৰা বিচ্যুত হৈছে সিহঁতৰ অনুসৰণ নকৰিবা’।
.
২:২৫৬
لَا إِكْرَاهَ فِي الدِّينِ ۖ قَدْ تَبَيَّنَ الرُّشْدُ مِنَ الْغَيِّ ۚ فَمَنْ يَكْفُرْ بِالطَّاغُوتِ وَيُؤْمِنْ بِاللَّهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقَىٰ لَا انْفِصَامَ لَهَا ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব সি এনেকুৱা এডাল ৰছীত খামুচি ধৰিলে যিডাল কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
.
১০:১০৪-১০৫
قُلْ يَا أَيُّهَا النَّاسُ إِنْ كُنْتُمْ فِي شَكٍّ مِنْ دِينِي فَلَا أَعْبُدُ الَّذِينَ تَعْبُدُونَ مِنْ دُونِ اللَّهِ وَلَٰكِنْ أَعْبُدُ اللَّهَ الَّذِي يَتَوَفَّاكُمْ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ الْمُؤْمِنِينَ
কোৱা, ‘হে মানৱ! তোমালোকে যদি মোৰ দ্বীন সম্পৰ্কে সন্দেহ পোষণ কৰা তেন্তে জানি থোৱা! তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ ইবাদত কৰা মই সিহঁতৰ ইবাদত নকৰো। বৰং মই ইবাদত কৰো আল্লাহৰ যিজনে তোমালোকক মৃত্যু প্ৰদান কৰে আৰু মই আদিষ্ট হৈছো যে মই যাতে মুমিনসকলৰ অন্তৰ্ভুক্ত হওঁ’।
১০:১০৫
وَأَنْ أَقِمْ وَجْهَكَ لِلدِّينِ حَنِيفًا وَلَا تَكُونَنَّ مِنَ الْمُشْرِكِينَ
আৰু (এই নিৰ্দেশ) যে, তুমি একনিষ্ঠভাৱে নিজকে দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত ৰাখা আৰু কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।
.
১১:২
أَلَّا تَعْبُدُوا إِلَّا اللَّهَ ۚ إِنَّنِي لَكُمْ مِنْهُ نَذِيرٌ وَبَشِيرٌ
যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তেওঁৰ তৰফৰ পৰা তোমালোকৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতা।
.
১১:২৬
أَنْ لَا تَعْبُدُوا إِلَّا اللَّهَ ۖ إِنِّي أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ أَلِيمٍ
যাতে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰা, নিশ্চয় মই তোমালোকৰ বাবে এটা যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰিছো।
.
৯:৩২
يُرِيدُونَ أَنْ يُطْفِئُوا نُورَ اللَّهِ بِأَفْوَاهِهِمْ وَيَأْبَى اللَّهُ إِلَّا أَنْ يُتِمَّ نُورَهُ وَلَوْ كَرِهَ الْكَافِرُونَ
সিহঁতে নিজৰ মুখেৰে ফুঁ মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে। কিন্তু আল্লাহে তেওঁৰ নূৰ পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে। যদিও সেয়া কাফিৰসকলে অপছন্দ নকৰক কিয়।
.
৯:১২৫
وَأَمَّا الَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ فَزَادَتْهُمْ رِجْسًا إِلَىٰ رِجْسِهِمْ وَمَاتُوا وَهُمْ كَافِرُونَ
আৰু যিসকলৰ অন্তৰত ব্যাধি আছে, এইটো সিহঁতৰ কলুষৰ লগত আৰু কলুষযুক্ত কৰে; আৰু সিহঁতৰ মৃত্যু ঘটে কাফিৰ অৱস্থাত।
.
২৭:৮৪
حَتَّىٰ إِذَا جَاءُوا قَالَ أَكَذَّبْتُمْ بِآيَاتِي وَلَمْ تُحِيطُوا بِهَا عِلْمًا أَمَّاذَا كُنْتُمْ تَعْمَلُونَ
অৱশেষত যেতিয়া সিহঁত আহি যাব, তেতিয়া আল্লাহে সিহঁতক ক’ব, ‘তোমালোকে মোৰ আয়াতসমূহক অস্বীকাৰ কৰিছিলা, অথচ সেই বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাছিল, নে তোমালোকে আৰু কিবা কৰিছিলা?
.
১৭:৫৪
رَبُّكُمْ أَعْلَمُ بِكُمْ ۖ إِنْ يَشَأْ يَرْحَمْكُمْ أَوْ إِنْ يَشَأْ يُعَذِّبْكُمْ ۚ وَمَا أَرْسَلْنَاكَ عَلَيْهِمْ وَكِيلًا
তোমালোকৰ প্ৰতিপালক তোমালোকৰ বিষয়ে অধিক অৱগত। তেওঁ ইচ্ছা কৰিলে তোমালোকৰ প্ৰতি দয়া কৰিব অথবা ইচ্ছা কৰিলে তোমালোকক শাস্তি দিব, (আৰু হে নবী!) আমি তোমাক সিহঁতৰ কৰ্মবিধায়ক কৰি পঠোৱা নাই।
.
৩:১২৬
وَمَا جَعَلَهُ اللَّهُ إِلَّا بُشْرَىٰ لَكُمْ وَلِتَطْمَئِنَّ قُلُوبُكُمْ بِهِ ۗ وَمَا النَّصْرُ إِلَّا مِنْ عِنْدِ اللَّهِ الْعَزِيزِ الْحَكِيمِ
আৰু আল্লাহে তোমালোকৰ বাবে এয়া কেৱল সুসংবাদ আৰু তোমালোকৰ আত্মিক প্ৰশান্তিৰ বাবে কৰিছে; আৰু সহায় কেৱল পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা আহে।
.
১৯:৩৬
وَإِنَّ اللَّهَ رَبِّي وَرَبُّكُمْ فَاعْبُدُوهُ ۚ هَٰذَا صِرَاطٌ مُسْتَقِيمٌ
নিশ্চয় আল্লাহেই মোৰ ৰব্ব আৰু তোমালোকৰো ৰব্ব; সেয়ে তোমালোকে তেওঁৰ ইবাদত কৰা, এইটোৱেই সৰল পথ।
.
৩:৫৪
وَمَكَرُوا وَمَكَرَ اللَّهُ ۖ وَاللَّهُ خَيْرُ الْمَاكِرِينَ
আৰু সিহঁতে কুট-কৌশল কৰিছিল আৰু আল্লাহেও কৌশল কৰিছিল; আৰু আল্লাহ উত্তম কৌশলকাৰী।
._______________
syedraf
Comments
Post a Comment